সন্তান-সন্ততিৰে সৈতে একেলগে ঘৰত এজন মুৰব্বীৰ অধীনত একেলগে বসবাস কৰা লোকসকলক পৰিয়াল বুলি কোৱা হয়।একেটা পৰিয়ালৰ আটাইকেইজন লোকৰে যদি উমৈহতীয়া লক্ষ্য় আৰু উদ্দেশ্য় থাকে তেন্তে সেই পৰিয়ালে উন্নয়নৰ জখলাত আৰোহণ কৰি সুখ আৰু শান্তিৰে জীৱন অতিবাহিত কৰিব পাৰে। মানুহৰ ক্ষন্তেকীয়া জীৱনত সুখ-শান্তি অতি প্ৰয়োজনীয়। ইহকালত যিমানে আল্লাহৰ আদেশ আৰু জনাব নবী (ছাঃ)ৰ নুৰানী পাকিজা তাৰিকামতে জীৱন পৰিচালনা কৰিব পাৰিব,তেওঁলোকেই জীৱদ্দশাত সুখ-শান্তি পাব আৰু আখিৰাতৰ অশেষ জিন্দেগীত আল্লাহৰ ফালৰ পৰা চিৰদিন শান্তিত থাকিব। ইয়াৰ পৰা প্ৰয়োজন কেৱল এটি সুস্থ, সবল, আদৰ্শ পৰিয়ালৰ।
মুছলমানৰ পৰিয়াল এটি আদৰ্শ পৰিয়াল হবলৈ পৰিয়ালৰ আটাইয়ে আল্লাহৰ প্ৰছত্ত পবিত্ৰ দ্বীনে ইছলামৰ ওপৰত অটুট থাকিব লাগিব। কিয়নো দয়াময় প্ৰভু আল্লাহ তাবাৰাক তাঅলাই আমাক এই দুনিয়াৰ বুকুত অকল তেওঁৰ বাবেই জীয়াই থাকিবলৈ আদেশ দিছে। আল্লাহৰ উদ্দেশ্য় আৰু আল্লাহৰ বৰত্বক সাৰোগত কৰি জীৱন পৰিচালনা কৰিলে সেই জীৱন সুখ আৰু আনন্দৰ হয়। আনহাতে, মহান আল্লাহ তাবাৰাক তাআলাৰ আদেশ আৰু নিষেধক অৱজ্ঞা কৰিলে জীৱন ধাৰণ অশান্তি আৰু দুখ কষ্টৰ হয়। আৰু এই জীৱনৰ কোনো অৰ্থ নাথাকে। মহান আল্লাহ তাবাৰাক তাআলাই পবিত্ৰ কোৰআন শ্বৰিফত কৈছে- মই জ্বিন আৰু ইনছানক একমাত্ৰ মোৰ ইবাদতৰ মোৰ ইবাদতৰ বাবেহে সৃষ্টি কৰিছো। আল্লাহৰ ইবাদত বন্দেগীৰ বাহিৰে জীৱন পৰিচালনা কৰা আল্লাহৰ বিধানৰ পৰিপন্থী। সেইবাবে পৰিয়াল গঠনৰ প্ৰাথমিক স্তৰতে আমি দকৈ ভাবি চাব লাগিব যে আমাৰ প্ৰত্য়েকৰ যিজন জীৱন সঙ্গীৰা। সঙ্গীনী হব সেইজন প্ৰকৃততে মুছলমান হয়নে নহয় । কাৰণ ইংৰাজীত এষাৰ কথা আছে যে, A soul mate is a goal mate. অৰ্থাত আত্মাৰ সঙ্গীয়েই জীৱন লক্ষ্য়ৰ সঙ্গী । জীৱনৰ ওপৰতে নিৰ্ভৰ কৰিব বিভিন্ন লক্ষ্য়ত বিভাজিত পৰিয়াল এটাই কেতিয়াও লগলাগি সুস্থ সবল আৰু শান্তিপ্ৰিয় হৈ থাকিব নোৱাৰে। সেইবাবেই ইছলাম ধৰ্মই মূৰ্ত্তি পুজাক আৰু নাস্তিকৰ সৈতে নিকহৈ নিষিদ্ধ কৰিছে। মহান আল্লাহ তাবাৰাক তাআলাই পবিত্ৰ কোৰআন শ্বৰিফত অকল বিশ্বাসী মুছলমানৰ সৈতে নিকাহ জায়েজ কৰি দিছে যদিও তেওঁলোক দাসী (slave) হয়। কোৰআন শ্বৰিফত আল্লাহ পাকে দুগৰাকী গয়ৰ ঈমান ৱালী অৰ্থাত অধিবাসী তিৰোতা আৰু এগৰাকী ঈমান ৱালী মহিলাৰ কথা উল্লেখ কৰিছে। এই দুগৰাকী অবিশ্বাসী তিৰোতা হল যথাক্ৰমে নুহ (আঃ) আৰু লুত (আঃ)ৰ বিবি। নুহ(আঃ) আৰু লুত (আঃ)এ কেতিয়াও এই অবিশ্বাসী স্ত্ৰীৰ সৈতে শান্তিত জীৱন যাপন কৰিব নোৱাৰিছিল । কিয়নো তেওঁলোক আল্লাহ পাকৰ অবাধ্য় আছিল। সেয়েহে তেওঁলোকে নিজৰ নিজৰ স্বামীৰ অবাধ্য় আছিল। অবাধ্য় আৰু গয়ৰ ঈমান ৱালী তিৰোতাৰ সৈতে কেতিয়াও এটি আদৰ্শ পৰিয়াল গঠিত হব নোৱাৰে। কাৰণ তেওঁলোকৰ লক্ষ্য় আৰু গন্তব্য়স্থান বেলেগ বেলেগ। আনহাতে, আনগৰাকী ঈমানদাৰ মহিলা হজৰত আছিয়া (ৰাঃ) আছিল। তেওঁৰ স্বামী ফেৰাউন নাস্তিক আৰু দেশদ্ৰোহী আছিল। যাৰ বাবে ফিৰআউনে আছিয়া(ৰাঃ)ক অশেষ দুখ-কষ্ট দি জীৱনৰ সুখ-শান্তি নোহোৱা কৰি দিছিল। এই দুখ কষ্টৰ মূলতে আছিল ফেৰাউনৰ খোদাদ্ৰোহীতা। সেয়েহে আদৰ্শ পৰিয়ালৰ প্ৰথম চৰ্ত হল যে মুছলমানে মুছলমানৰ সৈতেহে বিবাহ পাশত আবদ্ধ হব লাগে যাৰ দ্বাৰা পৰবৰ্ত্তী পৰ্যায়ত পৰিয়াল সমূহৰ মাজত ইছলামৰ ধাৰা অক্ষুন্ন ৰখাই হৈছে উত্তম কাম। মুছলমান পৰিয়ালত জন্ম গ্ৰহণ কৰা লৰা-ছোৱালীবোৰ ইছলামৰ ওপৰত দায়িম আৰু কায়িম থকাত সাধাৰণতে কোনো অসুবিধাৰ সৃষ্টি নহয়। কিন্তু ইমানৱালা আৰু গায়ৰ ঈমান ৱালাৰ মাজত নিকাহৰ বান্ধোন ঘটিলে লৰা-ছোৱালীবোৰ বিমাৰত পৰে আৰু পিছলৈ সন্দেহ বাদী অথবা অবিশ্বাসীৰ শাৰীলৈ অৱনমিত নহয়।
পবিত্ৰ কোৰআন শ্বৰিফৰ আয়াতৰ ভাবাৰ্থ আছে যে তোমালোকৰ কোনোবাই যদি স্বাধীনভাবে বিশ্বসী মহিলাক নিকাহ কৰিব নোৱাৰা তেন্তে তোমালোকৰ সোঁহাতত থকা বিশ্বসী দাসীসকলক নিকাহ কৰি লোৱা। আল্লাহই তোমাৰ বিশ্বাসৰ ওপৰত সৰ্বজ্ঞ। বিশ্বীসীসকল পৰস্পৰ আৰু সেয়েহে তেওঁলোকৰ মানুহৰ অনুমতি সাপেক্ষে তেওঁলোকক মহৰ আদায় দিয়া। মুছলমান তিৰোতাই অমুছলমানক নিকাহ কৰাটো কঠোৰ ভাবে নিষিদ্ধ।
আল্লাহই কৈছে, পাপী তিৰোতা, পাপী পুৰুষৰ বাবে, পুণ্য়বান তিৰোতা পুণ্য়বান পুৰুষৰ বাবে, পুণ্য়বান পুৰুষ পুণ্য়বান তিৰোতা। পৰিয়ালত স্বামী আৰু স্ত্ৰীৰ লক্ষ্য় আৰু উদ্দেশ্য় যদি বেলেগ হয়, তেন্তে তেওঁলোকৰ কাম-কাজো বেলেগ হব, ফলস্বৰুপে তেওঁলোকৰ চাল-চলন আদিত যুক্তিতৰ্কৰ সৃষ্টি হব। বিশ্বাসৰ বিভিন্নতাৰ বাবে পৰিয়ালত অশান্তিৰ সৃষ্টি হৈ শেষত বিবাহৰ প্ৰকৃত উদ্দেশ্য় নষ্ট হৈ যাব। একমাত্ৰ আল্লাহৰ বাবে জিৱন ধাৰণ কৰা আৰু একমাত্ৰ আল্লাহক উপাসনা কৰা পৰিয়ালেই আদৰ্শ পৰিয়াল হব পাৰে আৰু ইয়াৰ পৰিনতি স্বৰূপে, তেওঁলোকে পৰকালৰ জীৱন জান্নাতত কটাব পাৰিব। আল্লাহই কৈছে, – কোৱা , মোৰ ইবাদত আৰু ভক্তি , মোৰ জীৱন আৰু মৰণ, এই সকলো একমাত্ৰ আল্লাহৰ বাবে, যিজন সমগ্ৰ বিশ্বৰ প্ৰভু। তেওঁৰ কোনো অংশীদাৰ নাই । এয়াই মোক আদেশ কৰা হৈছে আৰু মইয়ে আল্লাহৰ ওচৰত সমাৰ্পন কৰা প্ৰথম।
আল্লাহৰ নবী মুহাম্মদ (ছাঃ) কৈছে,- যেতিয়া কোনো ব্য়ক্তিৰ ধৰ্মীয় বিশ্বাস আৰু দৃষ্টিভঙ্গীয়ে তোমাক সন্তুষ্টি দিয়ে আৰু তেওঁ যদি নিকাহৰ প্ৰস্তাৱ দিয়ে তেন্তে তোমাৰ সন্তানক তুমি তেওঁৰ ওচৰত নিকাহ দিয়া নিদিলে পৃথিৱীত দুৰ্নীতি হব। চাৰিটা গুণৰ ওপৰত ভিত্তি কৰি তিৰোতা এগৰাকীৰ নিকাহ হয়- সম্পদ , সৌন্দৰ্য্য়, বংশ, আৰু ধৰ্মীয় গুণ। নিকাহৰ বাবে ধৰ্মীয় তিৰোতাৰ অনুসন্ধান কৰা যাতে তুমি সৌভাগ্য়শালী হোৱা । মুছলমানৰ নিকাহৰ উদ্দেশ্য় হব লাগে আল্লাহৰ ইবাদত কৰা। কিয়নো নিকাহ হৈছে ধৰ্মৰ (দ্বীন) আধা। আল্লাহৰ ইবাদতৰ উদ্দেশ্য়েৰে নিকাহ কৰিলে আল্লাহ তেওঁলোকৰ ওপৰত সন্তুষ্ট হয় আৰু তেওঁলোকৰ ভাল স্বভাৱ-চৰিত্ৰৰ পুৰস্কাৰ স্বৰূপে আল্লাহই তেওঁলোকক শান্তি দিয়ে।
ইছলামিক আদৰ্শ পৰিয়ালত স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক হল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠিৰ দৰে। স্বামী অবিহনে স্ত্ৰী আধা আৰু স্ত্ৰী অবিহনে স্বামী আধা। প্ৰত্য়েকেই প্ৰত্য়েকক ইছলামিক শ্বৰিয়াত মুতাবিক বুজি লৈ জীৱন বাটত আগবাঢ়ি যাব লাগিব। স্বামী আৰু স্ত্ৰী দুয়োজনৰ দ্বীনদাৰী থাকিলে সংহাৰ সুখৰ হয়। স্বামীয়ে স্ত্ৰীৰ ওপৰত অযথা প্ৰভূত্ব দেখুৱাব নালাগে। আনহাতে, স্ত্ৰীয়েও স্বামীৰ অবাধ্য় হৈ কাম কৰিব নালাগে। স্বামী-স্ত্ৰী দুয়ো নম্ৰ-ভদ্ৰ হব লাগে আৰু পৰস্পৰৰ মাজত বিশ্বাস থাকিব লাগে। স্ত্ৰীয়ে স্বামীৰ ধন-সম্পদ ৰক্ষণাবেক্ষণ কৰিব লাগে। স্বামীৰ সত কামত সহায় কৰিব লাগে। স্বামীৰ সামৰ্থ্য়ৰ ওপৰত স্ত্ৰী সদায় সন্তুষ্ট থাকিব লাগে। অযথা আৰু অস্বাভাৱিক দাবী পূৰণৰ বাবে তাগিদা দি স্বামীক কষ্ট দিব নালাগে। স্বামীৰ পিতৃ-মাতৃ, তেওঁৰ পৰিয়ালৰ প্ৰতি মৰমিয়াল আৰু যত্নাপৰ হব লাগে। স্বামীৰ পৰিয়ালৰ প্ৰতি বেয়া মনোভাৱ পোষণ কৰিব নালাগে। ঠিক তেনেদৰে স্বামীয়ে স্ত্ৰীক কেতিয়াও বেয়া ব্য়ৱহাৰ কৰিব নালাগে। সদায় মিঠামাত মৰম-চেনেহেৰে ব্য়ৱহাৰ কৰিব লাগে। সৰু-সুৰা ভূল আৰু দোষৰ বাবে গালি-শাপনি পাৰি থাকিব নালাগে। স্বামীয়ে সদায় এই কথা চিন্তা কৰিব লাগে যে তেওঁৰ স্ত্ৰীয়ে তেওঁৰ জন্মদাতা পিতৃ-মাতৃ আৰু নিজ পৰিয়ালৰ আটাইকে বিসৰ্জন দি স্বামীগৃহলৈ আহিছে, সেয়েহে স্ত্ৰীৰ প্ৰতি অতি মৰমিয়াল হব লাগে। কেৱল দ্বীনি দিশত শিথিলতা দেখিলে সেইখিনি পূৰ্ণ কৰাৰ বাবে অতি মিঠা মিঠা মাতেৰে তাগিদা কৰিব পাৰে।
আদৰ্শ পিতৃ-মাতৃয়ে তেওঁলোকৰ শিশুসকলক সত পথত পৰিচালনা কৰিব পাৰে । কোৰআন শ্বৰিফৰ এটি আয়াতৰ ভাবাৰ্থ আছে যে, মাল-সম্পদ আৰু আওলাদ তোমালোকৰ বাবে ফিতনা। অৰ্থাত ধনী লোকে যদি তেওঁৰ সম্পদৰ সত ব্য়ৱহাৰ নকৰে আৰু পিতৃ-মাতৃয়ে যদি তেওঁলোকৰ সন্তানক সু-সন্তান বনাব নোৱাৰে তেন্তে তাতকৈ আৰু বেয়া অশান্তিৰ কোনো কথাই থকিব নোৱাৰে । একমাত্ৰ আল্লাহৰ ইবাদতৰ উদ্দেশ্য়ে আৰু নবী(ছাঃ)ৰ আদৰ্শৰ ওপৰত দায়িম আৰু ক্কায়িম থাকি জীৱন পৰিচালনা কৰিব পাৰিলেহে আদৰ্শ পৰিয়ালৰ সুবাস চাৰিওফালে বিয়পি পৰিব। আহক আমি সকলোৱে ইছলামিক আদৰ্শ পৰিয়াল গঢ় দিও আৰু ইহকাল আৰু পৰকালৰ কামিয়াবীৰ বাবে অগ্ৰসৰ হওঁ। আল্লাহই আমাৰ এই প্ৰচেষ্টা কবুল কৰক । -আমিন।
বিঃদ্ৰঃ ইছলামিক আদৰ্শ পৰিয়ালৰ আটাইখিনি কথা লিখনীত উল্লেখ নহবও পাৰে । ইয়াত আদৰ্শ পৰিয়ালৰ এটি সাম্য়ক ধাৰণা দিবলৈহে চেষ্টা কৰা হৈছে।
প্ৰফেছৰ ৰফিকুল ইছলাম