তৰুণ গগৈ আছিল এজন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা। সমগ্ৰ জীৱন তেখেত দেশৰ জনগণৰ স্বাৰ্থত সত্যতা
আৰু নিষ্ঠাৰে কাম কৰি গল। তেখেত আছিল অসমৰ পাহাৰ-ভৈয়ামৰ একত্ৰিত কৰি এখন বৰ অসম গঢ়াৰ স্বপ্ন দেখা আধুনিক স্বাপ্নলিপিকাৰ।
অসমৰ মূখ্যমন্ত্ৰী পদত তেখেত সমাসীন হোৱা সময়খিনি আছিল অসমৰ ৰাজনৈতিক-সামাজিক জীৱনৰ বাবে এক সংকটপূৰ্ণ সময়। সেই সময়ত তেখেত শাসন ভাৰ লৈয়েই অসমীয়া সামাজিক অৰ্থনৈতিক সমস্যাসমূহৰ দ্ৰুত সমাধান সম্ভৱ কৰি তুলিছিল।
চাকৰিয়ালৰ অনিয়মীয়া দৰমহা আদি সমস্যাকে আদি কৰি অসমৰ ৰাজনৈতিক বাতাৱৰণক এক সুস্থিৰ পৰিৱেশ দিয়াৰ লগতে পোন্ধৰটা বছৰৰ মূখ্যমন্ত্ৰীত্বৰ আমাক যি দৰে সমৃদ্ধ কৰি গল আমি ভাষাৰে বনাবলৈ অক্ষম।
তৰুণ গগৈ প্ৰায় সকলো গুনেৰে সমৃদ্ব প্ৰজ্ঞাময়ী এইগৰাকী ৰাজনেতা আছিল ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, সাংস্কুতিক, অৰ্থনৈতিক, ধৰ্মীয়, স্থাপত্য , ভাস্কৰ্য আদি সকলো ধৰণৰ জ্ঞান আছিল।

লিখকঃ ইনজামামুল হক

Show CommentsClose Comments

Leave a comment