আৰব বিশ্বত যদিও তেওঁলোকৰ মাজত হজৰত ইব্ৰাহীম (আঃ)ৰ এক আল্লাহৰ উপসনা কৰা সেইটো ধৰ্মৰ আছিল কিন্তু সময়ৰ সৌঁতৰ লগে লগে বিভিন্ন বস্তুৰ সলনি ঘটিল। আনকি তেওঁলোকৰ মাজত ধৰ্মীয় চিন্তা ধাৰাও সলনি ঘটিল।
তেওঁলোকৰ মাজত ব্যৱসায়
-বাণিজ্য কৰিবলৈ দূৰ দূৰণি দেশলৈ গৈছিল।এনেকৈয়ে তেওঁলোকৰ মাজত থকা ৰীতি-নিয়মবোৰ সলনি হৈ আহিছিল।

এবাৰ এদল ব্যৱসায়ী সকলে (عمر بن الحي) আমৰ বিন আল-হাইৰ নেতৃত্বত শ্বাম দেশলৈ গৈছিল। আৰু সেই দেশৰ জনতাক এক ভিন্ন নীতি অৰ্থাত মূৰ্তি পূজা কৰিবলৈ দেখা পাই বৰকৈ আকৰ্ষিত হৈ উঠিছিল। আৰু তেওঁ তৎক্ষণাৎ এটা পাথৰৰ মূৰ্তি নিজ চহৰলৈ উভতি অহাৰ সময়ত লগত লৈ আহিছিল আৰু সদায় তেওঁ সেই মূৰ্তিক পূজা – অৰ্চণা কৰিবলৈ আৰম্ভ কৰিছিল।
এনেকৈয়ে পৱিত্ৰ মক্কা নগৰীত মূৰ্তি পূজাৰ এক নতুন বিৰলৰ আৰম্ভণি ঘটিছিল। ফলস্বৰূপে সকলো জনতাই লাহে লাহে নিজা নিজা ইশ্বৰৰ মূৰ্তি সজাই এক আল্লাহৰ প্ৰতি ইমান অনা পাহৰি গৈছিল।
মক্কাবাসীয়ে ইমানতেই স্থিৰ নাছিল,মক্কা নগৰত অৱস্থিত বৰ্তমান গোটেই মুছলিম জাতিৰ পৱিত্ৰ তীৰ্থভূমি কাবা শ্বৰীফ যিটো সৰ্বপ্ৰথমে ফিৰিস্তা সকল তাৰ পিছত হজৰত ইব্ৰাহীম(আঃ) আৰু তেওঁৰ পুত্ৰ ইছমাইল(আঃ) বনাইছিল।
কাবা শ্বৰিফত ৩১৩টা মূৰ্তি উপসনা কৰিবলৈ ৰাখিছিল। আৰু তাৰ ভিতৰত “লাত” আৰু ”উজ্জা” সকলোৰ বাবে জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ উপৰিও সেই মূৰ্তি আৰু দেৱতাবোৰৰ সন্তষ্টি লাভৰ কাৰণে নগ্ন হৈ নৃত্য কৰিব লগীয়া হৈছিল।

লেখকঃশাহিনুৰ আলম।

Show CommentsClose Comments

2 Comments

  • Shahinur alam
    Posted December 25, 2020 at 1:47 am 0Likes

    মই সকলো অসমবাসীৰ ওচৰলৈ আমাৰ এই aim of lifeতৰফৰ পৰা অনুৰোধ জনালোঁ যে বেলেগ লৈ শেয়াৰ কৰিবলৈ আহ্বান জনোৱা হল

Leave a comment