قال الله تعالى:وتوبوا إلى الله جميعا أيها المؤمنين لعلكم تفلحون(النور:٣١ )
আল্লাহ তলাই কৈছে, হে,মোমিনসকল তোমালোকে সকলোৱে আল্লাহৰ প্ৰতি তৌওবা কৰা যাতে তোমালোকে সফল হব পাৰা।) ছুৰা নুৰ:31
তৌওবা কি?
তৌওবা মানে হল আল্লাহৰ প্ৰতি উভতি যোৱা।অৰ্থাৎ যেতিয়াই আমাৰ তৰফৰ পৰা সৰু বা ডাঙৰ পাপ হয় তেতিয়াই আল্লাহক সেই পাপৰ কাৰণে ক্ষমা খুজা সেয়াই তৌওবা।
عن الأغر بن يسار المزني قال قال رسول الله صلى الله عليه وسلم يا أيها الناس توبوا إلى الله واستغفروا فإني أتوب في اليوم مائة مرة – رواه مسلم
নবী (ছাঃ) মে কৈছে যে, হে মানৱজাতিসকল, তোমালোকে আল্লাহৰ ওচৰত তৌওবা কৰা আৰু ইস্তিগফাৰ খোজা,নিশ্চয় মই এদিনত এশ বাৰ তৌওবা কৰো।
و عن أبي موسى الأشعري رضي الله عنه عن النبي صلى الله عليه وسلم قال إن الله تعالى يبسط يده بالليل ليتوب مسئ النهار ويبسط يده بالنهار ليتوب مسئ الليل حتى تطلع الشمس من مغربها رواه مسلم
নবী (ছাঃ) মে কৈছে যে, নিশ্চয় আল্লাহ তালাই ৰাতিত তেওঁৰ হাত মেলি দিয়ে দিনৰ গুনাহ্কাৰীসকল তৌওবা কৰাৰ বাবে আৰু দিনত তেওঁৰ হাত মেলি দিয়ে ৰাতিৰ গুনাহকাৰীসকল তৌওবা কৰাৰ বাবে, যেতিয়ালৈ সূৰ্য্য পশ্চিমৰ পৰা উদয় নহয় (অৰ্থাৎ কিয়ামতৰ দিন লৈকে আল্লাহ হাত মেলি থাকিব )।
وعن ابي عبد الرحمن عبدالله بن عمر بن الخطاب رضي الله عنه صلى الله عليه وسلم قال إن الله عزوجل يقبل توبة العبد ما لم يغرغر- رواه الترمذي وقال حديث حسن
নবী (ছাঃ) মে কৈছে যে, নিশ্চয় আল্লাহ এজন ব্যক্তিৰ তৌওবা তাৰ শেষ নিশ্বাসৰ আগলৈকে কবুল কৰে। (অৰ্থাৎ মৃত্যুৰ আগলৈকে তৌওবাৰ দুৱাৰ খোলা থাকে)।
وعن ابن عباس رضي الله عنهما ان رسول الله صلى الله عليه وسلم قال لو ان لابن آدم واديا من ذهب احب ان يكون له واديان ولن يملأ فاه الا التراب ويتوب الله على من تاب متفق عليه-
নবী (ছাঃ) মে কৈছে যে, যদি এজন মানুহৰ কাষত এটা সোণৰ পৰ্বত থাকে সি দুটা সোণৰ পৰ্বতৰ আশা কৰিব আৰু মৃত্যুৰ আগলৈকে তাৰ মূখ নভৰে (মৃত্যুৰ আগলৈকে আশা কৰিয়েই থাকিব) যিয়ে আল্লাহৰ প্ৰতি তৌওবা কৰিব আল্লাহ তাৰ তৌওবা কবুল কৰিব।
লেখকঃআজিজুৰ ৰহমান