মা মানে কি আপোনালোকে জানেনে ! তেখেত হৈছে এনে ধৰনৰ উপায় য়াৰ দ্বাৰা আমি জান্নাতত প্ৰবেশ কৰিব পাৰি ।
মা আৰু দেউতা হৈছে মৰম আৰু স্নেহৰ এটা বিশাল সাগৰ যাৰ অন্ত কেতিয়াও শেষ নহয় । ইছলাম ধৰ্মত তেওলোকৰ মহত্ব্য় বুজি পাবলৈ বিভিন্ন আয়াত আৰু হাদিছত আহিছে উদাহৰণ স্বৰূপে কোৰআনত আল্লাই কৈছে ( তোমালোকে আল্লাহৰ উপাসনা কৰা,আৰু তাৰ লগত অইন কোনো বস্তৰ সৈতে শিৰক্ নকৰিবা আৰু তোমালোকৰ মা-দেউতাৰ সৈতৈ ভাল ব্য়ৱহাৰ কৰা । (ছুৰা নিছাৰ ৩৬ আয়াত)
এই আয়াতটোৰ অতি ধ্য়ান দিব লগা কথাটো হৈছে, যে আল্লাহ তালাৰ উপসনা কৰাৰ পিছতেই মা-দেউতাৰ লগত ভাল ব্য়ৱহাৰ কৰাৰ কথা কৈছৈ অৰ্থাত মা-দেউতাৰ স্থান আৰু মৰ্জদা বেছি দিয়া হৈছে, আৰু আমি নিশ্চয় জানো এজন সন্তাক লালন-পালন কৰাত কিমান কষ্ট হয় । আৰু যেতিয়া এজন সন্তান হোৱাৰ সময়ত মাতৃৰ কিমান কষ্ট হয় ।
সেই কাৰণেই আমাৰ নবীয়ে কৈছে ( মাকৰ ভৰিৰ তলত জান্নাত) (ছহী বুখাৰী)
আৰু এটা হাদিছত কৈছে যে (মা-দেউতাকৰ সন্তষ্টত আল্লাহৰ সন্তষ্ট ) (আল -আদাবুল মুফৰাত)
গতিকে আমি যদি আল্লাহৰ সন্তষ্ট লাভ কৰিব লাগে তেনেহলে মা-দেউতাক সন্তষ্ট কৰিব লাগিব।
এবাৰ এজন ছাহাবীয়ে নবী (ছঃ) ওচৰত তেও অৰ্থাত ধৰ্মীয় যুদ্বত অংশ গ্ৰহন কৰিবলৈ ইছা প্ৰকাশ কৰিলে ।
তেতিয়া নবী (ছঃ) সেই ছাহাবী জনক প্ৰশ্ন কৰিলে তোমাৰ ঘৰত মা-দেউতা আছে নেকি। তেও উত্তৰ দিলে হয় মোৰ ঘৰত এজনী বৃদ্বা মা আছে । তেতিয়া নবী (ছঃ) য়ে উত্তৰ দিলে –তেনেহলে তুমি যুদ্বত অংশ গ্ৰহন কৰিব নালাগে, যোৱা তোমাৰ মাকৰ যত্ন লোৱা কাৰণ জান্নাত মাকৰ ভৰিৰ তলত । (ছহী বুখাৰী,মুছলীম)
আৰু নবী (ছঃ) কৈছে সেই জন মানুহ ধ্বংস আৰু নিগত হৈ যাওক যিজনে তেওৰ মা-দেউতা বুদ্বা অবস্থাত পাই তেও জান্নাতত প্ৰবেশ কৰিব পৰা নাই।(মুছলিম)
আজি কালি এটা ভিন্ন পৰিবেশ দেখা পোৱা গৈ আছে । মানুহবোৰে তেওলোকৰ আপোন মা-দেউতাকক পাহৰি যায় আন কি বৃদ্বাশ্ৰমত (OLD AGE HOME) দি থৈ আহে। এয়াই কি তেও লোকৰ মা-দেউতাকে বাস্তবত সপোন দেখিছিল যে বৃদ্বা বয়সত তেওলোকৰ গতি এয়াই হব?
লেখক: শ্বাকিল আহমেদ আকন্ড