আমি কেতবোৰ সময়ত যেনে ,ঠান্ডা , বা কাটিলে আদি সময়ত উজু কৰিব নোৱাৰো । সেইবাবে আল্লাহ তালাই আমাৰ বাবে পাক হাছিল কৰা সহজ কৰি দিছে। যেনে ঠান্ডাৰ সময়ত চামৰাৰ মোজা পিন্ধি তাৰ ওপৰত মাছাহ কৰিলেই হব। আৰু হাত কটিলে বা ভাঙিলে আমি যদি বেন্ডজঁ বান্ধো তেতিয়াহলে তাৰ ওপৰত মাছাহ কৰিলেওঁ পাক পৱিত্ৰতা হাছিল হব। আৰু তাৰ দ্বাৰা আমি আল্লাহ তালাৰ ইবাদত কৰিব পৰিম আৰু নামাজ পঢ়িব পৰিম।
তেতিয়াহলে ভৰিৰ মোজাঁ আৰু বেন্ডিজ আদিৰ ওপৰত কি কৰিলে পাক হাছিল হব জানি লওঁ।
ভৰিৰ মোজাঁৰ ওপৰত মাছাহ কেনেকৈ কৰিব লাগে ?
قال الله تعالي:” يريد الله بكم اليسر ولا يريد بكم العسر”
আল্লাহ তালাই কোৰানৰ মাজত কৈছে যে- আল্লাহ তালাই তোমালোকৰ সহজ বিচাৰে আৰু তোমালোকৰ কঠিন নিবিচাৰে।
(বাকাৰা ১৮৫)
وقال رسول الله(صلي الله عليه وسلم):المسح على الخفين للمسافر ثلاثة ايام و ليلها و للمقيم يوم وليلة
হজুৰ (ছঃ)মে কৈছে যেঃ মোজাঁৰ উপৰত মাছাহ কৰা ভ্ৰমনকৰীৰ বাবে তিনি দিন আৰু তিনি ৰাতি আৰু স্থায়ী থকাসকলৰ বাবে এদিন এৰাতি।
ইছলামৰ শৰিয়তে ভৰি ধোৱাৰ বাবদে ভৰিৰ মোজাৰ উপৰত মাছাহ কৰা জয়েজ কৰিছে মানুহৰ সহজৰ বাবে।
মাছাহ জায়েজ হোৱাৰ অৱস্থা বা চৰ্ত্ত।
তলত আহা অৱস্থাবোৰ পালে মাছাহ কৰা ঠিক হব।
১/ পাক ( উজু বা গা ধোৱা ) হোৱাৰ পাছত পিন্ধিব লাগিব।
( যদি কোনোবাই কেৱল ভৰি ধুই পিন্ধে আৰু তেওঁ উজু কৰাৰ আগত নাপাক নহয় তেতিয়াহলে তাৰ মাছাহ কৰা জয়েজ হব )
২ /মোজা দুখন গোটেই ভৰি ঢাকি থকাৰ লগতে গাঠিঁলৈ ঢাকিব থকিব লাগিব।
৩ / মোজাত কোনো ধৰনৰ ফুটাঁ থকিলে মাছাহ জায়েজ নহব। যদি তিনি আঙুলিৰ মাপতকৈ কম হয় তেনেহলে জায়েজ হব।
৪ / কিবা বস্তুৰে বন্ধা অবিহনে ভৰিত খাপ খাই থকিব লাগিব।
৫ /যদি মোজাৰ ভিতৰেদি পানী সোমায় তেতিয়াহলেওঁ মাছাহ জায়েজ নহব।
৬ / মোজাখন পিন্ধি খোজকঢ়াত সক্ষম হব লাগিব।
ফৰজ আৰু ছুন্নত মাছাহ
মাছহ কৰাৰ ফৰজ পৰিমান –( কেনেকৈ মাছহ কৰিলে তাৰ ফৰজ আদায় হব ? ) হাতৰ সৰু আঙুলিৰে ভৰিৰ উপৰৰ
ভাগ চুই দিয়া ।
মাছহ কৰাৰ ছুন্নত পৰিমান—হাতৰ আঙুলিবোৰ ভৰিৰ আঙুলিৰ গাঠিলৈ লাহে লাহে ওপৰৰ ভাগ চুই দিয়া।
মাছাহ কিমান সময় জাৰি থাকিব
যিজন মানুহে ভ্ৰমন নকৰে স্থায়ী ,সদায় গাৱত থকে সি যদি চামৰাৰ মোজাঁত মাছাহ কৰিব খোজে তেনেহলে তাৰ বাবে এদিন আৰু এৰাতি।
ভ্ৰমনকাৰী যি এঠাইৰ পৰা আন ঠাইলৈ যায় তাৰ বাবে মাছাহ তিনিদিন আৰু তিনি ৰাতি ।
মাছাহৰ সময় পাক হোৱাৰ পৰা আৰম্ভ হয় ,মোজা পিন্ধাৰ পিছৰে পৰা নহয়।
যদি কোনোবাই স্থায়ী(যি সদায় গাৱত থাকে) হঠাতে ভ্ৰমন কৰে তেতিয়াহলে তাৰ সময় ভ্ৰমনকাৰীৰ মাছাহৰ সময় মানিব লাগিব।
যদি কোনোবা ভ্ৰমনকাৰীয়ে এদিন এৰাতি ভ্ৰমন কৰে আৰু তাৰ পাছত থকিবলৈ লয় তেতিয়াহলে তাৰ বাবে স্থায়ী থকাসকলৰ দৰে মাছাহ কৰিব।
আৰু যদি এদিন এৰাতি পূৰা কৰা নাই তেতিয়াহলে তেওঁ
এদিন এৰাতি পূৰা কৰিব।
কি কি কাম কৰিলে মাছাহ ভংগ হব?
১/ যিবোৰ কামে উজুক ভংগ কৰে সেইবোৰ কামে মাছাহকো ভংগ কৰি দিয়ে।
২ / ভৰিৰ পৰা মোজা খুলিলেই মাছাহৰ সময় ভংগ হব।
৩ / যদি ভৰিৰ বেছিভাগ ঠাই বাহিৰ হৈ থকে তেতিয়াহলে মাছাহ ভংগ হব।
৪ /সময় শেষ হলে মাছাহ ভংগ হব।
৫ / যদি মোজাৰ ভিতৰত পানী সোমায় তেতিয়াহলে মাছাহ ভংগ হব।
যদি কোনোবাই পাগৰি বা টুপি পিন্ধি মূৰত মাছাহ কৰিব খোজে তেতিয়াহলে তাৰ মাছাহ নহয়।
আৰু যদি কোনোবাই হাত মোজাৰ ওপৰেৰে মাছাহ কৰে তেতিয়াহলে তাৰ মাছাহ নহয়।
কটিলে বা জখম হলে আৰু বেন্জিৰ ওপৰত কেনেকৈ মাছাহ কৰিব লাগে
قال الله تعالي:”هو اجتباكم وما جعل عليكم فى الدين من حرج”
যদি কোনোবাই দুৰ্ঘটনাত হাত কাটে বা ভাঙে তেতিয়াহলে তাৰ বেন্ডিজ থাকিব আৰু তেওঁ বেন্ডিজৰ ওপৰত উজু কৰিব নোৱাৰিব তেতিয়াহলে তেওঁ তাৰ ওপৰত মাছাহ কৰিব তেতিয়ালৈকে যেতিয়ালৈকে তাৰ কটা বা জখম পূৰা নহয়।
আৰু বেন্ডিজ বন্ধাৰ সময়ত পাক হোৱা দৰকাৰী নহয়।
এটা ভৰি কাটিলে আনটো ভৰি ধোৱা জায়েজ হব।
জখম শেষ হোৱাৰ আগত বেন্ডিজ পৰি গলে মাছাহ কৰাৰ সময় শেষ নহয়।
বেন্ডিজ কাপোৰ বদলোৱা পিছত আকৌ মাছাহ কৰা দৰকাৰ নাই ।
যদি কোনোবাৰ চকুৰ বেমাৰ হয় আৰু কোনো মুছলমান ডাক্তৰে চকু দুটা ধুবলৈ মানা কৰে তেতিয়াহলে তাৰ বাবে মাছাহ কৰা জায়েজ।
চামাৰাৰ ভৰিৰ মোজাৰ ওপৰত মাছহ কৰিবলৈ বা বেন্ডিজৰ ওপৰত মাছাহ কৰিবলৈ বা মূৰত মাছাহ কৰিবলৈ নিয়ত কৰাৰ দৰকাৰ নাই কিন্তু তায়াম্মাত নিয়তটো দৰকাৰী।
লেখক :মোনজুৰুল হক