এশ বা তাতকৈ ততাধিক মানুহক হত্যা কৰিলে তৌওবা কোবুল হ’বনে নাই ? ইয়াৰ উত্তৰ হ’ল যে তৌওবা কোবুল হব । আহক আমি ইয়াক এটা হাদিচেৰে প্ৰমান কৰোঃ
হাদীচঃ আবু ছায়িদুল খুজৰী (ৰাঃ) দ্বাৰা বৰ্নিত নবী (ছাঃ) মে কইছে যে- তোমালোকৰ আগৰ কওম সমূহত বা মানুহবিলাকত এনেকুৱা এজন মানুহ আছিল যিজনে ৯৯জন মানুহক হত্যা কৰিছিল। পিছত তেওঁ এইবোৰ ত্যাগ কৰিম বুলি ভাবি এদিন এজন আবিদ (আবিদঃ যিজনে আল্লাহৰ দিনে ৰাতি উপসনা কৰে) বা চুফিৰ ওচৰলৈ গ’লে আৰু শুধিলে- মই ৯৯জন মানুহক হত্যা কৰিছো এতিয়া যদি মই তৌওবা কৰো আল্লাহে কোবুল কৰিবনে ? তেতিয়া সেই চুফিজনে উত্তৰ দিলে যে নাই তোমাৰ তৌওবা কোবুল কৰা নহব।
এই কথাষাৰ শুনি সেই মানুহজনে এই চুফীজনকো হত্যা কৰিলে তেতিয়া ১০০জন মানুহক হত্যা কৰা সম্পূৰ্ণ হ’ল ।
ইয়াৰ পিছত সেই মানুহজনে এজন আলিমৰ কাষলৈ গলে আৰু সুধিলে মই ১০০জন মানুহক হত্যা কৰিছো এতিয়া যদি মই তৌওবা কৰো আল্লাহে কোবুল কৰিবনে তেতিয়া সেই আলীমজনে উত্তৰ দিলে যে হয় নিশ্চয় তোমাৰ তৌওবা কোবুল কৰিব। তেতিয়া সেই মানুহজনে তৌওবা কৰিলে আৰু মানুহজনক আলিমজনে কৈ পঠালে যে তুমি এতিয়া অমুক- তমুক ভাল ঠাইত যোৱা (অৰ্থাত আলিমজনে কোনোবা এখন ভাল ঠাইৰ নাম কৈ দিলে আৰু এই ১০০মানুহ হত্যা কৰা মানুহজনক ভাল মানুহৰ ঠাইলৈ যাবলৈ পৰামৰ্শ দিলে কাৰন এই মানুহজন থকা ঠাই খিনী বৰ বেয়া আছিল।
তেতিয়া এই মানুহজনে সেই পবিত্ৰ ঠাইলৈ ৰাওনা হ’ল। যেতিয়া তেওঁ আধা ৰাস্তা অতিক্ৰম কৰিলে তেতিয়া এই মানুহজনৰ মৃত্যু হয়। ইয়াৰ পিছত সেই ঠাইত ৰহমত আৰু আজাবৰ ফিৰিস্তা আহে। আৰু এই মানুহজনক কোনে নিব তাক লৈ বিতৰ্কৰ সৃষ্টি হ’ল।
তেতিয়া আন এজন ফিৰিস্তাই মানুহৰ ৰূপত আহিলে তেতিয়া ফিৰিস্তাৰ দল দুটাই সেই ফিৰিস্তা জনক হাকিম বনালে আৰু এই মানুহজনক ৰহমতৰ ফিৰিস্তাই নিবনে আজাবৰ ফিৰিস্তাই নিব এই বিষয়টোৰ ওপৰত সমাধান বিচাৰিলে। তেতিয়া ফিৰিস্তা জনে ক’লে যে তোমালোকে এই মানুহজনৰ ৰাস্তাৰ অতিক্ৰম খিনিৰ যোখ লোৱা। যদি এই মানুহজনে সেই আলিমে কোৱা পবিত্ৰ ঠাইৰ পৰা ওচৰত আছে তনেহলে তেওঁক ৰহমতৰ ফিৰিস্তাই লৈ যাওক। আৰু যদি সেই বেয়া ঠাইৰ পৰা বেছি দূৰ অতিক্ৰম কৰা নাই তেনেহলে আজাবৰ ফিৰিস্তাই লৈ যাওক। অৱশেষত ৰহমতৰ আৰু আজাবৰ ফিৰিস্তাই মানুহজনে অতিক্ৰম কৰি অহা ৰাস্তা যুখিলে। তেতিয়া সেই মানুহজনে পবিত্ৰ ঠাইৰ পৰা ওচৰত আছিলে। অৱশেষত বিতৰ্কৰ থাম কাটিল আৰু ৰহমতৰ ফিৰিস্তাই সেই মানুহ জনক লৈ গ’ল।
 তৌওবাঃ “এজন মানুহে জীৱনত কৰা গুনাহসমূহৰ প্ৰতি বেজাৰ হৈ আল্লাহক ভয় কৰি আল্লাহৰ দৰবাৰত সঁচা অন্তৰেৰে ক্ষমা বিচৰাকে তৌওবা বোলে। “


লিখক:হালিমুজ জামান

Show CommentsClose Comments

Leave a comment