কৃষি প্ৰধান অৰ্থনীতিৰ দেশ হোৱাৰ পাছতো ভাৰতত কৃষসকলেই সৰ্বাধিক সমস্যাৰ সন্মুখীন হব লগা হৈছে।আৰু দেশত কৃষক সমাজৰ পৰা কৃষক আন্দোলন দাঙি ধৰিছে।আৰু কৃষক সকলে নিজৰ খেতি-বাতি এৰি ৰাজপথত প্ৰতিবাদ কৰিব লগা হৈছে।আৰু বজাৰত সকলো খাদ্য-সামগ্ৰীৰ মূল্য প্ৰতিদিন উৰ্ধ্বমুখী হৈছে,শাক-পাচলিৰ পৰা আৰম্ভ কৰি চাউল-ডাইল মিঠাতেল,আলু-পিয়াজ সকলোবোৰ আকাশলংঘী মূল্যই ৰাইজক চিন্তিত কৰি তুলিছে।
হাৰিয়াণা,পঞ্জাৱ আৰু পশ্চিম উত্তৰ প্ৰদেশসহ দেশৰ বহু অংশৰ পৰা অহা কৃষকে কৃষিৰে জড়িত তিনিটা আইনক কেন্দ্ৰ কৰি দিল্লীৰ ইউপি-হাৰিয়াণাৰ সীমাত বিৰোধ প্ৰদৰ্শণ হৈছে।
আহক আমি জানি লও আইন তিনিটাত কি কথা উল্লেখ কৰা হৈছে।
*এই আইনত এনে এক ছিষ্টেমৰ ব্যৱস্থা আছে য’ত কৃষক আৰু ব্য়ৱসায়ীক ৰাজ্যৰ এপিএমচি ক্ষেত্ৰত স্বাধীন হব।
*ইয়াত কৃষক সকলৰ ফচল এখন ৰাজ্যৰ বিনা কাৰণেই বিক্ৰীৰ বাবে উতসাহিত কৰা হৈছে
*ইয়াত বিপনত আৰু পৰিবহনত খৰচ কৰাৰ কথা কোৱা হৈছে যাৰ কাৰণে কৃষকে উচিত মূল্য পায়।

ইয়াৰ বিৰোধিতা কিয় ?

*ৰাজ্যৰ লোকচান হব কাৰণ এপিএমচিৰ বাহিৰে ফচল বিক্ৰী কৰিলে মণ্ডী মাচুল সংগ্ৰহ কৰিব নোৱাৰিব।
*কৃষক সংগঠনৰ অভিযোগ যে নতুন আইনৰ কাৰণে কৃষিক্ষেত্ৰত পুজিপতি বা কৰ্পৰেটৰ হাতলৈ গুচি যাব আৰু কৃষকৰ লোকচান হব।
*আৱশ্যকীয় সামগ্ৰী সংশোধণ আইনৰ দ্বাৰা কলা ব্যৱসায়ী সকলৰ ৰাজত্ব স্থাপন হব মজুতকাৰী সকলৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব।

এই আইনত চৰকাৰৰ যুক্তি কি?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই আইনৰ বিষয়ে কয় যে এই আইন স্বাধীনতাৰ পিছত কৃষকসকলক স্বাধীনতা দিয়া আইন।আৰু এই সন্দৰ্ভত স্পষ্ট কৰি প্ৰধান মন্ত্ৰীয়ে কয় ৰাজনীতিক দলসমূহে এই আইনক লৈ দঃপ্ৰচাৰ কৰি আছে।


লিখক:ইনজামামুল হক

Show CommentsClose Comments

Leave a comment