فضيلة القرآن
ইছলাম ধৰ্মৰ সকলোতকৈ পবিত্ৰ কিতাপ হৈছে কোৰান যিয়ে মানুহক বেয়া ৰাস্তাৰ পৰা ভাল ৰাস্তালৈ লৈ যায় । এই কতাপখন আল্লাহ তালাই হজৰ মোহাম্মদ (ছঃ) উপৰত নাজীল কৰিছে । আমাৰ জীৱনত যিবোৰ ৰাস্তা দৰকাৰী সেই সকলবোৰ বস্তু এই কোৰানত পোৱা যায় । আৰু এই কোৰআনৰ ইমান ফজিলত যে হজৰত ওমৰ (ৰাঃ) যেতিয়া হজৰত মোহাম্মদ (ছাঃ)ক হত্যা কৰিব বিচাৰিছিল কিন্তু তাৰ আগত যেতিয়া তেও নিজৰ ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁৰ নিজৰ ভনীৰ কোৰআন পঢ়াৰ কন্ঠ শুনি ইছলাম ধৰ্মক গ্ৰহণ কৰিবলগীয়া হৈছিল। সেইকাৰণে ইছলাম ধৰ্মী লোক সকলে কোৰআনৰ ফজিলত কলমেৰে লিখি শেষ কৰিব নোৱাৰে । আৰু এই কোৰানৰ বিষয়ে হজৰত মোহম্মদ (ছাঃ) বহুত হাদিছ উল্লেখ কৰিছে সেইবোৰ হাদিছৰ পৰা কিছুমান হাদিছ তলত উল্লেখ কৰা হৈছে।
وعن عثمان بن عفان رضي الله عنه قال : قال رسول الله صلي الله عليه وسلم خيركم من تعلم القران و علمه
ওছমান বিন আফন (ৰাঃ) দ্বাৰাই বৰ্ণিত আছে যে হজৰত মোহাম্মদ (ছাঃ)য়ে কৈছে যেঃ তোমালোকৰ ভিতৰত সেইজন ব্যক্তি উত্তম যিজনে কোৰআন শিকিছে আৰু আনক কোৰআন শিক্ষা দিছে।
وعن ابن مسعود رضي الله عنه قال : قال رسول الله صلي الله علي وسلم من قرأ حرفا من كتاب الله فله حسنة و الحسنة بعشر امثالها لا اقول (الم) حرف ولكن الف حرف ولام حرف و ميم حرف.
ইবনে মাছুদ (ৰাঃ) ধাৰাই বৰ্ণিত আছে যে হজৰত মোহাম্মদ (ছাঃ) মে কৈছে যিজন ব্যক্তিয়ে কোৰানৰ পৰা এটা আখৰ পঢ়ে তেওঁৰ কাৰণে আল্লাই দহটা নেকি লিখি দিয়ে । আৰু মই এইটো-কোৱা-নাই যে আলিফ, লাম, মিম, এটা আখৰ কিন্তু আলিফ এটা আখৰ লাম, এটা আখৰ আৰু মিম এটা আখৰ ।
عن ابي امامة رضي الله عنه قال سمعت رسول الله صلي الله عليه وسلم يقول اقرأو القران فانه يأتي يوم القيامة شفيعا لأصحابه.
আবি ওমামাতা (ৰাঃ) কৈছে যে মই নবী হজৰত মহাম্মদ (ছাঃ) মক কৈ থাকোতে শুনিছো যে তোমালোকে কোৰান পঢ়া নিশ্চয় কিয়ামতৰ দিনা কোৰান পঢ়া সকলোৰ কাৰণে কোৰানে আল্লাহৰ ওচৰত আৰোগ্য(শাফাআত) কৰিব।

লিখক :ৰুহুল আৰু হাফিজ

Show CommentsClose Comments

Leave a comment