কৰ্তব্য
এজন সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ ইমান গুৰুত্ব দিব লাগে, যে সন্তান এজন আদৰ্শ ব্যক্তি স্বৰুপে নিজক দাঙি ধৰিব পাৰে। নিজৰ সন্তানক পিতৃ-মাতৃয়ে বাল্যকালৰ পৰাই যি চৰিত্ৰৰে ডাঙৰ দীঘল কৰিব সেই চৰিত্ৰয়েই তাৰ ভবিষ্যতৰ পৰিণাম স্বৰুপে দেখা দিব। হজৰত মহম্মদ (ছঃ) কৈছে যে এজন সন্তানক সাত বছৰৰ পৰা নামাজ পঢ়াৰ কাৰণে পিতৃ-মাতৃৰ আদেশ দিয়াটো উচিত কিন্ত সন্তানটোৱে যেতিয়া দহ বছৰৰ সন্মুখিন হব তেতিয়া পিতৃ-মাতৃয়ে আদেশ দিয়াৰ পৰিবৰ্তেও আদেশটো অমান্য কৰিলে, তেতিয়া নবী কৰিম (ছঃ)মে শাস্তি দিব কৈছৈ অৰ্থাৎত পিতৃ-মাতৃক নিজৰ সন্তানক হাতেৰে মাৰিবলৈ আদেশ প্ৰেৰণ কৰিছে। বাল্যকালত এজন সন্তাণে নিজৰ আনন্দৰ কাৰণে নানান ধৰণৰ বস্তুৰ বাবে পিতৃ-মাতৃক আমণি কৰি থাকিব । সেই বুলি পিতৃ-মাতৃয়ে নিজৰ সন্তানক শাস্তি দিব নোৱাৰে। কিন্তু শাস্তিৰ পৰিবৰ্তে যিমান পাৰে সিমান বুজাব লাগে আৰু মৰম দিব লাগে । পিতৃ-মাতৃয়ে নিজৰ সন্তানক বাল্যকালৰ পৰাই আদব-কাইদা,মৰম,আনন্দ কি বস্তু বুজাব পাৰিলে তেতিয়াহে সন্তানে ভবিষ্যতত আনক আদব-কাইদা, মৰম,আনন্দৰে উৎফুল্লিত কৰিব পাৰিব, বাল্যকাল এটা এনেকুৱা সময় যিটো সময়ত যি বাটেৰে পিতৃ-মাতৃয়ে নিজৰ সন্তানক আগবঢ়াই লৈ যাব, ভবিষ্যতত তেওঁ সেইটো বাটৰ ৰজা হব।


লিখক:হাফিজ

Show CommentsClose Comments

Leave a comment