আমি জানো যে ১৮ ডিচেম্বৰ বিশ্ব আৰবী দিৱস হিচাপে পালন কৰা হয়। আৰবী ভাষাটো বিশ্বৰ ভিতৰত এটা অন্যতম ভাষা হিচাপে পৰিচিত। আৰবী ভাষাটো অকল আৰব দেশৰ কাৰনে নহয় এই ভাষাটো পৃথিৱীৰ বেছিভাগ মানুহে ব্যৱহাৰ কৰে। ১৮ ডিচেম্বৰ দিনটো ২০১২ চনৰ পৰা বিশ্ব আৰবী দিৱস হিচাপে মানি লোৱা হৈছে।
১৯৭৩ চনত UN আৰবী ভাষাটোক ষষ্ট ভাষা হিচাপে স্বকৃতি প্ৰধান কৰিছে। আজিৰ সময়ত আৰবী ভাষাৰ সাহিত্য দিনে দিনে বাঢ়ি গৈ আছে। আৰবী ভাষা মানুহৰ মাজত মৰম চেনেহ বিলাবলৈ সক্ষম হৈছে।
আজি বিশ্বৰ বহুত দেশত বিশ্ব আৰবী দিৱস হিচাপে উৎযাপন কৰি আছে। এই ভাষাটো বহুতো সাহিত্যিকৰ কৰ্মকাৰী কাৰনে আজি এই ভাষাটো ইমান উচ্চ মৰ্যদা পাইছে। আজি ভাৰতবৰ্ষৰ নানা ধৰণৰ স্কুল , কলেজত বিশ্ব আৰবী দিৱস হিচাপে উৎযাপন কৰি আছে। আজি যদি পৃথিৱীৰ কোনো ঠাইলৈ ফুৰিবলৈ বা কোনো কামৰ কাৰনে যাব লগা হয় আৰু যদি আৰবী ভাষাটো স্পষ্ট ভাৱে কব পাৰে তেনেহলে আমাৰ কাৰনে বহুত ভাল। যিজন মানুহে আৰবী ভাষা স্পষ্ট কৈ কব পাৰে তেও অন্য ভাষা অতি সোনকালে শিকিব পাৰে। আৰু আজি আৰব দেশত শুদ্ধ আৰবী ভাষা কোৱা ব্যক্তিক ভাল কাম পাব পাৰে আৰু সুন্দৰ মৰ্যদা দিয়া হয়।


লিখকঃ ৰুহুল আমিন

Show CommentsClose Comments

Leave a comment