লেখকঃজেহেৰুল ভূঞা
ইব্ৰাহীম (আঃ)ৰ সপোন আৰু আশা দিঠকত পৰিণত হলেহি। ৫৪৪ খ্ৰীষ্টাব্দত তেখেতৰ বংশধৰ আব্দুল মুত্তালিবৰ ঘৰত আব্দুল্লাহ (ৰাঃ)ৰ জন্ম হল। ফাতিমা বিনত আমৰ হজৰত মুহাম্মদ (ছাঃ)ৰ আইতা হবলৈ সক্ষম হল। আব্দুল মুত্তালিবৰ ঘৰত আব্দুল্লাহ, আব্বাছ, আবু লাহাব আৰু হামজা মিলি চাঁৰি ভাইৰ জন্ম হল।
আব্দুল্লাহে আমিনা বিনত ওৱাহাবৰ লগত বিবাহ সম্পন্ন কৰিলে। বিবাহৰ কেইবছৰ মান পিছত তেওঁ শ্বাম (বৰ্তমানৰ ছিৰিয়া) দেশৰ ওজ্জা নামৰ ঠাইত ব্য়ৱসা-বাণিজ্য়ৰ কাৰণে যাত্ৰা কৰিলে। কিন্তু ওভতি অহাৰ সময়ত তেখেতে মৃত্য়ু বৰণ কৰে।
মদিনাত অৱস্থিত দাৰুন নাবিয়াহ নামৰ ঠাইত তেখেতক সমাধি কৰা হয়। পচিঁছ বছৰ বয়সত তেখেতৰ ৫৭০ খ্ৰীষ্টাব্দত ইহলীলা সম্বৰণ ঘটে।