লিখক- হাফিজ আলী
কাপোৰ এটা এনেকুৱা বস্তু যিটো মতা-মাইকী সকলোৰে কাৰণে দৰকাৰী। কাৰণ এই কাপোৰ পৰিধান কৰি আমি মানুহৰ লগত কথা পাতো। আৰু আমি ভাল দৰে জানো যে কাপোৰ অবিহনে আমি এজনে আনজনৰ সন্মুখত থিয় দিব নোৱাৰো। গতিকে এই কাপোৰ পিন্ধাৰ নানান ধৰ্মত নানা ধৰণৰ নিয়ম কাৰণ আছে। সেয়ে আমাৰ ইছলাম ধৰ্মতো কাপোৰ পিন্ধাৰ পদ্ধতি আমাৰ নবী (ছঃ) আৰু তেওৰ ছাহাবা সকলে দেখায় থৈ গৈছে। গতিকে আমি সকলোৱে সদায় নিজৰ ছৎৰে আউৰত লুকাই ৰাখিব লাগে।
আউৰত মানে যাক মানুহৰ সন্মুখত দেখুওৱাটো লজ্জাৰ বিষয় আৰু দোষৰ কথা আৰু ছৎৰ মানে হল গোপন কৰা।
আৰু ছতৰে আউৰত মানে গোপন ৰখাৰ বস্তু আৰু আউৰত মানে হল মহিলা।
গতিকে আমাৰ ইছলাম ধৰ্মত মহিলা সকলৰ ছৎৰ হলঃ মহিলা সকলে তাইৰ চেহৰা আৰু হাতৰ দুটা তালু আৰু ভৰিৰ পতা দুটাৰ বাহিৰে সৰ্বশৰীৰ সদায় গুপ্ত কৰি ঢাকি ৰাখিব লাগে।
নামাজৰ সময়ত যদি ওপৰত উল্লেখ কৰা কথাৰ বাহিৰে অইন কোনো অংগ দেখা যায় তেনেহলে নামাজ নষ্ট হৈ যাব। অৰ্থাৎ নামাজ বাতিল হৈ যাব।
আৰু ইছলাম ধৰ্মত মহিলাসকলে পৰ্দা কৰাটো বাধ্যতামূলক গতিকে পৰ্দা কৰা মানে হৈছে যে সৰ্বশৰীৰৰ লগতে মুখমণ্ডল আৰু দুটা হাতৰ তালু আৰু ভৰিৰ পতা দুখন গইৰ মোহৰামৰ সন্মুখত প্ৰকাশ নকৰা। (গইৰে মোহৰাম অৰ্থাতঃ যি সকলৰ লগত তিৰোতা সকলৰ বিবাহ জায়েজ আছে) (আৰু মোহৰম মানে অৰ্থাৎ:যি সকলৰ লগত বিবাহ জায়েজ নাই। যেনেঃ পিতা দাদা খুৰা নানা ইত্যাদি ।
আৰু ইছলাম ধৰ্মত পুৰুষ সকলৰ সদায় নাবীৰ তলৰ পৰা আঠুলৈকে ঢাকি ৰাখাটো বাধ্যতামূলক ।