মোদী চৰকাৰ অসমৰ অস্তিত্বক এক গভীৰ সংকটলৈ ঠেলি দি নাগৰিকত্ব সংশোধনী আইন জাৰি কৰাত ৰাজ্য় জুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে এই আইনৰ বিৰোধিতা কৰাৰ লগতে বাতিলৰো দাবী উত্থাপন কৰিছে। সমান্তৰালভাৱে ইয়াৰ আৰঁত গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত হৈ থকাৰে উমান পোৱা গৈছে । আশ্চৰ্যজনক বিষয়টো হল যি সকলে এখন শুদ্ধ (NRC)ৰ দাবীত বিগত সময়ছোৱাত ব্য়াপক আন্দোলন গঢ়ি তুলিছিল তেওঁলোকৰ একাংশই এতিয়া নিৰৱ হৈ আছে। খুদ বি,জে,পি দলৰ মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোনোৱাল জাতীয় নায়ক পৰিৱৰ্তে জাতীয় খলনায়ক হৈ গৈছে। ৰাজ্যৰ বিত্ত মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা “কা” ৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ পাঁচ লাখ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পাব বুলি ঘোষণা কৰিছে।কিয় অসমে এই পাঁচ লাখ হিন্দু অবৈধ বাংলাদেশীৰ বোজা বহন কৰিব। আন এজন বি জে পি বিধায়ক শিলাদত্যদেৱে ১৯৭১ চনৰ পাছত অসমলৈ এজনো হিন্দু বাংলাদেশী অহা নাই বুলি বিতৰ্কিত মন্তব্য দিছে।হিন্দুয়ে যদি অহা নাই তেনেহলে মুছলমানে কিয় আহিব? এখন পৃথক দেশ হোৱাৰ পাছতো মুছলিম অসমলৈ নাহে। বিজেপীয়ে অসমীয়া জাতিৰ ভাষা, সংস্কৃতি, ইতিহাসৰ শিপা উভালি পেলোৱাৰ লক্ষ্যৰে সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থপূৰণৰ বাবে আইন গতভাৱে বিদেশীক স্বদেশী কৰিব বিচাৰিছে। নাগৰিকত্ব আইন কৰি বাংলাদেশী হিন্দু নাগৰিক সকলক ভাৰতীয় নাগৰিক কৰিব বিচৰা কাৰ্য এক জাতীধবংসী কাৰ্য আৰু জাতীয়তাবাদ ধবংসৰ চেষ্টাহে ।যি সময়ত বাংলাদেশত হিন্দু লোক ন্যায়ধীশ মন্ত্ৰী, বিধায়ক আদি হৈছে তেনে সময়ত ধৰ্মীয় হিংসাৰ বলি হোৱা বুলি কৈ হিন্দু বাংলাদেশীক “কা” , ৰ জৰীয়তে ভাৰতীয় নাগৰিকত্ব প্ৰধান কৰা লজ্জাজনক কাণ্ড ।৫ লাখ হিন্দুৰ বোজা বহন কৰা সৰু সমস্যা বুলি অসমৰ মানুহক আভুৱা ভাঁৰিবলৈ চেষ্টা কৰিছে ।৫ লাখৰ ভিতৰত ইয়াৰ ২ লাখ বৰাকৰহে বুলি ব্যক্ত কৰি ৰাইজৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্তই বৰাক উপত্যকা অসমৰ নহয় বুলি ধাৰণা দিবলৈ চেষ্টা কৰিছে কিয় ?
মোদী চৰকাৰে নাজানিলেওঁ, অসম চৰকাৰে ভালদৰে জনা উচিত যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে ৰাজ্যখনৰ ৩,২৯,৯১,৩৮৪ জন লোক আবেদন কৰিছিল । সেই সময়ত লোকপিয়লৰ তথ্যৰ ওপৰত ভিত্তি কৰি অসমৰ জনসংখ্যা আছিল ৩,৩৭,২৬,৩৭৬ জন। ৭,৩৮,৯৯২ জন অসমত থকা বিদেশী লোকে তথ্য অভাৱত আবেদন কৰা নাই । এই সকলৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাহিৰত থাকিব লগা হোৱা ১৯,৪৬,৬৫৭ জন লোকৰ ভিতৰত গৰিষ্ঠসংখ্যক বাংলা-দেশৰ পৰা অহা বঙলী হিন্দু লোক । ৰাষ্ট্ৰ সংঘৰ ২০১৩ চনৰ ২১ ছেপ্টম্বৰৰ প্ৰতিবেদন স্পষ্ট কৰি দিছে যে ১৯৭৪ চনৰ ২৫ মাৰ্চৰ পাছৰ পৰা বাংলাদেশৰ পৰা চুবুৰীয়া ভাৰতলৈ প্ৰবজন ঘটি থকাৰ লগতে ২০০০ চনৰ পৰা ২০১৩ চনলৈ ৩২ লাখ লোক ভাৰতলৈ সোমাইছে । ৰাষ্ট্ৰ সংঘৰ অৰ্থনীতি আৰু সমাজ পৰিক্ৰমা বিভাগৰ লগতে মাৰ্কিণ গৱেষক সংস্থা “ CENTER FOR AMERICAN PROGRESS” ৰ প্ৰতিবেদন ১৯৭৪ চনৰ পৰা অসমলৈ হৈ থকা আৰু ভৱিষ্যতে হব লগা বিপজ্জনক অৱস্থা হব বুলি জাননী দিছে ।
আজি অসমৰ বুদ্দিজীৱি আৰু বিভিন্ন দল সংগঠন আদিয়ে প্ৰতিবাদ কৰি আছে, কাৰণ যেতিয়া সমগ্ৰ অসম খন ধবংসৰ কবলত আমি হাত গুছাই বহি থকাটো এক নিৰ্লজ্জকৰ কাম হব। অসমৰ প্ৰকৃত বীৰ লাচিত বৰফুকণে মাত্ৰ এটা গঢ় বন্ধাৰ কামত অমণযোগ হোৱাত এক ঘাপত মোমায়েকৰ গৰ্দন তৰোয়ালেৰে কাটি পেলাইছিল আৰু কৈছিল, যে দেশত কৈ মোমাই ডাঙৰ নহয়। তেনে সময়ত মন্ত্ৰীত্ত আৰু পদৰ স্বাৰ্থত অসম মাতৃৰ সৈতে গাদ্ধাৰী কৰা দেশদ্ৰোহীবোৰক কেনেদৰে উচিত শিক্ষা দিব লাগে সেয়া ২০২১ চনৰ নিৰ্বাচনত দেখুৱাব লাগে। যদি তেওঁলোকৰ মাজত শংকৰ-আজানৰ পৱিত্ৰ দেশৰ প্ৰতি যদি সন্মান আৰু শ্ৰদ্ধা থাকে তেনেহলে জাগি উঠক মোৰ অসমীয়া ৰাইজ সকল।
আমি অলপমান বিশ্লেষণত যাওঁ যে ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অসমত ১,৫৩,১১,৩৫১ জন অসমীয়া ভাষী লোক থকাৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা ৯০,২১,৫৩২ জন। ১৯৭১ত থকা ৬০.৮৯ শতাংশ অসমীয়াভাষী ২০১১ চনত ৪৮.৩৮ শতাংশ লৈ হ্ৰাস পোৱাৰ বিপৰীতে বাংলাভাষী ১৯৭১ চনত ১৯.৮৮ শতাংশ, ২০১১ত ২৮.৯১ শতাংশলৈ বৃদ্ধি পালে। ইপিনে একাংশ দল-সংগঠনে দাবী উত্থাপন কৰিছে যে, ৬৭ লাখ ৩৩ হাজাৰ হিন্দু বাংলাদেশী ভাৰতত সোমাইছে। আনকি বাংলাদেশত ১৯৭৮ চনত লোকপিয়ল কৰাৰ সময়ত সেই দেশৰ হিন্দু লোকৰ সংখ্যা আছিল ১৩.৫ শতাংশ। ২০১১ লোকপিয়ল অনুসৰি বাংলাদেশত বাংলাভাষী হিন্দু লোকৰ সংখ্যা ৮.৫ শতাংশ লৈ হ্ৰাস পালে। ১৯৭৮ চনৰ পৰা ২০১১ চনলৈ ৬৭ লাখ ৩৩ হাজাৰ হিন্দু বাংলাদেশী প্ৰতিবেশী ভাৰত সীমাৰ ভূমিখন্ড হিচাপে প্ৰধানতে অসম তাৰ পিছত ত্ৰিপুৰা, পশ্চিম বঙ্গত প্ৰৱেশ কৰিলে।
“কা” ৰ জৰিয়তে বিজেপি চৰকাৰে ৰঙা দলিচা পাৰি সুযোগ দিলে এইসকলও নিশ্চয় সুযোগ গ্ৰহন কৰিব কিন্তু প্ৰশ্ন উঠে যে অসমৰ ভৱিষ্যত কি হব ? নিশ্চয় পৰৱৰত্তী লোক পিয়লৰ তথ্যত অসমৰ ভাষা বিনা প্ৰতিদ্বন্দিতাৰে বাংলা ভাষা হৈ পৰিব । শ্ৰী মহাপুৰুষ শংকৰদেৱ আৰু ক্ৰমে অসমীয়া ভাষাৰ ত্ৰী মূৰ্তী সকল আৰু বিভিন্ন জনৰ অসীম কষ্টৰে জাতিয়বাদেৰে পোৱা সুৰীয়া অসমীয়া ভাষা অচল হৈ পৰিব। ভৱিষ্যতলৈ বাংলাদেশী হিন্দু নাগৰিক সকলে সুযোগ কৰিব। এনেকৈয়ে অবৈধ অনুপ্ৰৱেশ শৰনাৰ্থী হৈ যাব। এয়া সম্ভৱ হোৱাৰ একমাত্ৰ কাৰণ হৈছে বিজেপী চৰকাৰে আৰ এছ এছৰ দৃষ্টি ভংগীৰে আগবাঢ়িছে।
নাগৰিক পঞ্জীৰ টীৰ্গেট সংখ্যায়ালঘু মুছলমান ৰাষ্ট্ৰহীন কৰাৰ ষড়যন্ত্ৰ, এয়া মোৰ কথা নহয়, স্বয়ং ৰাষ্ট্ৰ সংঘৰ নিচিনা আন্ত-ৰাষ্ট্ৰীয় সংস্থাই গভীৰ উদ্বেগ প্ৰকাশৰে কৈছে, হেৰিচন একিনছ নামৰ এগৰাকী পলিচী এনলিষ্টিৰ দ্বাৰা যুগতোৱা সংশ্লিষ্ট মাৰ্কিন আয়োগৰ প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে, ২০১৯ বৰ্ষৰ আগষ্টত এন,আৰ,চি প্ৰকাশ পোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰ খনৰ মুছলমানৰবিৰোধী স্থিতি স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। কাশ্মীৰ ৩৭০ আইন উঠাই লোৱা, তিনি তালাক বিল পাছ কৰা,ৰাম মন্দিৰ পক্ষে ৰায় অহা, আৰু বিভিন্ন আইন এক উদাহৰণস্বৰপ।
মোৰ মূল কথা হৈছে, মই অসমীয়া, মোৰ পৰিচয় মই এজন ভাৰতীয়। মই দেশৰ ন্যায়ৰ হকে আন্তিম চেষ্টা কৰি যাম। অসমৰ অস্তিত্ব ৰক্ষাৰ যথাৰ্থ মোৰ এক মাত্ৰ অস্ত্ৰ হৈছে কলম। সৰ্ব প্ৰথমেই স্পষ্ট কৰি কব বিচাৰিছো যে অসমত শৰনাৰ্থী নাই। অবৈধ অনুপ্ৰৱেশ কাৰীহে আছে। শৰণাৰ্থী আছে যদি তেনেহলে কত কত আছে , কেইটা শিবিৰ আছে , কিমান সংখ্যক আছে , কেতিয়াৰ পৰা আছে , আৰু শৰণাৰ্থী সকলক ৰখাৰ বাবে কেন্দ্ৰিয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে কিমান আৰ্থিক সাহায্য লাভ কৰিছে সেয়া ৰাজহূৱা কৰক। নাই তেওঁলোকৰ মূখত কোনো উত্তৰ নাথাকিব। চৰকাৰে যেহেতু অসমবাসীক চুড়ান্ত আঘাত হানিছে , গতি্কে অসমবাসীয়ে চুড়ান্ত সিদ্ধান্ত গ্ৰহন কৰাৰ সময় হৈছ। জনসাধাৰণে চৰকাৰ এখন গঢ়িবোওঁ পাৰে প্ৰয়োজনত ভাঙিবো পাৰে। মই সকলো দল-সংগঠন আৰু প্ৰত্যেক নাগৰিকক “কা” ৰ বিৰূদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে আহ্বান জনালো।
আমাৰ চৰকাৰে উন্নয়নৰ কথা বাদ দি জাতিৰ মাজত ধৰ্মৰ নামত ভেদাভেদ সৃষ্টি কৰিব বিচাৰিছে। মাদ্ৰাছা-টোলৰ নিচিনা পৱিত্ৰ শিক্ষানুষ্টানবোৰক সংৰক্ষণৰ বাদে নিশেষ কৰিবলৈ উঠি লাগি পৰিছে। মাদ্ৰাছাত কোনো সন্ত্ৰসবাদীৰ প্ৰশিক্ষণ নিদিয়ে , তাতে দেশপ্ৰেমৰ কথাও কোৱা হয়। কেনেকৈ দেশৰ সু নাগৰিক হব পাৰি তাৰ বাবে পাঠ দান কৰা হয়। মই নিজেই এজন মাদ্ৰাছাৰ ছাত্ৰ। মই দাৰুল হুদা মুছলিম বিশ্ববিদ্যালয়ৰ উচ্চতম মাধ্যমিক প্ৰথম বৰ্ষত পঢ়ি আছো। যদি মোৰ কথাত কাৰোবাৰ দূখ লাগি থাকে তেনেহলে ক্ষমা প্ৰাৰ্থী। কাৰণ যদিওঁ মই প্ৰাপ্ত বয়স্ক হোৱা নাই তথাপিওঁ জাতিয়তাবাদৰ চিন্তাই মোক ভালদৰে ঘূমাব নিদিয়ে সেয়েহে মই কিছুমান জাগ্ৰত হোৱা কথাবোৰ লিখিত আকাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলো।
নামঃ শাহিনুৰ আলম