লেখকঃহাশ্বিদুল ইছলাম


ইছলামত সকলো কামৰ এক শৃংখল বদ্ধতা আমাৰ গ্ৰন্থসমূহত পোৱা যায়। আমাৰ অন্তিম নবী মোহাম্মাদ (ছাঃ) মে যি কৈছে সেইটো কৰা ডাঙৰ পুণ্যৰ কাম। সেইদৰে আমাক খোৱা-বোৱাত কিছুমান আদব আৰু নিয়ম কানুন দেখুৱাইছে । আমি এইবিলাক নীতি-নিয়ম অন্তৰৰে পালন কৰাৰ চেষ্টা কৰিম।
সৰ্বপ্ৰথমে আমি খোৱাৰ আগত হাতদুখন ধুই পৰিস্কাৰ কৰি সোঁহাতেৰে বহিহে খাদ্য গ্ৰহণ কৰিব লাগে। (বিছমিল্লাহ)কৈ খোৱা আৰম্ভ কৰিব , আৰু যদি –বিছমিল্লাহ- কোৱা পাহৰি যায় তেনেহলে (বিছমিল্লাহি আওৱালাহু ওৱা আখিৰাহু) কব। নবী (ছাঃ) মে কৈছে প্লেটৰ যিকোনো একাষৰ পৰা খোৱা, কাৰণ বৰকত কাহীৰ মাজত উদয় হয়। সেইবাবে আমি প্লেটৰ ভিন ভিন ঠাইৰ পৰা খোৱাৰ পৰিৱৰ্তে একাষৰ পৰা খাব লাগে। নবী(ছাঃ) মে কৈছে যদি আমাৰ খোৱাৰ পিছত পেট ভৰা নাই তেন্তে হয়তো আমি একলগে সকলোৱে মিলি আহাৰ গ্ৰহণ কৰা নাই নাইবা (বিছমিল্লাহ) কোৱা নাই।
পানী অথবা বেলেগ কোনো জুলীয়া বস্তু পিয়াৰ সময়তো এইবিলাক কানুন মানি চলা উচিত। নবী(ছাঃ) মে সদায় পানী বহিহে পান কৰিব কৈছে, যদি আমি পাহৰি যাও বমি পৰ্যন্ত কৰাৰ আদেশ কৰিছে। আমি কেতিয়াও একে নিশ্বাসত উটৰ দৰে পিব নালাগে। নবী(ছাঃ)ৰ দৰে তিনি নিশ্বাসে পিয়া ছুন্নত । ইয়াৰ উপৰি পানীত নিশ্বাহ এৰিব নালাগে।
আহাৰৰ প্ৰশংসা কৰা বা গুণ গোৱাও এক ছুন্নত , বেয়া হলেও তাক কেতিয়াও প্ৰকাশ নকৰা ভাল। খাদ্য ভাল লাগিলে লোৱা আৰু বেয়া লাগিলে এৰিব পাৰি। এবাৰ নবী(ছাঃ) ক কেৱল মাত্ৰ ভিনেগাৰক আঞ্জা হিচাপে খাব দিয়া হৈছিল; তথাপিও তেখেতে সেয়াক প্ৰশংসা কৰিছে।
আমি সাৱধান হোৱা দৰকাৰ যাতে পাতত কোনো দানা বাকী নাথাকে আৰু লগতে থালিখন চেলেকি খাব লাগে,কিয়নো আমি নাজানো কোনখিনি আহাৰত বৰকত দিয়া হৈছে।
অন্যক এইবিলাকৰ প্ৰতি উপদেশ দিয়াও মুছতাহাব। সেইবাবে আমিতো কৰিমেই লগতে বেলেগ মুছলমান ভাই-ভনীকো কৰাৰ উপদেশ দিম।খোৱাৰ-বোৱাৰ শেষত আল্লাহ তালাৰ প্ৰশংসাৰ হকে (আলহামদুলিল্লাহ) পঢ়িব লাগে।

Show CommentsClose Comments

Leave a comment