লেখকঃ হালিমুজ জামান


আমি জানো যে,ধৈৰ্য্য এটা এনেকুৱা বস্তু যাৰ অবিহনে আমাৰ জীৱন আধৰুৱা,কাৰণ আমি আমাৰ লক্ষ্যত উপনিত হবলৈ আমি বহুত কষ্ট আৰু ধৈৰ্য্যৰে আগবাঢ়িব লাগিব। আৰু যদি আমি আমাৰ জীৱনত বহুত দুখ বা মুচিবত (দুৰ্যোগ)ত ভুক্তভোগী হৈ থাকো তথাপিও আমি ধৈৰ্য্য ধৰিব লাগিব কাৰণ এদিন ইয়াৰ ফল আমি নিশ্চয় ভাল আৰু মিঠায়ে পাম।
আহক এতিয়া আমি ধৈৰ্য্যৰ বিষয়ে কোৰান আৰু হাদিছৰ পোহৰত অলপ বিশ্লেষণ কৰোঁ আল্লাহ তালাই কোৰানত কৈছে,( إن الله مع الصابرين)নিশ্চয় আল্লাহ তালাই ধৈৰ্য্যকাৰীসকলৰ লগত আছে। কোৰানৰ আন ঠাইত উল্লেখ আছে, ( إنما يوفى الصابرون أجرهم بغير حساب)যি সকল মানুহে ধৈৰ্য্য ধৰিব তেওঁলোকক আল্লাহে অগণণ চোৱাব দিব।
و عن أبي يحيى صهيب بن سنان رضي الله عنه قال قال رسول الله صلى الله عليه و سلم عجبا لأمر المؤمن إن أمره كله له خير وليس ذاك لأحد إلا للمؤمن ذاك لأحد إلا للمؤمن إن أصابته سراء شكرفكان خيرا له وإن أصابته ضراء صبر فكان خيرا له – رواه مسلم-
এটা হাদিছত নবী(ছাঃ) মে কৈছে যে- মুমিনৰ সকলো কামেই আচৰিত কাৰণ তেওঁৰ বাবে সকলো কামেই ভাল আৰু “আচৰিত” সেই সকলৰ বাবেহে যি সকল মুমিনে সুখৰ সময়ত আল্লাহক শ্বুকুৰ কৰে আৰু দুখৰ সময়ত ধৈৰ্য্য ধৰে । সুখৰ সময়ত আল্লহক শ্বুকুৰ কৰে আৰু দুখৰ সময়ত ধৈৰ্য্য ধৰে দুয়োটাই তেওঁলোকৰ বাবে ভাল।
গতিকে,আমি সুখৰ সময়ত আল্লাহক শ্বুকুৰ কৰিব লাগে তেতিয়াহে আল্লাহে আমাক বেছি বেছিকৈ দয়া কৰিব আৰু নিমত দিব আৰু দুখৰ সময়ত ধৈৰ্য্য ধৰিব লাগে । তেতিয়া আল্লাহে অগণণ ছোৱাব দিব ।
وعن أنس بن مالك رضي الله عنه قال قال رسول الله صلى الله عليه و سلم لا يتمنين أحدكم الموت لضر أصابه فإن كان لا بد فاعلا فليقل اللهم أحيني ما كانت الحياة خيرا لي وتوفني إذا كانت الوفاة خيرا لي –متفق عليه-
আৰু এই হাদিছত নবী (ছাঃ) কৈছে যে,তোমালোকৰ মাজৰ পৰা কোনেও কোনোবা এটা দুখৰ বাবে বা দুৰ্যোগৰ বাবে মৃত্যুৰ আশা নকৰিবা আৰু যদি কৰিবয়ে লগা হয় তেনেহলে এনেকৈ কবা – হে, আল্লাহ মোক তুমি জীয়াই ৰখা যদি মোৰ বাবে এই জীৱন ভাল হয় আৰু মোক মৃত্যু দিয়া যদি মোৰ বাবে মৃত্যু ভাল হয়।
এই হাদিছৰ পৰা আমি বুজিব পাৰো যে যিকোনো কামেই হওক আমি প্ৰথমে ধৈৰ্য্যহে ধৰিব লাগিব।
وعن أنس رضي الله عنه قال قال رسول الله صلى الله عليه وسلم إذا أراد الله بعده خيرا عجل له العقوبة في الدنيا و إذا أراد الله بعده الشر أمسك عنه بذنبه حتى يوافي به يوم القيامة
وقال النبي صلى الله عليه و سلم إن عظم الجزاء مع عظم البلاء و إن الله تعالى إذا أحب قوما إبتلاهم فمن رضي فله الرضا ومن سخط فله السخط –رواه الترمذي وقال حديث حسن –
এই হাদিছত নবী(ছাঃ) কৈছে যে, যদি আল্লাহ তালাই কাৰোবাৰ পৰা ভাল আশা কৰে তেতিয়া তেওঁক দুনিয়াত সোনকালে শাস্তি দিয়ে।আৰু যদি বেয়া আশা কৰে তেতিয়া দুনিয়াত লাহে লাহে শাস্তি দিয়ে আৰু কিয়ামতৰ দিন গোটেই সম্পূৰ্ণ কৰে, ঠিক তেনেদৰে যদি এটা সম্প্ৰাদয়ক ভাল পায় তেতিয়া সেই সম্প্ৰাদয়ক বহুত শাস্তি আৰু দুৰ্যোগেৰে পৰীক্ষা কৰে যদি তেওঁলোকে এই দুৰ্যোগৰ পিছতো আল্লাহৰ প্ৰতি সুখী তেতিয়া আল্লাহেও তেওঁলোকৰ ওপৰত সুখী হয়।আৰু যদি বেয়া বা নাৰাজ হয় তেনেহলে আল্লাহেও সেই সম্প্ৰাদয়ৰ ওপৰত নাৰাজ হয়।
গতিকে, ইয়াৰ মূলকথা হল যে আল্লাহে দিয়া সকলো দুখ,আযাব আৰু দুৰ্যোগৰ ওপৰত আমি ধৈৰ্য্য ধৰিব লাগিব। তেতিয়াহে আল্লাহে আমাক সহায় কৰিব আৰু অগণণ ছোৱাব দিব।

Show CommentsClose Comments

Leave a comment