শেহতীয়াকৈ এইবাৰৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ বিষয়বিলাকত আমি স্বাভাৱিকতে উদ্দিগ্ন আৰু বিপন্ন বোধ কৰি আছো। কিয়নো প্ৰত্যেক বছৰৰ নিচিনা এইবাৰো নিৰ্বাচনৰ আগমুহূৰ্তত দাখিল কৰা অসম-পশ্চিমবংগ নিৰ্বাচনকেন্দ্ৰীত বাজেটখন হৈছে ৰাইজৰ ওপৰত এক বৃহত মাধমাৰ,আৰু পুঁজিপুতিলৈ সকাহ। কোন দলৰ আদৰ্শৰ প্ৰতি জনসাধাৰনে কিমান অকুন্ঠ সমৰ্থন জনালে সেইবোৰ নিতান্তই গতানুগতিক কথা, কিন্তু এইবাৰৰ বাজেটত চৰকাৰৰ কাণ্ড কাৰখানাই বিফলতা একেবাৰে জল্জল্-পটপটকৈ উন্মোচন কৰিলে।
নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা দেশত মূল্যবৃদ্ধিয়ে অভিলেখ ৰচিছে। আই এ এন এছ – চি ভোটাৰ্শ ৰ সমীক্ষাত এই কথা প্ৰকাশ পাইছে যে ২০২০ বৰ্ষত চলোৱা এই সমীক্ষাত ৭২.১ শতাংশ অংশ গ্ৰহণকাৰীয়ে মোদীৰ আমোলত অনিয়ন্ত্ৰীত মূল্যবৃদ্ধি তথা চৰকাৰৰ আটাইতকৈ ডাঙৰ ব্যৰ্থতা বুলি মত প্ৰকাশ কৰিছে। সীতাৰামণৰ বাজেটক লৈ কেন্দ্ৰীয় চৰকাৰক স্বয়ং বেজিপি সাংসদ সুব্ৰক্ষ্মণি স্বামীয়ে কৈছে যে,
” ৰামৰ ভাৰততকৈ ৰাৱণৰ লংকাত সশ্তা পেট্ৰল ”। পেট্ৰল ডিজলৰ মূল্যক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰিয়েই হাহাকাৰ কৰি আহিছে সাধাৰণ জনতাই । কিয়নো পেট্ৰ পণ্যত মূল্যবৃদ্ধি হলে ইয়াৰ পোনপটীয়াকৈ প্ৰভাৱ পৰে মধ্যবিত্ত ,আৰু নিম্ন মধ্য বিত্তৰ সংসাৰত। এনে পৰিস্থিতিক বাজেটত এই দুই পেট্ৰ পণ্যৰ ওপৰত উপকৰ আৰোপ কৰিলে কেন্দ্ৰীয় চৰকাৰে।
এই বছৰৰ বাজেটখনৰ উল্লেখনীয় দিশবোৰত শ্বাস্থ্যখণ্ডক দেখুওৱা হৈছে। মন কৰিব লগীয়া কথা এইটো যে শ্বাস্থ্য শিতানত ধাৰ্য্য কৰা সৰহভাগ ধন তথা ৩৫ হেজাৰ কোটি টকা কোৰোণা প্ৰতিষেধকৰ ব্যৱহৃত হব । গতিকে স্বাস্থ্য শিতানত প্ৰকৃততে অধিক ধন ধাৰ্য্য হোৱা কৱ নোৱাৰী। ভাৰতবৰ্ষই মুঠ ঘৰুৱা উতপাদনৰ ১.২৮ শতাংশহে স্বাস্থ্য শিতানত ব্য়য় কৰে। আমাৰ দেশৰ প্ৰতি ১০,১৮৯ গৰাকী মানুহৰ বিপৰীতে মাত্ৰ এগৰাকীহে চৰকাৰী ডাক্তৰ আছে। বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন দিয়া হাৰতকৈ প্ৰায় ১০ গুণ কম ডাক্তৰ ভাৰতত আছে। গতিকে বাজেটত ধাৰ্য কৰা ধন যথেষ্ট বুলি কব নোৱাৰি।
এইবাৰৰ বাজেটৰ আটাইতকৈ লক্ষ্যণীয় দিশটো হল শিক্ষা শিতানত ধন আৱন্টনৰ পৰিমাণ হ্ৰাস। যোৱাবাৰৰ বাজেটৰ তুলুনাত এইবাৰ শিক্ষা শিতানত মুঠতে ৬০৮৮ কোটি টকা কমকৈ ধাৰ্য কৰি শিক্ষা সচেতন সনসাধাৰনক হতাশ কৰিছে চৰকাৰে। যোৱা ১০ মাহ ধৰি স্কুল তথা বিশ্ববিদ্য়ালয়সমূহ বন্ধ হৈ থকাৰ ফলত শিক্ষাৰ যথেষ্ট ক্ষতি হোৱাৰ সময়ত শিক্ষা বাজেটত ধন হ্ৰাস কৰাটো এক দুৰ্ভাগ্যজনক বুলি বহুতেই কৈছে। শিক্ষাৰ ওপৰত বৰ্তমানৰ বিজেপি চৰকাৰে আগেয়েও অৱহেলা প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাইছো। যোৱা ২০২০-২১ত শিক্ষা শিতানত ধাৰ্য কৰা ধনৰ সম্পূৰ্ণ খৰচ কৰাত ব্য়ৰ্থ হয়। চৰকাৰে সগৌৰৱে আগেয়ে নতুন শিক্ষানীতি ঘোষণা কৰিছে যদিও শিক্ষানীতিক অৰ্থহীন কৰি তুলিব। শিক্ষকসকলে যদি ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হয় তেন্তে সেই জাতি কেতিয়াওঁ আগুৱাই যাব নোৱাৰে।
আমাৰ অসমতেই এতিয়াওঁ হাজাৰ হাজাৰ ভেনচাৰ শিক্ষক সকলক নিজৰ প্ৰাপ্য় বিচাৰী চৰকাৰক মিনতি কৰি আছে।
শিক্ষাৰ দৰেই কৃষখণ্ডতো বাজেটৰ ধন আগৰ বাজেটতকৈ কম ধাৰ্য কৰা হৈছে। মুঠতে ৮.৫৩ শতাংশ ধন কমকৈ ধাৰ্য কৰা হৈছে কৃষিখণ্ডত। একে দৰেই মহিলা আৰু শিশু খণ্ডতো আগৰ বছৰৰ বাজেটৰ তুলনাত ৫,৫৭২ কোটি টকা কমকৈ ধাৰ্য কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদিও কৈছে তেওঁৰ চৰকাৰে মহিলাক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে, তথাপি বাজেটত মহিলা আৰু শিশু বাজেটত ধন হ্ৰাস কৰি তেওঁ ওলোটা চানেকিহে দেখুৱাইছে।
এইবাৰৰ বাজেটৰ আন এক লক্ষাণীয় দিশ, কেন্দ্ৰীয় চৰকাৰে কেবাটাও লাভজনক ৰাজহুৱা খণ্ড ব্যক্তিগত খণ্ডৰ ওপৰত এইবাৰৰ বাজেটৰ আন এক লক্ষাণীয় দিশ, কেন্দ্ৰীয় চৰকাৰে কেবাটাও লাভজনক ৰাজহুৱা খণ্ড ব্যক্তিগত খণ্ডৰ ওপৰত সঁপি দিবলৈ বিচাৰিছে। জীৱন বিমা, সাধাৰণ বিমা ( জি আই চি), বি পি চি এল, এয়াৰ ইণ্ডিয়া, শ্বিপিং কৰ্পৰেছন অৱ ইণ্ডিয়া ইত্য়াদি ৰাজহুৱা খণ্ডৰ উদ্য়াগবোৰ নিৰ্বিয়োগৰ যোগেৰে ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ প্ৰস্তাৱ এইবাৰৰ বাজেটত দিয়া হৈছে। এই ৰাজহুৱা গুৰুত্ব খণ্ডৰ হাতত দিয়া কাৰ্যক কংগ্ৰেছে সমালোচনা কৰি কৈছে যে এনে ধৰণৰ ৰাজহুৱা খণ্ডৰ বিক্ৰী পৰিয়ালৰ সাঁচতীয় সোণ-ৰূপ বিক্ৰীৰ দৰেহে হৈছে। কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামণৰ লক্ষ্যবিহীন বাজেটক সমালোচনা কৰি গাড়ী মেকানিক এজন উদাহাৰণ দি কৈছে যে মেকানিকজনে গাড়ীখনৰ ব্ৰেক ভাল কৰিব নোৱাৰি গাড়ীৰ গৰাকীক কলে যে যিহতু তেওঁ ব্ৰেক ভাল কৰিব নোৱাৰিলে, গতিকে তেওঁ গাড়ীৰ হৰ্ণটো জোৰকৈ বজাৰ ব্যৱস্থা কৰি দিছে যাতে মানুহে হৰ্ণৰ শব্দত আতঁৰি যায়। ইয়াৰ দ্বাৰা তেওঁ ইয়াকে বুজাইছে যে আচল সমস্যাটো সমাধান কৰিব নোৱাৰি সীতাৰামণে চালে-বেৰে কোবাই আছে।
বহুতেই বাজেটখনৰ সমালোচনা কৰি কৈছে এই বাজেটে জনসাধাৰণক সকাহ দিয়াৰ পৰিৱৰ্ত্তে চাৰি পুঁজিপতি বৃহত ব্যৱসায়ীসকলে কহে সকাহ দিশে। গ্ৰাম্য় আন্তঃগাঁথনিক চৰকাৰে এইবাৰৰ বাজেটত গুৰুত্ব দিয়া নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনা,প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আদি আঁচনিসমূহত বাজেটত ধন বৃদ্ধি কৰা হোৱা। এম এনৰেগা আঁচনিতো চলিত বছৰৰ তুলনাত ৩৫ শতাংশ ধন কমকৈ ধাৰ্য কৰা হৈছে। স্কুলসমূহলৈ আগবঢ়োৱা দুপৰীয়াৰ আহাৰ আঁচনি, অংগনৱাড়ীৰ জৰিয়তে আগবঢ়োৱা পুষ্টিজনিত আঁচনিসমূহক চৰকাৰে বাজেটত অৱহেলা কৰাহে আমি দেখিছো। অলপতে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় পৰিয়াল শ্বাস্থ্য জৰীপত কোৱা হৈছে যে সমগ্ৰ ভাৰতত জুৰি পৰিপুষ্টিৰ অভাৱ ঘটিছে, বিশেষকৈ শিশু আৰু মহিলাসকলৰ ভিতৰত। গতিকে দেশখনৰ শিশু আৰু মহিলাসকলৰ মাজত ঘটা পুষ্টিৰ অভাৱে সমাজৰ শ্বাস্থ্য ওপৰত বেয়াকৈ প্ৰভাৱ পেলাব। আটাইতকৈ উদ্ধেগজনক বিষয় এয়ে যে এইবাৰ অসম, পশ্চিমবংগ, তামিলনাডু আৰু কেৰেলা আদি ৰাজ্যত বিধানসভা নিৰ্বাচন অচিৰেই অনুষ্ঠিত কৰা হব। বাজেটখনত এইকেইখন ৰাজ্যত আন্তঃগাঁথনি আদি বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, কৃষকৰ বাবে লোৱা কেতবোৰ আঁচনিও নিৰ্বাচনি প্ৰচাৰৰ সময়ত ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হব বিচাৰিছে যিটো অনৈতিক তথা চৰকাৰী ধন অপব্যৱহাৰ কৰি ক্ষমতালৈ অহাৰ প্ৰচেষ্টাহে
Show CommentsClose Comments