লেখকঃ শাহিনুৰ আলম
ৰোজা বা ৰোযা (ফাৰ্চী روزہ ৰুজ়ে), সাউম (আৰবী صوم স্বাউম্), বা ছিয়াম হ’ল ইছলাম ধৰ্মৰ পাঁচটা মূল ভিত্তিৰ তৃতীয়। ছুবহে ছাদেকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰৰ পানাহাৰ আৰু লগতে যাৱতীয় ভোগ-বিলাসৰ পৰা বিৰত থকাৰ নামেই হৈছে ছিয়াম। ইছলামী বিধান অনুসৰি, প্ৰতিজন সবল মুছলিমৰ বাবে ৰমাদ্বান মাহৰ প্ৰতিদিন ছিয়াম (ৰোজা) ৰখা ফৰজ (فرض ফ়াৰ্দ্ব) বা অৱশ্য পালনীয়।
■ ছিয়ামৰ অৰ্থ – ছিয়ামৰ শাব্দিক অৰ্থ হ’ল বিৰত থকা। ফাৰ্চী ভাষাত ইয়াক ৰোজা বোলা হয়।
ৰোজাৰ ফজিলতসমূহ
(১) আল্লাহে স্বয়ং নিজে ছিয়ামৰ প্ৰতিদান দিব-
হাদীছে কুদছীতত আছে, আল্লাহ তা‘আলাই কৈছেঃ
‘‘মানুহৰ প্ৰতিটো ভাল কাম নিজৰ বাবে হৈ থাকে, কিন্তু ছিয়াম একমাত্ৰ মোৰ বাবে, সেয়ে আমি নিজেই ইয়াৰ প্ৰতিদান দিম।
(২) ছিয়াম অতি উত্তম নেক আমল-
■ আবূ হুৰাইৰাহ ছল্লাল্লাহু আলাইহি ওয়াছাল্লাম’ৰ এটি হাদীছত তেখেতে কৈছেঃ
‘‘হে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম! মোক এটি অতি উত্তম নেক আমলৰ নিৰ্দেশ দিয়ক। ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কলে, তুমি ছিয়াম পালন কৰা। কিয়নো ইয়াৰ সমমৰ্যাদা সম্পন্ন কোনো আমল নাই।
কোৱা হয় অন্যান্য ইবাদত মানুহে দেখিবলৈ পায়। কিন্তু ছিয়ামৰ মাজত সেইটো নাই। লোকক দেখুৱাৰ কোনো আলামত ছিয়াম পালনত নাথাকে। মাত্ৰ আল্লাহক সুখি কৰাৰ বাবে কৰা হয়। সেয়ে এই ইবাদতৰ মাজত আছে বিশুদ্ধ ইখলাছ।
■ হাদীছে কুদছীত আল্লাহ তা‘আলায়ে কৈছে,
‘‘ছিয়াম পালনকাৰী একমাত্ৰ মোক সুখী কৰাৰ বাবেই পানাহাৰ ও যৌন উপভোগ পৰিহাৰ কৰে।
(৩) ক) জান্নাত লাভ সহজ হৈ যাব-
ছহীহ ইবনু হিববান কিতাবত আছে আবূ উমামা ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামক সুধিলেঃ
আবূ উমামা ৰাদিয়াল্লাহু আনহুয়ে কয়, হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা এটি আমলৰ কথা কওক যাৰ কাৰণে মই জান্নাতত যাব পাৰো। তেখেতে কলে, তুমি ছিয়াম পালন কৰা। কিয়নো ইয়াৰ সমমৰ্যাদা সম্পন্ন কোনো ইবাদাত নাই।
খ) ছিয়াম পালনকাৰীকে বিনা হিচাপত প্ৰতিদান দিয়া হয়-
অন্যান্য ইবাদতৰ প্ৰতিদান আল্লাহ তা‘আলায়ে তাৰ দয়াৰ বদৌলতত ১০ ৰ পৰা ৭০০ গুণ পৰ্যন্ত বঢাই দিয়ে। কিন্তু ছিয়ামৰ প্ৰতিদান ও তাৰ চাওয়াব ইয়াতকৈও বেহিচাপ সংখ্যা দি গুণ দি বঢাই দিয়া হ’ব। হাদীছে কুদছীত আল্লাহে কৈছে,
‘‘মানব সন্তানৰ প্ৰতিটো নেক আমলৰ প্ৰতিদান দশৰ পৰা সাতশ গুণ লৈকে বৃদ্ধি কৰা হৈ থাকে। আল্লাহ তা‘আলায়ে কৈছে, কিন্তু ছিয়ামৰ বিষয়টো ভিন্ন। কিয়নো ছিয়াম একমাত্ৰ মোৰ বাবে, ময়েই ইয়াৰ প্ৰতিদান দিম।
সেয়েহেইমুছলিমসকলে বিশ্বাস কৰে যে, কি পৰিমাণ সংখ্যা দি গুণ কৰি ইয়াৰ প্ৰতিদান বঢ়িই দিয়া হ’ব ইয়াৰ কোনো হিচাপ নাই, একমাত্ৰ আল্লাহেই জানে ছিয়ামৰ পুণ্যেৰ ভাণ্ডাৰ কিমান সুবিশাল হ’ব।
(৪) জাহান্নামৰ পৰা মুক্তি পোৱাৰ বাবে ছিয়াম ঢাল স্বৰূপ-
ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছেঃ
‘‘ছিয়াম ঢাল স্বৰূপ। ইয়াৰ দ্বাৰা বান্দা তাৰ নিজক জাহান্নামৰ জুইৰ পৰা ৰক্ষা কৰিব পাৰা। ’’
(৫) জাহান্নামৰ পৰা বঁচাৰ বাবে ছিয়াম এটি মজবুত দূৰ্গ-
হাদীছত আছে,
‘‘ছিয়াম ঢালস্বৰূপ আৰু জাহান্নাম পৰা বঁচাৰ এক মজবুত দূৰ্গ। ’’
(৬) হাদিছত মতে, কোনোৱে যদি একমাত্ৰ আল্লাহক খুছী কৰাৰ কাৰণে এদিন ছিয়াম (ৰোজা) ৰাখে আল্লাহে তাক জাহান্নামৰ জুইৰ পৰা সত্তৰ বছৰৰ ৰাস্তাৰ পৰিমাণ দুৰবৰ্তী স্থানত ৰাখিব।
(৭) হাদিছত আহিছে, ইফতাৰৰ মহূৰ্তত আল্লাহে বহু লোকক জাহান্নামৰ পৰা মুক্তি দিয়ে। মুক্তিৰ এই প্ৰক্ৰিয়া ৰমজানৰ প্ৰত্যেক ৰাতিয়েই চলি থাকে।
(৮) ছিয়াম (ৰোজা ) ৰখা ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মেশ্কেৰ সুগন্ধিতকৈয়ো উত্তম।
ৰাছুলুল্লাহ (ছ) য়ে কৈছে যাৰ হাতত মোৰ প্ৰাণ আছে সেই সত্তাৰ শপথ, ছিয়াম (ৰোজা) ৰখা ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মেশ্কেৰ সুগন্ধিতকৈয়ো উত্তম।
(৯) ৰাছুলুল্লাহ (ছ) য়ে কৈছে ছিয়াম (ৰোজা) ৰখা ব্যক্তিৰ কাৰণে দুটা বিশেষ আনন্দৰ মহূৰ্ত আছে। ক) ইফতাৰৰ সময় খ) আল্লাহৰ লগত সাক্ষাতৰ সময়।
(১০) ৰোজাই কিয়ামতৰ দিনা আল্লাহৰ ওচৰত চুপাৰিছ কৰিব,
হাদিছত এনেদৰে বৰ্ণনা কৰা হৈছে, যে হে মোৰ ৰব, মই দিনৰ সময়ত তাক (ৰোজা ৰখা ব্যক্তিক) পানাহাৰ আৰু যৌনতাৰ পৰা বিৰত ৰাখিছো। হে মোৰ ৰব সেইকাৰণে ইয়াৰ বাবে তুমি মোৰ চুপাৰিছ কবুল কৰা।
ঠিক তেনেদৰে কোৰআনয়েও ক’ব, হে মোৰ ৰব মোক পঢ়াৰ কাৰণে মই তাক ৰাতি টুপনিৰ পৰা বিৰত ৰাখিছিলো। হে মোৰ ৰব সেইকাৰণে ইয়াৰ বাবে তুমি মোৰ চুপাৰিছ কবুল কৰা। ৰাছুলুল্লাহ (ছ) য়ে কৈছে, তাৰ পিচত সিহঁতৰ চুপাৰিছ আল্লাহে কবুল কৰিব।
(১১) ছিয়াম হ’ল গুনাহৰ (পাপৰ) কাফফাৰা-
ক) আল্লাহ তাআলাই কৈছে, নিশ্চয় নেক আমলে পাপবোৰ দূৰ কৰি দিয়ে।
খ) নবী (ছ) য়ে কৈছে যে ,পৰিবাৰ পৰিজন, ধন-সম্পদ আৰু প্ৰতিবেশিসকলক লৈ জীবন ধাৰণা কৰাৰ পথত যিবোৰ গুনাহ মানুহৰ হৈ যায় সেইবোৰ গুনাহক ছালাত, ছিয়াম আৰু দান খাইৰাতে মুছি পেলাই।
(১২) ছিয়াম পালনকাৰীৰ এক ৰমাদ্বানৰ পৰা পৰবৰ্তী ৰমাদ্বানৰ মধ্যবৰ্তী সময়ত হৈ যোৱা ছগীৰা গুনাহবোৰক আল্লাহে মাফ কৰি দিয়ে-
(ক) আল্লাহ তাআলাই কৈছে যে,
‘‘তোমালোকে যদি নিষিদ্ধ কবীৰা গুনাহৰ পৰা বিৰত থকা তেনেহলে তোমাৰ ছগীৰা গুনাহবোৰ ক্ষমা কৰি দিয়া হব আৰু (জান্নাতত) তোমাক সম্মানজনক স্থানত প্ৰবেশ কৰোৱা হ’ব।
(খ) ৰাছূলুল্লাহ (ছ) য়ে কৈছে যে,
পাঁচ ওয়াক্ত ছালাতৰ (নামাজৰ) মধ্যবৰ্তী সময় আৰু এক জুম্মাৰ পৰা পৰৱৰ্তী জুম্মালৈ আৰু এক ৰমযানৰ পৰা পৰৱৰ্তী ৰমযানলৈ মাজত হোৱা ছগীৰা গুনাহবোৰক (উল্লিখিত ইবাদতৰ) কাফ্ফাৰা স্বৰূপে মাফ দিয়া হব, যদি তেও কবীৰা গুনাহৰ পৰা বাচি থাকিব পাৰে।
(১৩) ছিয়াম পালনকাৰীৰ পূৰ্বৰ গুনাহ মাফ কৰি দিয়া হয়- নবীজি ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে, যি ব্যক্তিয়ে ঈমান আনি ছোৱাব অৰ্জনৰ আশাত ৰমযানৰ গোটেই কেইটা ছিয়াম পালন কৰিব, তাৰ অতীতৰ সকলো গুনাহ মাফ কৰি দিয়া হ’ব।
(১৪) ছিয়াম যৌনপ্ৰবৃত্তি নিয়ন্ত্ৰণত ৰাখে- ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে, হে যুৱক সকল! তোমালোকৰ মাজত যাৰ সমৰ্থ আছে তেও যেন বিবাহ কৰাই। কিয়নো বিবাহে দৃষ্টি আৰু লজ্জাস্থান হেফাযত কৰি ৰাখে। আৰু যি ব্যক্তিৰ বিবাহৰ সামৰ্থ নাই তেও যেন যেন ছিয়াম পালন কৰে। কাৰণ এইটো তাৰ কাৰণে নিবৃতকাৰী। (অৰ্থাৎ ছিয়াম পালন যৌন প্ৰবৃত্তি নিবৃত কৰি ৰাখে)।
(১৫) ছিয়াম পালনকাৰী সকল ৰাইয়ান নামৰ বিশেষ এখন দৰ্জাৰে জান্নাতত প্ৰবেশ কৰিব- হাদিছত এনেদৰে আছে, জান্নাতত এখন দৰ্জা আছে যাৰ নাম ৰাইয়্যান। কিয়ামতৰ দিনা কেবল ছিয়ামপালনকাৰী সকলেই সেই দৰ্জাৰে প্ৰবেশ কৰিব। সিহঁতৰ বাহিৰে অন্য কোনেও সেই দৰজাৰে প্ৰবেশ কৰিব নোৱাৰিব। সেইদিনা ঘোষণা কৰা হব, ছিয়াম পালনকাৰীসকল ক’ত? (ৰোজা ৰখা সকল ক’ত) তেতিয়া সিহঁতে থিয় হৈ যাব সেই দৰজাৰে প্ৰবেশ কৰাৰ কাৰণে। সিহঁত প্ৰবেশ কৰাৰ পাছত সেই দৰ্জাখন বন্ধ কৰি দিয়া হ’ব। ফলত সিহঁত ব্যতীত অন্য কেনেও সেইখন দৰ্জাৰে জান্নাত প্ৰবেশ কৰিব নোৱাৰিব।
ছিয়ামৰ_উপকাৰিতা!
ৰোজাৰ ওপৰত গৱেষণা কৰি ভিন্নধর্মী ওছুমিয়ে ইং ২০১৬ চনত নোবেল জয় কৰিছিল !!!
মুছলিমসকলে ৰোজাক ’ছিয়াম’ বুলি কয়। খ্রীষ্টানসকলে ৰোজা ৰখাক ‘ফাষ্টিং’ বুলি কয়। হিন্দু বা বৌদ্ধসকলে ৰোজা ৰাখিলে তাক কোৱা হয় ’উপবাস’।
বিপ্লবীসকলে ৰোজা ৰাখিলে তাক ’অনশন’ বুলি কোৱা হয়। আনহাতে চিকিৎসা বিজ্ঞানত ৰোজা ৰখাক কোৱা হয় ’অটোফেজি’।
কিন্তু মুছলিমসকলৰ ৰোজা ৰখাৰ পদ্ধতিৰ সৈতে অন্যসকলৰ কিছু পার্থক্য আছে।
চিকিৎসা বিজ্ঞানে ’অটোফেজি’ৰ সৈতে পৰিচিত হোৱাৰ খুব বেছি দিন হোৱা নাই। ইং ২০১৬ চনত নোবেল কমিটীয়ে জাপানৰ ডাক্তৰ ’ওচিনৰি ওছুমি’ক অটোফেজি আৱিষ্কাৰৰ কাৰণে পুৰস্কৃত কৰে। ইয়াৰ পিছৰ পৰাই আধুনিক মানৱ সমাজে ব্যাপকভাবে ৰোজা ৰাখিবলৈ আৰম্ভ কৰে।
ইউ টিউবত অসংখ্য ভিডিও পাব, য’ত ৰোজা ৰখাৰ কাৰণে আধুনিক সচেতন নাৰী-পুৰুষে কেনেকুৱা ব্যস্ত হৈ পৰিছে!!! যিয়ে নহওঁক, Autophagy কি? সেয়া জানো আহক!
Autophagy শব্দটো এটি গ্রীক শব্দ। Auto অর্থ নিজে নিজে, আৰু Phagy অর্থ খোৱা। গতিকে, অটোফেজি মানে নিজেই নিজকে খোৱা।
নাই, চিকিৎসা বিজ্ঞানে নিজেই নিজৰ মাংস খোৱাৰ কথা কোৱা নাই। শৰীৰৰ কোষবোৰে বাহিৰৰ পৰা কোনো খোৱাবস্তু নাপাই নিজেই নিজৰ অসুস্থ কোষবোৰ খাবলৈ আৰম্ভ কৰে, তেতিয়া চিকিৎসা বিজ্ঞানৰ ভাষাত তাক অটোফেজি বোলা হয়। আৰু অলপ সহজভাবে কৈছোঁ –
আমাৰ ঘৰত যেনেকৈ ডাষ্টবিন থাকে, অথবা আমাৰ কম্পিউটাৰত যেনেকৈ ৰিচাইকেল বিন থাকে, তেনেকৈ আমাৰ শৰীৰৰ প্রতিটো কোষৰ মাজতো এটিকৈ ডাষ্টবিন আছে।
শৰীৰৰ কোষবোৰে গোটেই বছৰ খুব ব্যস্ত থকাৰ কাৰণে, ডাষ্টবিন পৰিষ্কাৰ কৰাৰ সময় নাপায়। ফলত কোষবোৰত বহতো আৱর্জনা ও ময়লা জমা হয়।
শৰীৰৰ কোষবোৰে যদি নিয়মিত সিহঁতৰ ডাষ্টবিন পৰিষ্কাৰ কৰিব নোৱাৰে, তেনেহ’লে কোষবোৰে এটা সময়ত নিষ্ক্রিয় হৈ শৰীৰত বিভিন্ন প্রকাৰৰ ৰোগৰ সৃষ্টি কৰে। কেঞ্চাৰ বা ডায়াবেটিচৰ দৰে বহুত ডাঙৰ ডাঙৰ ৰোগৰ আৰম্ভ ইয়াৰ পৰাই হয়।
মানুহে যেতিয়া খালি পেটত থাকে, তেতিয়া শৰীৰৰ কোষবোৰ যথেষ্ট বেকাৰ হৈ পৰে। কিন্তু সিহঁতে আমাৰ দৰে অলস হৈ বহি নাথাকে, সেয়ে প্রতিটো কোষে তাৰ ভিতৰৰ আৱর্জনা আৰু ময়লাবোৰ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে।
কোষবোৰৰ আমাৰ দৰে আৱর্জনা পেলোৱাৰ স্থান নাই কাৰণে সিহঁতে নিজৰ আৱর্জনা নিজেই খাই পেলায়। চিকিৎসা বিজ্ঞানত এই পদ্ধতিক কোৱা হয় অটোফেজি।
এইটো আৱিষ্কাৰ কৰিয়েই জাপানৰ ওচিনৰি ওছুমিয়ে ইং ২০১৬ চনত নোবেল পুৰস্কাৰপ্ৰাপ্ত হয়। জানিব পাৰিছোঁ প্রফেচৰ ওচিনৰিয়ে নিজেও হেনো সপ্তাহত দুটাকৈ ৰোজা ৰাখিছিল। তেওঁলোকলৈ বৰ দুখ লাগে, যিসকলে স্বাস্থ্যৰ কথা ভাবি ৰোজা নাৰাখে।
লাইলাতুল কদৰ ♦️
এই ৰাতিৰ ফজিলত:
মহান আল্লাহে কৈছে-
“নিশ্চয়ই মই অৱতীৰ্ণ কৰিছো এই কুৰআন শ্ববে ক্বদৰত। আৰু আপুনি জানেনে শ্ববে ক্বদৰ কি? শ্ববে ক্বদৰ হাজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ। সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে। শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে । (ছুৰা ক্বদৰঃ ১-৫)
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- যি ব্যাক্তি ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল ক্বদৰৰ ৰাতি জাগি থিয় হৈ নামাজ আদায় কৰে, তাৰ পূৰ্বৰ (ছগীৰাহ) গুনাহবোৰ মাফ কৰি দিয়া হয়।
(বুখাৰী, হাদিছ নং-১৮০২)
আনাছ ইবনু মালিক (ৰাঃ) পৰা বর্ণিত, তেখেতে কৈছে, ৰমজান মাহ আৰম্ভ হ’লে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে :
‘তোমালোকৰ ওচৰত এই মাহ সমুপস্থিত। এই মাহত এনেকুৱা এটা ৰাতি আছে, যি হাজাৰ মাহৰ অপেক্ষা উত্তম। এই মাহৰ পৰা যি ব্যক্তি বঞ্চিত হ’ল, সি সকলো কল্যাণৰ পৰাই বঞ্চিত হ’ল। কেৱল বঞ্চিত ব্যক্তিসকলেই তাৰ পৰা বঞ্চিত হয়।
(ছুনানে ইবনে মাজা, হাদীছ নং ১৬৪৪, হাছান, ছহীহ)
★ শ্ববে ক্বদৰ এই উম্মতৰ বাবে বিশেষ উপহাৰ:
হাদিছত আছে- হজৰত মালেক বিন আনাছ (ৰাঃ)ৰ পৰা বৰ্ণিত তেখেতে বিশ্বস্ত এজন আহলুল ইলমৰ পৰা শুনিছে যে ৰাছূল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক পূর্বৰ যুগৰ লোকসকলক দেখুওৱা হ’ল। তেতিয়া তেখেতে দেখিলে যে, সেই তুলনাত তেখেতৰ উম্মতৰ হায়াত কম। সেইবাবে তেখেতৰ উম্মত আমলৰ মাধ্যমত সেইখিনি লৈকে যাব নোৱাৰিব। যত দীর্ঘ হায়াতৰ কাৰণে পূর্ববর্তী উম্মত যাব পাৰিছে। তেতিয়া আল্লাহ তায়ালা শ্ববে ক্বদৰ দান কৰিলে, যি এক হাজাৰ মাহতকৈয়ো উত্তম।
(মুয়াত্তা মালিক,হাদিছ নং ১১৪৫)
শ্ববে ক্বদৰ কোন ৰাতিত?
শ্ববে ক্বদৰ বিষয়ে বহুতো হাদিছ আছে।তাৰে মাজত শেষ ১০ দিন বা শেষ ১০ দিনৰ বেযোৰ ৰাতিত শ্ববে ক্বদৰৰ অনুসন্ধান কৰিবলৈ কোৱা হৈছে….।
১) প্রথম পৰ্য্যায়ৰ হাদিছত আছে ৰমজানৰ শেষ ১০ দিন ক্বদৰৰ ৰাতি অনুসন্ধান কৰিব লাগিব:
ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ৰমজানৰ শেষ দহকত ইতিকাফ কৰিছিল আৰু কৈছিলঃ তোমালোকে শেষ দহকত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা। (বুখাৰী, ইঃফাঃ নং ১৮৯৩) হজৰত আয়শ্বা (ৰাঃ)ৰ পৰা বর্ণিত, তেখেতে কৈছে, যেতিয়া ৰমজানৰ শেষ দহক আহে তেতিয়া নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে তেখেতৰ লুঙ্গি কহাই লৈছিল (বেছি বেছি ইবাদতৰ প্রস্তুতি লৈছিল) আৰু ৰাতি জাগি থাকিছিল আৰু পৰিয়ালবৰ্গক জগাই দিছিল।
( বুখাৰী, ইঃফাঃ নং ১৮৯৭)গতিকে সকলোৰে উচিত শেষৰ গোটেই ১০ দিনেই বেছি বেছি ইবাদত কৰা। আৰু প্রতি ৰাতিই আমল কৰা। যিকোনো ৰাতিয়েই শ্ববে ক্বদৰ হ’ব পাৰে।
২)দ্বিতীয় পৰ্য্যায়ৰ হাদিছত আছে শেষ ১০ দিনৰ বেযোৰ ৰাতিত অনুসন্ধান কৰিবলৈ :
ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম কৈছে- তোমালোকে ৰমজানৰ শেষ দহকৰ বেযোৰ ৰাতিত লাইলাতুল ক্বদৰৰ সন্ধান কৰা।( বুখাৰী, ইঃফাঃ নং ১৮৯০)এই ক্ষেত্ৰত সকলো ৰাতিয়েই ইবাদত কৰিব নোৱাৰিলে অন্ততঃ বেযোৰ সকলো ৰাতিয়েই ইবাদত কৰা উচিত। কাৰণ বেযোৰ যিকোনো ৰাতিত শ্ববে ক্বদৰ হোৱাৰ সম্ভাবনা বহুত বেছি। উল্লেখযোগ্য যে- বহুতৰ মতেই লাইলাতুল ক্বদৰ প্রতি বছৰ একে ৰাতিত বুলি কোনো কথা নাই। এয়া কেৱল ভুল ধাৰণা।গতিকে কোনো ৰাতিক নির্দিষ্ট ভাবে শ্ববে ক্বদৰ হিচাপে পালন নকৰি বেযোৰ সকলো ৰাতিত যথাসাধ্য ইবাদত কৰাটো ভাল।
৩) আৰু কিছুমান হাদিছত অলপ বেলেগ কৈ আছে। শেষৰ ৭ দিনত শ্ববে ক্বদৰ অনুসন্ধান কৰিবলৈ কোৱা হৈছে। এই ক্ষেত্রত মূল কথা এটোই যে ১০ দিনেই শ্ববে ক্বদৰ সন্ধান কৰা উচিত। বেছি বেছি ইবাদত কৰা উচিত। নহ’লে অন্ততঃ শেষৰ সাত ৰাতিত ইবাদত কৰিব লাগে। হাদীছ এনেধৰণৰ-
ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ তোমালোকে (ৰমজানৰ) শেষ দহদিনত ক্বদৰৰ ৰাতি অনুসন্ধান কৰা। তোমালোকে কোনোবাই যদি দুর্বল অথবা অপাৰগ হৈ পৰে, তেতিয়া তেওঁ শেষৰ সাত ৰাতিত এলেহুৱা নকৰে যেন। (মুছলিম, ইঃফাঃ নং ৩৬২২)
আন এটি হাদীছত তেখেতে কৈছে (ৰমজানৰ) শেষ সাতদিনৰ ৰাতিবোৰত লাইলাতুল ক্বদৰ অন্বেষণ কৰা। (মুছলিম, ইঃফাঃ নং২৬৭৯)
৪) চতুৰ্থ পর্য্যায়ৰ কিছুমান হাদিছত আৰু নির্দিষ্ট কৰি ৰাতিত কথা কোৱা হৈছে :
উবাদা ইবনে ছামিত (ৰাঃ)ৰ পৰা বর্ণিত, তেখেতে কৈছে, এবাৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে আমাক লাইলাতুল ক্বদৰৰ (নির্দিষ্ট তাৰিখত) অৱহিত কৰাৰ বাবে উলাইছিল। তেতিয়া দুজন মুছলিমে কাজিয়া কৰি আছিল। সেইটো দেখি তেখেতে কৈছেঃ মই তোমালোকক লাইলাতুল ক্বদৰৰ সংবাদ দিয়াৰ বাবে উলাই আহিছিলো, তেতিয়া অমুকে অমুকে কাজিয়া কৰিছিল, যাৰ ফলত তাৰ (নির্দিষ্ট তাৰিখৰ) পৰিচয় হেৰুৱাই যায়। সম্ভৱতঃ ইয়াৰ মাজত তোমালোকৰ বাবে কল্যান আছে। তোমালোকে নৱম, সপ্তম আৰু পঞ্চম ৰাতিত সেইটো সন্ধান কৰা। (বুখাৰী, ১৮৯০)
উক্ত হাদিছত আৰু এনেকুৱা আৰু কিছুমান হাদিছত বিশেষভাৱে এই তিনি ৰাতি বা দুই ৰাতি অনুসন্ধান কৰিবলৈ কোৱা হৈছে।
বুখাৰীৰ এটি হাদিছৰ দ্বাৰা ২১ তাৰিখত হোৱাৰ ইঙ্গিত পোৱা যায়। অইন এটা হাদিছত ইবনে আব্বাছ (ৰাঃ)ৰ মতে শ্ববে ক্বদৰ ২৪ তাৰিখত। মুঠতে সকলো বৰ্ণনা অনুসৰি শ্ববে ক্বদৰ কোন ৰাতিত সেইটো নিশ্চিতভাৱে ক’ব নোৱাৰি। যিকোনো ৰাতিই হ’ব পাৰে। অৱশ্যে বেযোৰ ৰাতিত হোৱাটো সৰ্বাধিক হাদীছত পোৱা যায়। আৰু মুহাদ্দিছসকলৰ মতেও সম্ভাবনা অধিক।
★ ২৭ তাৰিখৰ ৰাতিত শ্ববে ক্বদৰ বুলি প্ৰমাণ :
আবুল মুনযিৰ (ৰহঃ)ৰ পৰা বর্ণিত আছে, তেখেতে কৈছে, উবাই ইবনু কা’ব (ৰাঃ)ক মই ক’লো, হে আবুল মুনযিৰ! সাতাইছৰ ৰাতি লাইলাতুল ক্বদৰ বুলি আপুনি কেনেকৈ জানিব পাৰিলে? তেখেতে কলে, হয় নিশ্চয়, আমাৰ ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে যে, এই ৰাতিৰ পৰবর্তী সূর্য উদয় হয় ক্ষীণ ৰোশ্বনী লৈ দীপ্তিহীন অৱস্থাত । আমি সেইটো গণনা কৰি আৰু স্মৰণ কৰি ৰাখিছো। আল্লাহ তা’আলাৰ শপথ! ইবনু মাছউদ (ৰা:)ৱে জানে যে, সেইটো হ’ল ৰমজানৰ ৰাতি আৰু সাতাইছৰ ৰাতি। কিন্তু তোমালোকক তেখেতে সেইটো জনোৱাটো পছন্দ কৰা নাই, তোমালোকে যদি পিছত সেইটোৰ ওপৰতে নির্ভৰ কৰি থাকা ।
(ছুনানে তিৰমিযি নং ৭৯৩, আবু দাউদ নং ১২৪৭,ছহীহ)
মুছনাদে আহমদত আৰু হাদিছত ২৭ তাৰিখৰ কথা কোৱা হৈছে। অধিকাংশ আলেম উলামা লাইলাতুল ক্বদৰ হিচাপে ২৭ তাৰিখৰ ৰাতিক প্রাধান্য দিছে। সেইবাবে এই ৰাতিক প্রাধান্য দি ইবাদত কৰিব পাৰি কিন্তু ২৭ তাৰিখত শ্ববে কদৰ এইটো নিশ্চিত বুলি ভাবিব নালাগে। বেলেগ যিকোনো বেজোড় ৰাতিও হ’ব পাৰে। গতিকে কেৱল ২৭ তাৰিখতে শ্ববে ক্বদৰ ভাবি কেৱল সেই ৰাতিই ইবাদত কৰা নিজৰে ক্ষতি।
মুঠতে ৰমজানৰ শেষ ১০ দিনৰ ইবাদত কৰা উচিত। নহ’লে অন্ততঃ শেষ সাত দিনত কৰা উচিত। আৰু সেইটো নহ’লে বেযোৰ ৰাতিত অর্থাৎ ২১, ২৩,২৫,২৭,২৯ এই ৫ ৰাতিত ইবাদত কৰা, শ্ববে ক্বদৰৰ অনুসন্ধান কৰা উচিত হ’ব। সেইটোও কিবা কাৰণত নোৱাৰিলে অন্ততঃ ২৭ তাৰিখ ৰাতিত বেছি বেছি ইবাদত কৰিব লাগে।
এই ৰাতিৰ কৰণীয় আমল :
১) হাদিছত আছে, আয়শা (ৰাঃ) কৈছে-হে আল্লাহৰ নবী! যদি মই লাইলাতুল ক্বদৰ পাই যাও তেতিয়া কি ক’ম(পঢ়িম)? ৰাছূলুল্লাহ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) ক’লে…ক’বা-
‘ ﺍﻟﻠَّﻬُﻢَّ ﺇِﻧَّﻚَ ﻋَﻔُﻮٌّ ﻛَﺮِﻳﻢٌ ﺗُﺤِﺐُّ ﺍﻟْﻌَﻔْﻮَ ﻓَﺎﻋْﻒُ ﻋَﻨِّﻰ’ (আল্লাহুম্মা ইন্নাকা আফুউন, তুহিব্বুল্ আফওয়া, ফা’ফু আন্নী”)‘‘ অৰ্থ- হে আল্লাহ আপুনি ক্ষমাশীল, ক্ষমাক ভালপায়, সেইবাবে মোক ক্ষমা কৰি দিয়ক।’’(ছুনানে তিৰমিযী : হাদিছ নং ৩৫১৩)
২) এই ৰাতিত যিকোনো আমল কৰিব পাৰিব। শ্ববে কদৰৰ নির্দিষ্ট পদ্ধতিৰ কোনো নামাজ নাই।
৩) তাৰাবিৰ পিছত দুই দুই ৰাকআত কৰি যিমান ইচ্ছা নফল নামাজ পঢ়িব পাৰে। শেষ ৰাতিত তাহাজ্জুদৰ নামাজ পঢ়িব পাৰিব। লগতে যিকোনো জিকিৰ, দৰূদ আৰু বেছি বেছি ইস্তিগফাৰ কৰিব লাগে।
৪) বিশেষকৈ ক্বাজা নামাজ বেছিকৈ আদায় কৰিব লাগে।
৫) ৰমজান মাহত দুআ কবুল হোৱাৰ সম্ভাবনা বেছি। তাৰোপৰিও ক্বদৰৰ ৰাতিত দুআৰ সৌভাগ্য হ’লে তো কথাই নাই। সেইবাবে এই ৰাতিত বেছি বেছি দুআ কৰা উচিত।
আল্লাহ তাআলাই আমাক শ্ববে ক্বদৰ নছীব কৰক। বিশেষকৈ ৰমজানৰ শেষৰ বেযোৰ ৰাতিবোৰত জাগ্ৰত থাকি বেছি বেছিকৈ ইবাদত কৰাৰ তৌফীক দান কৰক। আমীন
মুঠতে ৰমজান মাহ হৈছে ৰহমত বৰকত আৰু মাগফিৰাতৰ মাহ মাহে ৰমজান। উম্মতে মুহাম্মদীৰ বাবে এক নিয়ামতপূৰ্ণ মাহৰ নাম ৰমজান। পূর্ববর্তী উম্মত সকলৰ মাজত শ্ৰেষ্ঠত্বৰ পার্থক্য নির্ণয়কাৰী মাহ হৈছে ৰমজান। এই উম্মতৰ বাবে আল্লাহ তাআলাই কেবল এটা দিন বা এটি ৰাতি নহয়, সম্পূৰ্ণ এটি মাহেই উপহাৰ স্বৰূপে দিছে । সম্পূৰ্ণ মাহটোৱেই হল, ৰহমত বৰকত আৰু মাগফিৰাতৰ মাহ। বরকতের মাস। এনে মহান মাহ পূৰ্বে কোনো উম্মতক প্রদান কৰা হোৱা নাই । নবী কৰিম ছঃ এ এই মাহৰ ফযীলত সম্পৰ্কে ইৰ্শ্বাদ কৰিছে__
হজৰত আবু হুৰাইৰা ৰাঃ ৰ পৰা বর্ণিত, ৰছুলুল্লাহ ছঃ এ ইৰ্শ্বাদ কৰিছে, ৰমজান মাহত আচমানৰ দৰ্জাসমূহ খুলি দিয়া হয়, আন বৰ্ণনাত আহিছে , বেহেস্তৰ দৰ্জাসমূহ খুলি দিয়া হয়, এবং দোজখৰ দৰ্জা বন্ধ কৰি দিয়া হয়, আৰু চয়তানক শৃঙ্খলাবদ্ধ কৰা হয়।
[বুখাৰী , হাদীছ নং-১৮৯৯] ২
হজৰত আবু হুৰাইৰা ৰাঃ ৰ পৰা বর্ণিত, তেও কয়, ৰছুলুল্লাহ ছঃ য়ে ইৰ্শ্বাদ ফৰ্মাইছে , যিজন ব্যক্তিয়ে ঈমানসহকাৰে আৰু চৱাব লাভৰ উদ্দেশ্যে ৰমজান মাহৰ ৰোজা ৰাখিব , তেওঁৰ পূর্বৰ [চগীৰা] গোনাহসমূহ মাফ কৰি দিয়া হয়। আৰু যিজন ব্যক্তিয়ে ঈমানসহকাৰে আৰু চৱাব লাভৰ উদ্দেশ্যে কদৰৰ ৰাতি ইবাদতত পাৰ কৰিব , তেওঁৰ পূৰ্বৰ গোনাহসমূহ মার্জনা কৰি দিয়া হব।
[বুখাৰী , হাদীছ নং-২০১৪] ৩
আন এটি হাদীছত বর্ণিত হৈছে,
হজৰত ছলমান ফাৰ্চী ৰাঃ ৰ পৰা বর্ণিত, তেও কয়, ৰছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আমাক শাবান মাহৰ শেষ দিনা ভাষণত কলে, হে মানুহ সকল! তোমালোকৰ ওপৰত এটি মহান মাহ ছায়া বিস্তাৰিত কৰি আছে । সেইটো খুবেই বৰকতময় মাহ, ইয়াত এটি ৰাতি আছে, যিটো হাজাৰটা মাহতকৈও উত্তম। আল্লাহ পাকে ইয়াৰ ৰোজাসমূহ ফৰজ আৰু ৰাতিৰ নামাযক নফল কৰিছে । যিজন ব্যক্তিয়ে এই মাহত আল্লাহৰ সান্নিধ্য লাভৰ বাবে এটি নফল কাম কৰিব , তেওঁ আন মাহত এটা ফৰজ কাম কৰাৰ সমান পূণ্যৰ অধিকাৰী হব। আৰু এই মাহত এটি ফৰজ কাম কৰাটো আন মাহত সত্তৰ টা ফৰজ কাম কৰাৰ সমান। এইটো ধৈৰ্য্যৰ ধাৰণৰ মাহ । আৰু ধৈৰ্য্যৰ বিনিময় হল জান্নাত । এইটো সহানুভূতি প্ৰদৰ্শনৰ মাহ। এয়া এনে মাহ যত মুমিনৰ ৰিজেক বৃদ্ধি কৰি দিয়া দিয়া হয়। যিজনে এই মাহত কোনো ৰোজাদাৰক ইফতাৰ কৰাব সেয়া তেওঁৰ বাবে গোনাহৰ প্রায়শ্চিত্ব স্বৰূপ হব আৰু দোজখৰ জুইৰ পৰা মুক্তিৰ কাৰণ হব । ৰোজাদাৰ ব্যক্তি জনৰ চৱাবৰ সমান চৱাব লাভ কৰিব, অথচ সেই ৰোযাদাৰৰ চৱাব অলপো হ্রাস কৰা নহব। চাহাবায়ে কিৰাম কয়, আমি আমি আৰজ কৰিলোঁ , হে আল্লাহৰ ৰচুল! আমাৰ কোনেওতো ৰোজাদাৰক ইফতাৰ কৰাব পৰাকৈ সামৰ্থবান নহয়। ৰছুলুল্লাহ চল্লাল্লাহু আলাইহি ৱা ছাল্লামে কলে, কোনো ৰোজাদাৰক এগিলাচ গাখীৰ এটি খেজুৰ অথবা এচলু পানীৰে ইফতাৰ কৰোৱা জনকো আল্লাহ পাকে এই চৱাব দান কৰিব । আৰু যিজন ব্যক্তিয়ে কোনো ৰোজাদাৰক তৃপ্তিসহকাৰে আহাৰ খুৱাব, আল্লাহ পাকে তেওঁক হাউজে কাউচাৰৰ পানী পান কৰাব। যাৰ বাবে বেহেস্তত প্রবেশ কৰা পৰ্যন্ত কেতিয়াও পিয়াহ অনুভৱ নকৰিব ।
এইটো এনে এটা মাহ , যাৰ প্রথম ভাগ ৰহমত, মধ্য ভাগ মাগফিৰাত আৰু শেষভাগ হল জাহন্নামৰ জুইৰ পৰা মুক্তি লাভ।
বিদ্ৰঃ দাৰুল হুদা মুছলিম বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত এই বিশেষ “আলহিদায়া” আলোচনী খনৰ একমাত্ৰ উদ্দেশ্য হৈছে মুছলিম উম্মাহক সমাজত দ্বিনী আৰু দুনিয়াবীভাবে সবল বাটত প্ৰতিষ্ঠিত কৰা।
উক্ত অনুষ্ঠানত এখন বৃহৎ পুথিভঁৰালৰ প্ৰচেষ্টাত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছো।
ধন্যবাদেৰেঃ
মাহে ৰমজান মোবাৰক
1 Comment
Sanid Chiru
OOO bhai good job keep it up my deer sweetest friend