লেখক – জেহেৰুল ভূঞা
হজৰত খাদিজা ( ৰঃ ) ইছলামৰ ধৰ্ম গ্ৰহণ কৰা প্ৰথম মহিলা আৰু হজৰত মোহাম্মদ ( ছঃ ) ৰৰ প্ৰথম ঘৈণীয়েক আছিল । ইছলামৰ পূৰ্বত , তাই মক্কাৰ এজন বিখ্যাত ব্যাৱসায় আছিল । সেই সময়ত মক্কা বাহবাসিয়ে তাইক তহিৰাহ ( طاهرة) বুলি মাতিছিল । তহিৰাহ অৰ্থাৎ পৱিত্ৰ ।
তেখেত ৫৫৬ খ্ৰীষ্টাব্দত জন্ম গ্ৰহণ কৰিছিল । দ্উতাকৰ নাম খোৱাইলিদ বিন আছাদ আৰু মাকৰ নাম ফাতিমা বিনত হালাহ ।
তেখেতৰ প্ৰথম বিবাহ হিন্দ বিন জুৰাৰাহৰ লগত হয় কিন্তু দুজন লৰা ( হিন্দ আৰু হালাহ ) জন্ম হোৱাৰ পিছত মৃত্যু হৈছিল ।
দ্বিতীয় বিবাহ আতিক বিন আবিদ নামৰ যুৱকৰ লগত হয় কিন্তু এবছৰমান পিছত মৃত্যু হয় ।যাৰ বাবে তাই প্ৰতিগ্যা কৰিছিল যে তাই জীৱনত আন কোনো বিয়াহ নকৰে কিন্তু হজৰত মোহম্মদ (ছঃ) ৰ চৰিত্ৰতা , সততা আৰু নিষ্ঠাত মুগ্ধ হৈ বিবাহত আবদ্ধ হৈছিল ।
বিয়াৰ সময়ত তাইৰ বয়স ৪০ আৰু হজৰত মোহম্মদ(ছঃ) ৰ বয়স ২৫ আছিল । হজৰত মোহম্মদ (ছঃ) মে তাইক মহৰ ( مهر المرأة في الزواج ) হিচাপে ৪৮০ দিৰহৰাম দিছিল । বিয়াৰ পিছত তাই নিজৰ সকলো সম্পত্তি হজৰত মোহাম্মদ (ছঃ) ৰ হাতত দি দিছিল।
Show CommentsClose Comments