লেখকঃ শাহিনুৰ আলম

ৰহমত বৰকত আৰু মাগফিৰাতৰ মাহ মাহে ৰমজান। উম্মতে মুহাম্মদীৰ বাবে এক নিয়ামতপূৰ্ণ মাহৰ নাম ৰমজান।
এইটো এনে এটা মাহ , যাৰ প্রথম ভাগ ৰহমত, মধ্য ভাগ মাগফিৰাত আৰু শেষভাগ হল জাহন্নামৰ জুইৰ পৰা মুক্তি লাভ। হজৰত আবু হুৰাইৰা ৰাঃ ৰ পৰা বর্ণিত, তেও কয়, ৰছুলুল্লাহ ছঃ য়ে ইৰ্শ্বাদ ফৰ্মাইছে , যিজন ব্যক্তিয়ে ঈমানসহকাৰে আৰু চৱাব লাভৰ উদ্দেশ্যে ৰমজান মাহৰ ৰোজা ৰাখিব , তেওঁৰ পূর্বৰ [চগীৰা] গোনাহসমূহ মাফ কৰি দিয়া হয়। 
মানুহে পাপ আৰু অপৰাধত আসক্ত হৈ পৰাৰ অন্যতম কাৰক হৈছে দুই উৰুৰ মধ্যবর্তীস্থল আৰু জিভা। ৰোজাই এই দুয়োটা বিষয়কে নিয়ন্ত্ৰনত ৰাখে। কিয়নো ৰোজা ৰাখি এজন ৰোজাদাৰে অহেতুক কথা বতৰা, গালি-গালাজ, কুৎসা, পৰনিন্দা আদি কৰিব নোৱাৰে। আৰু এইবোৰ পৰিত্যাগ কৰিব নোৱাৰিলে তেওঁৰ ৰোজা ৰখাৰ কোনো মূল্য নাই। এই বিষয়েই নিম্নোক্ত হদীছটোত কোৱা হৈছে-
আবূ হুৰাইৰা (ৰা) ৰ পৰা বৰ্ণিত। তেওঁ কৈছে, ৰচূল (ছাঃ) এ কৈছিল, ‘যি ব্যক্তিয়ে মিছা কথা কোৱা আৰু সেই অনূযায়ী কৰ্ম পৰিত্যাগ নকৰে তেওঁৰ এই পানাহাৰ পৰিত্যাগ কৰাটোত আল্লাহৰ কোনো প্ৰয়োজন নাই।’
 (ছহীহুল বূখাৰী)
এই দ্বিতীয় দশকত আমি পঢ়িব লগীয়া দোআ হৈছে اللهم اغفر لي ذنوبي يا رب العالمين অৰ্থাৎ হে জগতৰ প্ৰতিপালক মোৰ গুনাহ মাফ কৰি দিয়া
সেয়েহে আল্লাহ তায়ালা তেওঁৰ বান্দাসকলৰ সকলো গুনাহ মাফ কৰাৰ কাৰণে যথেষ্ট উৎসুক হৈ থাকে আৰু মাগফিৰাতৰ দৰ্জাসমূহ মুকলি কৰি দিয়ে যাতে আল্লাহৰ প্ৰতি ভয় অৰ্জন কৰিব পাৰে।

Show CommentsClose Comments

Leave a comment