লেখকঃ হাশ্বিদুল ইছলাম
একৈছ শতিকাত স্মাৰ্ট ফন অবিহনে জীৱন,অমি কল্পনাই কৰিব নোৱাৰি। কিন্তু অমি জনা দৰকাৰ যে আমাৰ মৰমৰ ম'বাইল খনেই টিউমাৰ, কেঞ্চাৰৰ দৰে বেমাৰ আনি আমাৰ জীৱনখন ধৱংশময় কৰিব পাৰে;যদি আমি ইয়াক অত্যাধিক ব্যৱহাৰ কৰো। অৱশ্যে এই বেমাৰৰ সমপূৰ্ণ্ স্পষ্ট প্ৰমান নাই।
ই মস্তিষ্কৰ কাৰ্যকলাপ প্ৰভাৱিত কৰে। ই আমাৰ কাৰ্য্য ক্ষমতা কমায়।আমাক কিবা কৰিব দিলে লাহে লাহে বুজি পাওঁ।
অধ্যয়নে পৰামৰ্শ দিয়ে যে মানুহ বিদ্যুতচুম্বকীয় বিকিৰণৰ (Electronic radiation) প্ৰতি সংবেদনশীল। সূৰ্য অস্ত যোৱাৰ পিছত যিকোনো পোহৰৰ অত্যাধিক পৰিমাণে চকুত পৰিলে আমাৰ টোপনি তছনছ কৰিব পাৰে। যি ডায়েবেটিচ, মেদবহুলতা, হৃদৰোগৰ সৈতে সম্পৰ্কিত। ম'বাইলৰ পৰা ওলোৱা নীলা পোহৰে আমাৰ চকুসোনকালে ক্লান্ত কৰে কিয়নো আমি সৰু আখৰবোৰ অলপ যুৰ দিহে দেখু ফলত বিষৰ সৃষ্টি হয়। এইবোৰৰ বাবে আমি ম'বাইল যিমান পাৰে কম ব্যৱহাৰ কৰিব লাগিব।যদি ব্যৱহাৰ কৰিবই লাগে ছিদা বহি লব লাগে, লগতে প্ৰত্যেক 20/30মিনিট মূৰে মূৰে অলপ মূবাইল থৈ জিৰাব লাগে। ৰাতি ম'বাইল ব্যৱহাৰ কৰা অভ্যাস ৰাখিবই নালাগে।লগতে বিদ্যুত চুম্বকীয় বিকিৰণৰ(Electronic radiation)পৰা বাচিবলৈ ম'বাইল বিছনাৰ পৰা দূৰত ৰখাই ভাল।
আজিকালি আৰু এক নতুন ট্ৰেন্ড(Trend) ওলাইছে, সকলোৰে বোলে ডিঙিৰ বিষ, পিঠিৰ বিষ। হবইতো ইয়াৰ উপৰি বুঢ়া আঙুলিৰ, কিলাকুটিৰ বিষ যদি আমি জিৰণি অবিহনে একে ৰাহে তিনি চাৰি ঘণ্টা ম'বাইল লৈ বহি থাকো।আগত কাম বেছি কৰাৰ কাৰণে এতিয়া কম কৰাৰকাৰণে।
খোজকাঢ়ি বা বাহন চলাওতে আমাৰ হাতত থকা ম'বাইলখনে দূৰ্ঘটনা মাতিব পাৰে। দূৰ্ঘটনা হওতে দুই তিনি ছেকেণ্ডই যথেষ্ট; যি সময়ত মেচেজ ছেন্ট বটন ক্লিক কৰে।অন্ততঃ আনৰ জীৱন ৰক্ষা কৰক।আপোনাৰ প্ৰিয় ব্যক্তিৰ বাবে, নিৰীহ ব্যক্তিক হত্যা নকৰিব।
যদি আপোনাৰ বৃত্তি স্বাস্থ্যসেৱাৰ সৈতে সম্পৰ্কিত হয়, ই ত্ৰুটিৰ সম্ভাৱনা অধিক কৰিব পাৰে। স্বাস্থ্য সম্পৰ্কীয় কামত ভূল অৰ্থাৎ জীৱনৰো জূখি।
অন্তিম বাৰ আমি ক'ত ম'বাইলখন ছাফ কৰিছিলোঁ!তাত ভাইৰাছ বেক্টেৰিয়া নথকাৰ প্ৰশ্নই নাহে। ম'বাইলখন বাথৰুম ,লেট্ৰিনৰ পৰা দূৰত ৰাখা উচিত আৰু কেতিয়াবা কেতিয়াবা ছাফ কৰা অত্তেন্ত জৰুৰী।
ম'বাইল হেৰুৱাৰ ভয়ে যে হতাশা আৰু অসুখী ভাৱ জন্ম দিয়ে লগতে আমাৰ মানুহৰ মাজত সম্পৰ্ক দূৰ কৰে আমি এই কথা অস্বীকাৰ কৰিবই নোৱাৰি। কথা কোৱাৰ সমত ইয়াৰফন থাকিলে খালি ম'বাইলখন দূৰত ৰখাটোও এক মানৱতাৰে চিন।