লেখকঃ শাহিনুৰ আলম


        ইছলামৰ চিৰস্মৰণীয় ও গৌৰবময় এটি অধ্যায় হল বদৰযুদ্ধ। মক্কাৰ অদূৰত বদৰ নামক স্থানত এই মাহতেই সংঘটিত হৈছিল ঈমান ও কুফৰৰ মাজত প্রথম যুদ্ধ। ৬২৪ খ্রিস্টাব্দত তথা দ্বিতীয় হিজৰিৰ ১৭ ৰমজানত এই প্রান্তৰেই সংঘটিত হৈছিল মুছলিম ও কাফিৰসকলৰ মধ্যকাৰ এই ঐতিহাসিক যুদ্ধ। এই যুদ্ধত মাত্র ৩১৩ জন প্রায় নিৰস্ত্র মুছলমানৰ মোকাবিলাত শোচনীয় পৰাজয় বৰণ কৰে কাফিৰ বাহিনীৰ সহস্রাধিক সশস্ত্র সৈন্য বাহিনী । 
              আল্লাহ তাআলাৰ ফালৰ পৰা ওচৰাচৰি তিনিৰ পৰা পাঁচ হাজাৰ ফিৰিস্তাৰে মুছলমানসকলৰ সাহায্য কৰা হয়। এই যুদ্ধৰ মাজেৰে পৃথিৱীৰ ইতিহাসত মহাবিপ্লৱ সাধিত হৈছে। সেয়েহে পবিত্র কোৰআনত এই যুদ্ধক ‘য়াওমুল ফুৰক্বান’(يومالفرقان ) বুলি আখ্যায়িত কৰা হৈছে। বদৰযুদ্ধত আবু জাহেল, উতবা, শ্বায়বাসহ মুঠ ৭০ জন কাফিৰ নিহত হয়। আৰু ৭০ জন কাফিৰ মুজাহিদসকলৰ হাতত বন্দি হয়। অন্যফালে ১৪ জন মুছলিম মুজাহিদ বীৰবিক্রমে যুদ্ধ কৰি শ্বাহাদাতৰ গৌৰব অর্জন কৰে। বন্দিসকলৰ সৈতে ৰছুল (ছঃ) ৰ ক্ষমাসুলভ আচৰণ দেখি মুগ্ধ হৈ পৰবর্তী সময়ত বহুতে ইছলাম ধর্ম গ্রহণ কৰিছে।

Show CommentsClose Comments

Leave a comment