লেখকঃ শাহিনুৰ আলম
ৰমজান, দ্বীন ইচলামৰ এটি সন্মানিত মাহ । এই মাহৰ বৈশিষ্ট্য আৰু ফজীলত অন্যান্য মাহতকৈ অনেক বেচি, সেই বাবেই বাকী এঘাৰ মাহতকৈ ৰমজান মাহক উত্তম আখ্যা দিয়া হৈছে । আল্লাহ চুবহান আল্লাহু তা’লাই ৰমজানৰ চিয়াম বা ৰোজাক ইচলামৰ আৰকান সমূহৰ ভিতৰত চতুৰ্থ হিচাপে স্থান দিছে । চুৰা আল্-বাকাৰাৰ ১৮৫ ন্ং আয়াতত উল্লেখ কৰিছে যে – “ৰমজান সেইটো মাহ, যি মাহত কোৰান অৱতীৰ্ণ কৰা হ’ল । এই কোৰান সমগ্ৰ মানব জাতিৰ বাবে সৎপথ প্ৰদৰ্শক আৰু প্ৰকৃত জীবন ব্যবস্থাৰ সুস্পষ্ট শিক্ষাৰে ভৰপূৰ ।আৰু আটাইতকৈ ডাঙৰ কথা হৈছে শেষৰফালে দহ দিনৰ যিকোনো এটা বেযোৰ ৰাতিৰ লাইলাতুল কদৰত এই পবিত্ৰ গ্ৰন্থ অবতীৰ্ণ কৰা হৈছে। যিটো ৰাতি হাজাৰ মাহতকৈ অধিক উত্তম।
আল্লাহ তায়ালাই এই শেষৰ দহ দিনত জাহান্নামৰ পৰা পৰিত্ৰাণ পাবলৈ মুক্তিৰ কাৰক হিচাপে চিহ্নিত কৰি ৰাখিছো।আবূ চয়িদৰ হদীছৰ পৰা বৰ্ণনা কৰিছে যে তেখেতে কৈছিল – “নিশ্চয় আল্লাহ তা’আলাৰ বাবে ৰমজান মাহৰ প্ৰতি দিন আৰু ৰাতিত আছে জাহান্নামৰ পৰা মুক্তি প্ৰাপ্ত বান্দা আৰু এজন মুচলিমৰ বাবে আছে প্ৰতি দিন আৰু ৰাতি কবুল যোগ্য দোৱা” ।
সেয়েহে আমি পঢ়িব লগীয়া দোআ হৈছে اللهم إنك عفو تحب العفو فاعف عني
অৰ্থাৎ হে আল্লাহ তুমি পবিত্ৰ
আৰু তুমি পবিত্ৰতাক ভাল পোৱা তেনেহ’লে মোক পবিত্ৰ বনাই দিয়া। ইয়াৰ উপৰিও পঢ়িব লাগে اللهم أعطقني من النار و ادخلني الجنة يا رب العالمين
অৰ্থাৎ হে আল্লাহ মোক তুমি জাহন্নামৰ পৰা পৰিত্ৰাণ দিয়া আৰু জান্নাতত প্ৰবেশ কৰোৱা আল্লাহ তায়ালাই যেন এই পবিত্ৰ ৰমজান মাহৰ তৃতীয় দশকৰ অগণন নিয়ামতৰ উছিলা হিচাপে জাহন্নামৰ কঠিন জুইৰ পৰা ৰক্ষা কৰে আমিন
1 Comment
Rasidul
I like This