লেখকঃ শাহিনুৰ আলম
প্ৰত্যাশিতভাবেই সদ্য সমাপ্ত বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰাজয় হ'ল। যোৱাবাৰৰ তুলনাত এইবাৰ কংগ্ৰেছ দলে ৩ খন আসন বেছিকৈ লাভ কৰিছে যদিওঁ ই প্ৰকৃততে এ আই ইউ ডি এফৰ লগত ভোট বিভাজন ৰোধ হোৱাৰ ফচল। এই বাৰ মহাজোঁট গঠন নোহোৱা হ'লে কংগ্ৰেছ দলে ১৫ খনতকৈ বেছি আসন লাভ কৰাটো সম্ভৱ নহল হেঁতেন। নব্বৈ খনতকৈয়ো অধিক আসনত প্ৰতিদন্দ্বীতা কৰিওঁ কংগ্ৰেছ দলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবেই মহাজোঁট চৰকাৰ গঠনত ব্যৰ্থ হ'ল। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি নাগৰিকত্ব সংশোধনী আইনক লৈ অসমত যি প্ৰতিষ্ঠান বিৰোধী টৌৰ সৃষ্টি হৈছিল তাৰ ৰাজনৈতিক সুযোগ লোৱাত কংগ্ৰেছ দল চূড়ান্ত ব্যৰ্থ হ'ল। এইবাৰৰ নিৰ্বাচনত উজনি অসমত কংগ্ৰেছৰ সাংগঠনিক সক্ৰিয়তা ইমানেই কমি গৈছিল যে বহুতে কংগ্ৰেছ দল তৃণমূল পৰ্যায়ত নাই বুলিয়েই ভাবিবলৈ বাধ্য হৈছিল। যোৱা পাঁচ বছৰে ৰাজ্যৰ শাসন ক্ষমতাৰ পৰা আঁতৰি থাকি দলটো ইমানেই গণ-বিচ্ছিন্ন হৈ পৰিছিল যে সৰ্বসাধাৰণ ৰাইজতো বাদেই দলৰ কৰ্মী বা পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতো দলৰ সংযোগ নোহোৱা হৈ পৰিছিল। পূৰ্বৰ নিৰ্বাচনত পৰাজিত বিধায়ক -মন্ত্ৰী সকলে সমষ্টিৰ বাহিৰত বা গুৱাহাটীত বিলাসী জীৱন অতিবাহিত কৰাত ব্যস্ত আছিল। কেৱল নিৰ্বাচনৰ সময়তহে ৰাইজলৈ মনত পৰা কংগ্ৰেছ নেতা সকলৰ তেতিয়াওঁ আচৰণৰ পৰা নেতা বা ক্ষমতাৰ অহমিকাৰ মেদ একেবাৰে শেষ হৈ যোৱা নাছিল । ইয়াৰোপৰি কংগ্ৰেছৰ দলীয় আভ্যন্তৰীণ কন্দল আৰু লবী ৰাজনীতি এক এৰাব নোৱাৰা বৈশিস্টত পৰিণত হৈছে।
ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্যায়ৰ পৰাই এক শৃংখলিত আৰু শক্তিশালী সাংগঠনিক ভেঁটি আছিল। কোৱা বাহুল্য যে অন্য ৰাজনৈতিক দল সমূহে ৰাজনৈতিক সংগঠন কৰে ,কিন্তু বিজেপি দলে "সংগঠিত ৰাজনীতি"হে কৰে। ল'কডাউনকে ধৰি বিজেপিৰ নেতা-কৰ্মী সকলে ৰাইজৰ যিকোনো বিপদ আপদত একেলগে থিয় দিয়াৰ বাবে বিজেপিৰ প্ৰতি থকা জনৰোষৰ গৰিষ্ঠসংখ্যক অংশই বিজেপিৰ সপক্ষে ভোটলৈ পৰিবৰ্তন হৈছিল। ইয়াৰোপৰি বিভিন্ন আঁচনি সমূহতো আছেই।
এতিয়া নিৰ্বাচনত পৰাজিত হৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কিছু সমষ্টিৰ ভোট বিভাজনলৈ আঙুলী টোৱাই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক জগৰীয়া কৰিছে। এই দল দুটাৰ প্ৰাপ্ত ভোট যে কংগ্ৰেছেই পালে হেঁতেন তাৰ নিশ্চয়তা কংগ্ৰেছ দলে কেনেকৈ দিব পাৰিলে? দলটোৰ এনে মানসিকতা অব্যাহত থাকিলে এটা দশকৰ ভিতৰতে কংগ্ৰেছ দল নিশ্চিহ্ন হৈ যাব। যিহেতু গণতন্ত্ৰত বিৰোধী দলৰ অপৰিসীম ভূমিকা আছে , গতিকে সুস্থ গণতন্ত্ৰৰ বাবেই এই দল শক্তিশালী হোৱাটো একান্ত প্ৰয়োজন । কংগ্ৰেছ দলে দলৰ সংগঠন শক্তিশালী কৰি তোলাৰ লগতে লবী ৰাজনীতি পৰিহাৰ কৰাৰ সময় সমাগত। অন্যথা অসমত কংগ্ৰেছ দলে অনাগত নিৰ্বাচনত পশ্চিম বংগৰ দৰে শূন্য আসন পালেওঁ আচৰিত হ'বলগীয়া একো নহয় ।
Show CommentsClose Comments