লেখকঃ শাহিনুৰ আলম

প্ৰতিবেশীৰ প্ৰতি তোমাৰ কৰ্তব্য কি সেয়া তুমি জানা নে ?
তেওঁ তোমাৰ ওচৰত ‌‌ঋন বিচাৰিলে ঋন দিবা। তেওঁ অসুস্হ হ’লে শুশ্ৰূষা কৰিবা। তেওঁৰ মৃত্যু হ’লে জানাজাত যোগ দিবা।
তেওঁৰ সুসংবাদত সন্তোষ প্ৰকাশ কৰিবা।
অনুমতি অবিহনে তোমাৰ গৃহক ইমান ওখ নকৰিবা যাতে তেওঁৰ ঘৰত বতাহ প্ৰৱেশ কৰাত বাধা হয়। তেওঁক যন্ত্ৰণা নিদিবা।
যদি কোনো ফল ক্ৰয় কৰা তেনেহ’লে সেইখিনি গোপনে ঘৰলৈ লৈ যাবা আৰু তোমাৰ সন্তান সকলক সেয়া বাহিৰলৈ যাবলৈ নিদিবা। যাতে তোমাৰ প্ৰতিবেশীৰ সন্তানৰ খং নজমে।
যি ব্যক্তিয়ে তেওঁৰ প্ৰতিবেশীক ক্ষতিগ্ৰস্ত কৰিব আল্লাহে তেওঁক ক্ষতিগ্ৰস্ত কৰিব!(আবু দাউদ)
যাৰ অত্যাচাৰৰ পৰা প্ৰতিবেশী সকল নিৰাপদ নহয় তেওঁ কেতিয়াও বেহেস্তত প্ৰৱেশ কৰিব নোৱাৰে।
যি ব্যক্তিয়ে আল্লাহ আৰু পৰকালৰ ওপৰত বিশ্বাস কৰে তেওঁ যেন তেওঁৰ প্ৰতিবেশীৰ সৈতে সদ্ব্যৱহাৰ কৰে।(বুখাৰী, আবু দাউদ)
হে মুছলমান মহিলা সকল যদি তোমালোকে কেতিয়াবা নিজৰ ঘৰত ছাগলীৰ ঠেংৰ মাংসও ৰান্ধা সেয়া নিজৰ প্ৰতিবেশীক উপহাৰ দিবলৈ যেন কষ্ঠবোধ নকৰা্(বুখাৰী,তিৰমাজি)
যেতিয়া তোমালোকে তৰকাৰী ৰান্ধিবা তাৰ জুল বেছিকৈ দিবা যাতে তোমাৰ প্ৰতিবেশী সকলক তাৰ পৰা কিছু অংশ দিব পাৰা।
এদিন হুজুৰ ছা: চাহাবা সকলক কলে মই তোমালোকক কমনে তোমালোকৰ ভিতৰত সৰ্বপেক্ষা অধম কোন?
যি সকলে অকলে অকলে আহাৰ কৰে,চাকৰ সকলক প্ৰহাৰ কৰে আৰু কাৰোবাক কিছু দিবলৈ কষ্ঠিত হয়।
এজন ব্যক্তিয়ে ৰাছুলুল্লাহ (ছ:)ক সুধিছিল মোৰ দুজন প্ৰতিবেশী আছে মই কাক উপহাৰ দিম? ৰাছুলুল্লাহ (ছ:)এ কৈছিল যাৰ দুৱাৰ তোমাৰ দুৱাৰৰ অধিকতৰ নিকটৱৰ্তী (বুখাৰী)
এজন ব্যক্তিয়ে ৰাছুলুল্লাহ (ছ:)ক প্ৰশ্ন কৰিছিল মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ সেয়া মই কেনেকৈ জানিম?
ৰাছুলুল্লাহ (ছ:)এ কৈছিল যেতিয়া তুমি তোমাৰ প্ৰতিবেশী সকলক কোৱা শুনিবা যে তুমি ভাল কাম কৰিছা তেতিয়া তুমি প্ৰকৃততেই ভাল কাম কৰিছা। আৰু যেতিয়া তুমি শুনিবা যে তুমি বেয়া কাম কৰিছা তেতিয়া তুমি প্ৰকৃততেই বেয়া বুলি জানিবা (ইবনে মাজা)।
এজন ব্যক্তিয়ে সুধিলে হে ৰাছুলুল্লাহ কোনো মহিলা লোকে খুব নামাজ পঢ়ে ৰোজা ৰাখে যাকাৎ দিয়ে এয়াৰ ওপৰিও অন্য অন্যান্য সৎ কাম কৰে কিন্তু তেওঁৰ জিভা বা কথাৰ দ্বাৰা তেওঁৰ প্ৰতিবেশীক দুখ দিয়ে (অৰ্থাৎ বেয়া গালি দিয়ে অসদ্ব্যৱহাৰ কৰে) তেওঁৰ পৰিণতি কি হ’ব? ৰাছুলুল্লাহ (ছ:)এ ক’লে তেওঁ নৰক বা জাহান্নামত যাব।
ব্যক্তিজনে আকৌ সুধিলে হে ৰাছুলুল্লাহ (ছ:) কোনো মহিলা লোকে ৰোজাও বিশেষ নাৰাখে দান খয়ৰাত সিমান নকৰে, নামাজ বিশেষ নপঢ়ে অথচ প্ৰায়েই সত্য কথা কয় আৰু প্ৰতিবেশী সকলৰ লগত সদ্ব্যৱহাৰ কৰে কষ্ঠ নিদিয়ে তেওঁৰ পৰিণতি কি হ’ব? ৰাছুলুল্লাহ(ছ:)এ ক’লে তেওঁ বেহেস্তত যাব (বায়হাকি)
যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল পাব বিচাৰে আৰু তেওঁলোকৰ ভালপোৱাটো পোৱাৰ ইচ্ছা কৰে তেওঁ যেন সদায় সত্য কথা কয় আমানতৰ ধন ঘুৰাই দিয়ে প্ৰতিবেশীৰ উপকাৰ কৰে। (মাশ্বকাত)
যি ব্যক্তিয়ে নিজে পেট ভৰাই খায় আৰু তেওঁৰ নিকটতম প্ৰতিবেশীক ভোকত বা লঘোনত ৰাখে তেওঁ কেতিয়াও মুছলমান নহয়। (মিশ্বকাত)
যি ব্যক্তিয়ে এবছৰ পৰ্যন্ত তেওঁৰ ভায়েকৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে তেওঁ যেন তেওঁৰ ভায়েকক হত্যা কৰিছে (আবু দাউদ)
কোনো মুছলমানৰ পক্ষেই উচিত নহয় যে তেওঁ তেওঁৰ ভায়েকৰ সৈতে তিনি ৰাতিৰ অধিক কথা বাৰ্তা বন্ধ ৰাখে বা যেতিয়া দুয়ো বিবাদৰ সৈতে সাক্ষাৎ হয় তেতিয়া পৰস্পৰ বিপৰীত ফালে মুখ ফিৰাই ৰাখে তেতিয়া তেওঁলোকৰ ভিতৰত সেইজন ব্যক্তি উত্তম যি জনে প্ৰথম ছালাম দি কথা কয়।(নাচায়ী)
যি ব্যক্তি তেওঁৰ বন্ধু সকলৰ প্ৰতি ব্যৱহাৰত উত্তম আল্লাহৰ ওচৰত তেওঁ বন্ধু সকলতকৈ উত্তম আৰু যি ব্যক্তি তেওঁৰ প্ৰতিবেশী প্ৰতি উত্তম তেওঁ আল্লাহৰ ওচৰত প্ৰতিবেশী সকলতকৈ উত্তম।(তিৰমিজি)
এদিন ৰাছুলুল্লাহ (ছ:)এ কৈ উঠিল আল্লাহৰ কছম (শপত) তেওঁ মোমিন নহয় আল্লাহৰ কছম (শপত) তেওঁ মোমিন নহয় আল্লাহৰ কছম (শপত) তেওঁ মোমিন নহয়। ৰাছুলুল্লাহ (ছ:)ক সুধা হ’ল হে ৰাছুলুল্লাহ (ছ:) কোন মোমিন নহয়?
তেওঁ যাৰ প্ৰতিবেশী তেওঁৰ পৰা নিৰাপদ নহয়।
আজি কালি দেখা যায় যে যদি কোনো এজন মানুহ ধনী হয় আৰু তেওঁৰ প্ৰতিবেশী দুখীয়া হয় তেতিয়া এই ধনী মানুহজনে তেওঁৰ দুখীয়া প্ৰতিবেশীৰ ওপৰত ইমানেই অত্যাচাৰ চলাই যে সেষ মূহুৰ্তত সেই দুখীয়া প্ৰতিবেশী মাটি বিক্ৰী কৰি ইয়াৰ পৰা যাবলগীয়া হয়।দুখৰ কথা আজি আমি মুছলমান হৈ মুছলমানৰ কৰ্তব্য কি নাজানো।
সেই কাৰণে আমাৰ উচিত হ’ল যে নিজে আহাৰ কৰাৰ আগত প্ৰতিবেশীৰ খবৰ লোৱা। কাৰণ নিজে পেট ভৰাই আহাৰ কৰিলোঁ আৰু আমাৰ প্ৰতিবেশী লঘোনত থাকিল সেইটো কেতিয়াও মোমিন কৰ্তব্য নহয়।
এজন মোমিনৰ কৰ্তব্য হ’ল যে নিজে আহাৰ কৰাৰ লগত প্ৰতিবেশীৰ খবৰ লোৱাটো এজন মোমিনৰ সুকৰ্তব্য ।
আল্লাহ আমাক প্ৰতিবেশী সকলৰ সদ্ব্যৱহাৰ ও খবৰ লবলৈ তৌফিক দান কৰক আমীন।

Show CommentsClose Comments

Leave a comment