লেখকঃ শাহিনুৰ আলম।
মুছলিম উম্মাহ আজি ব্যক্তিগত, সামাজিক, ৰাষ্ট্ৰীয় তথা অন্তর্জাতিকভাবে য'তেই অধঃপতন বা আগ্রাসনৰ চিকাৰ হৈছে, গভীৰভাবে লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ মূলতে হল পৱিত্র কোৰআনৰ পৰা বিমুখিতা। সময় যিমানেই অতিবাহিত হৈছে কোৰআনৰ পৰা আমাৰ দূৰত্ব সিমানেই বৃদ্ধি হৈ গৈ আছে। কোৰআন নাই আজি আমাৰ ৰাতিপুৱাৰ তিলাৱাতত , নাই আজি দিনটোৰ ব্যস্ততাত, নাই আজি আমাৰ পাৰিবাৰিক শাসনত, নাই আজি সুস্থ-সুন্দৰ সমাজ গঠনত। কোৰআন নাই আমাৰ চেতনাত, নাই আমাৰ চিন্তা-ভাৱনাত। কোৰআনৰ মাজত আমি বিচাৰি নাযাও কাইলৈৰ প্ৰেৰণা, কোৰআনক লৈ নাই আমাৰ কোনো বাসনা। কোৰআন নাই আমাৰ জীৱনৰ সমস্যা সমাধানত, নাই উম্মাহৰ ৰাষ্ট্রীয় প্ৰয়োজনত। মহাগ্রন্থ নাই আমাৰ বিচাৰত, নাই কোৰআনৰ বাহকসকলৰ প্রচাৰত। ফলত যি হ'বৰ তাকেই হৈছে। ব্যক্তি, সমাজ তথা ৰাষ্ট্রসহ সর্বক্ষেত্রত আমি সর্বগ্রাসী অধঃপতনৰ চিকাৰ হৈছোঁহি।
বর্তমানে মুছলিম উম্মাহ যিবোৰ ক্ষেত্রত অধঃপতনৰ চিকাৰ হৈছে তাৰ মাজত অন্যতম হলঃ নৈতিক অধঃপতন, বিজাতীয় সংস্কৃতিৰ প্ৰতিপালন, ধর্মহীন শিক্ষাগ্রহণ, নাস্তিকতা পালন, স্বৈৰাচাৰ শাসকৰ তোষামোদকাৰীতা , দুর্বল বা চুবুৰীয়াৰ প্রতি অৱহেলা, নিজৰ স্বকীয়তা পাহৰি যোৱা, ৰাছুলৰ আদর্শৰ পৰা দূৰৈত অৱস্থান কৰা, সত্যৰ পথত মানুহক আহ্বান নকৰা, অন্যায়ৰ পৰা নিজৰ লগতে আনকো বিৰত নৰখা, আনৰ অধিকাৰৰ ক্ষেত্ৰত উদাসীন মানসিকতা, দুর্নীতি, চাঁদাবাজি, বেপর্দা, ইছলামী ঐক্যৰ প্রতি অনীহা, উপনিৱেশ শক্তিৰ তোষামোদকাৰীতা, নিজৰ মাতৃভূমি আনৰ হাতত গতাই দিয়া, প্রতিৰোধ শক্তি হেৰুৱাই পেলোৱা, ইছলামৰ প্রতিৰোধ তথা প্রতিশোধ ব্যৱস্থা অপাত্রত ব্যৱহাৰ কৰা ইত্যাদি। গভীৰভাবে লক্ষ্য কৰিলে দেখা যায় যে, এই সমস্যাসমূহৰ প্রতিষেধক পৱিত্র কোৰআনত বিদ্যমান ।প্ৰতিটো বিষয়ৰ সুস্পষ্ট দিকনির্দেশনা কোৰআনত আছে। কিন্তু আমি যে আজি কোৰআনৰ পৰা দূৰৈত, অলেখ দূৰৈত! যি পৱিত্র কোৰআন আমাৰ সামগ্রিক জীৱন ব্যৱস্থাৰ সংবিধান, সেই কোৰআন আজি সংকুচিত হৈ হৈ নামাজৰ তিলাৱাতত, তাবিজ-কবজ আৰু ইছালে ছাওয়াবৰ খতমৰ মাজত সীমাবদ্ধ হৈ পৰিছে। কোনো সমস্যাত জৰ্জৰিত হলে আমি মছজিদ-মাদ্ৰাছাত গৈ কোৰআনৰ এখন প্ৰতিলিপি হাদিয়া হিচাপে দিওঁ, অথচ এবাৰো ভাবি নাচাও, এই কোৰআন মেলিলেই আমি আমাৰ সমস্যাৰ সামাধান পাই গ'লোহেতেন! কাৰণ মহান আল্লাহই মানৱজাতিৰ যাৱতীয় সমস্যা তথা প্রয়োজন বৰ নিয়াৰিকৈ বর্ণনা কৰিব'লৈ কোৰআন অৱতীৰ্ণ কৰিছে। কোৰআনত জীৱনৰ যাৱতীয় সমস্যাৰ সমাধান আছে। (ছুৰাহ নাহলঃ ৮৯)
বিশিষ্ট ছাহাবী উবাই ইবনে কা’ব (ৰাজিঃ)-ক কোনোবাই কিছু উপদেশ দিব'লৈ অনুৰোধ জনোৱাত,তেখেতে ক'লে , ‘তুমি আল্লাহৰ কিতাবক ৰাহবাৰ হিচাপে গ্রহণ কৰা। কোৰআনক তোমাৰ বিচাৰক বনোৱা । কাৰণ এইটোৱেই সেই বস্তু যিটো তোমালোকৰ ৰাছুল তোমালোকৰ বাবে এৰি থৈ গৈছে। কোৰআন তোমাৰ বাবে চুপাৰিচকাৰী। কোৰআন তোমাৰ বাবে অনুসৰণীয়। কোৰআন এনেকুৱা এটা স্বাক্ষী যাৰ সাক্ষ্যক লৈ কাৰোৰেই কোনো আপত্তি নাই। ইয়াতে তোমালোকৰ আৰু তোমালোকৰ পূৰ্ববৰ্ত্তী সকলোৰ আলোচনা আছে। তোমালোকৰ জীৱনৰ যাৱতীয় বিষয়ৰ সমাধান আছে।'
অধঃপতনৰপৰাউত্তোৰণ_উপায়ঃ
মুছলিম উম্মাহ পৱিত্র কোৰআনৰ পৰা বিমুখ হোৱাৰ মাধ্যমেৰে অধঃপতনৰ চিকাৰ হৈছে। সেইসেতু এই অৱস্থাৰ পৰা উত্তোৰণৰ উপায় কোৰআনৰ ওচৰত উভতি অহাৰ মাধ্যমেৰেই হব লাগিব। যি জাতিক আল্লাহই কোৰআন উপহাৰ দি সন্মানীত কৰিছে সেই জাতিটোৱেই যদি কোৰআনৰ পৰা দূৰৈত থাকি আন কোনো উৎসৰ পৰা নিজৰ সন্মান বিচাৰি ফুৰে তেন্তে আল্লাহই সিহঁতক পদে-পদে লাঞ্ছিত কৰিব, এয়াই স্বাভাৱিক । যিসকলক আল্লাহই কোৰআনৰ মাধ্যমেৰে অন্ধকাৰৰ পৰা পোহৰৰ পথত চালিত কৰিছে সিহঁতে যদি কোৰআনক এৰি আকৌ অন্ধকাৰলৈ উভতি যায় অথৱা ভিন্নপথত পোহৰ বিচাৰি ফুৰে তেন্তে সিহঁতৰ কপালত অধঃপতনৰ কলঙ্ক সুনিশ্চিত। পৱিত্র কোৰআনক আমাৰ চৰিত্রৰ মাজত গাঁথি লব পাৰিলেই এই সমস্যাৰ পৰা আমাৰ উত্তোৰণ সম্ভৱ হব (ইন্ শ্বা আল্লাহ)। আম্মাজান আয়িছা (ৰাজিঃ)-ক কোনোবাই সুধিছিলে, আল্লাহৰ ৰাছুলৰ চৰিত্র কেনেকুৱা আছিলে? উত্তৰত আয়িছাই (ৰাজিঃ) কয়, (كان خلقه القرآن)
কোৰআনেই আল্লাহৰ ৰাছুলৰ চৰিত্র আছিল।(ছহীহ মুছলিমঃ ৭৪৬)
নক'লেও হয় যে, কোৰআনক চৰিত্র বনোৱাৰ অর্থ হাদীছ পৰিত্যাগ কৰা নুবুজায়। কোৰআনক অনুসৰণ কৰিবলৈ হলে আমি হাদীছক অৱশ্যই মানিব লাগিব। কাৰণ কোৰআনৰ অনেক আয়াতত আল্লাহক অনুসৰণ কৰাৰ নির্দেশৰ লগে-লগে আল্লাহৰ ৰাছুলৰ অনুসৰণৰ কথাও উল্লেখ আছে(ছুৰাহ নিছাঃ৫৯) । এই পৰিপ্ৰেক্ষিতত বিদায় হজ্জৰ ঐতিহাসিক ভাষন মনকৰিবলগীয়া। পৱিত্র কোৰআনক খামুচি ধৰাৰ লগতে ছুন্নাতে ৰাছুলো টানকৈ খামুচি ধৰাৰ কথা উল্লেখ আছে । জাবেৰ বিন আব্দুল্লাহ (ৰাজিঃ)য়ে কয়, আল্লাহৰ ৰাছুল বিদায় হজ্জৰ ভাষণত কয় যে, ‘মই তোমালোকৰ মাজত দুটা বস্তু এৰি গৈ আছোঁ, তোমালোকে যেতিয়ালৈকে এই দুটা বস্তু খামুচি ধৰি থাকিবা তেতিয়ালৈকে তোমালোকে পথভ্ৰষ্ট নহ'বা।
আহক আমি আমাৰ প্ৰকৃত স্থানত উপস্থিত হ'বলৈ কোৰআনক আকোৱালি লও।