লেখকঃ শাহিনুৰ আলম

গোটেই পৃথিৱীৰ ধর্মপ্রাণ মুছলিম সকলে প্রতিবছৰ এমাহ ৰমজানৰ ৰোজা পালন কৰে। তাৰ পিছত ছাউৱাল আৰু জিলকদ— এই দুমাহ পাৰ হোৱাৰ পাছত আহে পবিত্র হজৰ মাহ জিলহজ।
‘এতেকে, তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা।’
(فصل لربك وانحر)
চুৰাহ আল-কাউচাৰ, আয়াত: ০২)
জিলহজৰ প্রথম দহ দিন অত্যন্ত তাৎপর্যপূৰ্ণ আৰু পুণ্যময়। হাদিছৰ বিভিন্ন বর্ণনা মতে, এই দহ দিন পৃথিৱীৰ অন্যতম শ্রেষ্ঠ দিন।
কোৰ’আনত জিলহজ মাহৰ প্রথম দহ দিনৰ মর্যদা, মাহাত্ম্য আৰু শ্রেষ্ঠত্বক বুজাবলৈ আল্লাহ তাআলাই দিনবোৰৰ কছম খাইছে।
আল্লাই কৈছে-
ফজৰৰ সময়ৰ শপত,
শপত দহ ৰাতিৰ,
(والفجر و ليال عشر)
(চুৰাহ ফাজৰ, আয়াত: ১-২)
তাফচিৰবিদ সকলে কয়, ইয়াত যি ১০ ৰাতিৰ কথা কোৱা কৈছে, এয়া জিলহজৰ প্রথম দহ দিনকেই বুজোৱা হৈছে। (তাফচিৰে ইবনে কাচিৰ, চতুর্থ খণ্ড)
হাদিছত জিলহজৰ ফজিলত:
আবদুল্লাহ ইবনে আব্বাছ (ৰাঃ)ৰ পৰা বর্ণিত যে ৰাচুল (ছঃ)য়ে কৈছে, ‘আল্লাহৰ ওচৰত জিলহজৰ প্রথম দহ দিনৰ নেক আমলতকৈ অন্য কোনো দিনৰ আমলেই উত্তম নহয়। ’চাহাবা সকলে সুধিলে, হে আল্লাহৰ ৰাচুল! আল্লাহৰ ৰাস্তাত সংগ্রামো এই দহ দিনৰ আমলতকৈ উত্তম নহয়? ৰাচুল (ছঃ) কৈছে, ‘আল্লাহৰ ৰাস্তাত জিহাদ-সংগ্রাম কৰাও ইয়াতকৈ উত্তম নহয়। কিন্তু সেই ব্যক্তিৰ বাহিৰে, যি তাৰ সর্বস্ব লৈ জিহাদত অংশগ্রহণ কৰিলে আৰু একোৱে লৈ উভতি নাহিল। (আবু দাউদ, হাদিছ নং: ২৪৩৮; বুখাৰী, হাদিছ নং: ৯৬৯)
আৰাফাৰ দিনত ৰোজা:
আৰাফাৰ দিন ৰোজা ৰখা বহুত গুৰুত্বপূর্ণ। যিহেতু, ৰচুলুল্লাহ (ছঃ)ৰ পৰা প্রমাণিত, ৰাচুল (ছঃ)য়ে কৈছে, ‘আৰাফাৰ দিনৰ ৰোজা সম্পর্কে আল্লাহৰ ওচৰত আশা কৰোঁ যে যোৱা এবছৰ আৰু আগন্তুক এবছৰৰ গুনাহৰ কাফ্ফৰা হিচাপে গ্রহণ কৰা হ’ব।
(মুছলিম, হাদিছ : ১১৬২)
কিন্ত হজ পালনত গৈ আৰাফাতত অৱস্থানকাৰী হাজীসকলৰ কাৰণে ৰোজা ৰখা মুস্তাহাব নহয়। কিয়নো মহানবী (ছঃ)য়ে ৰোজাবিহীন অৱস্থাত আৰাফাতৰ ময়দানত অৱস্থান কৰিছিল।
হজ-ওমৰাহ:
জিলহজৰ প্রথম দহদিনৰ সর্বশ্রেষ্ঠ আমল হ’ল— হজ আৰু ওমৰাহ। ৰছুলুল্লাহ (ছঃ)য়ে কৈছে, ‘এক ওমৰাহৰ পৰা আৰু এক ওমৰাহৰ মাজৰ গুনাহসমূহৰ কাফফাৰা। আৰু মাবৰুৰ হজৰ প্রতিদান কেৱল জান্নাত। (বুখাৰী, হাদিছ নং: ১৭৭৩; মুছলিম, হাদিছ নং: ৩৩৫৫)
তাকবিৰ আৰু তাছবিহ পঢ়া-
এই দিনসমূহত তাকবিৰ (আল্লাহু আকবাৰ), তাহমিদ (আলহামদু লিল্লাহ), তাহলিল (লা ইলাহা ইল্লাল্লাহ) আৰু তাছবিহ (ছুবহানাল্লাহ) পঢ়া ছুন্নত। হাদিছত এই দিন সমূহত জিকিৰ-আজকাৰৰ বিষয়ে বিশেষ গুৰুত্ব দিয়া হৈছে। ৰছুলুল্লাহ (ছঃ)য়ে কৈছে, এই ১০ দিন নেক আমল কৰাতকৈ আল্লাহৰ ওচৰত বেছি প্রিয় আৰু মহান কোনো আমল নাই। সেয়ে তোমালোকে এই সময়ত তাহলিল (লা ইলাহা ইল্লাল্লাহ), তাকবিৰ (আল্লাহু আকবাৰ) আৰু তাহমিদ (আল হামদুলিল্লাহ) বেছি বেছি পাঠ কৰা। (বায়হাকি, ছোঁআবুল ঈমান, হাদিছ নং: ৩৪৭৪)
জিলহজৰ চন্দ্ৰ উদয়ৰ পাছত কৰণীয় আমল:
উম্মে চালমা (ৰাঃ)ৰ পৰা বর্ণিত হাদিছত নবী কৰিম (ছঃ)য়ে কৈছে, ‘যি ব্যক্তিয়ে জিলহজৰ চন্দ্ৰ চাই আৰু কোৰবানীৰ ইচ্ছা কৰে, তেওঁ যেতিয়ালৈকে কোৰবানী নকৰে, তেতিয়ালৈকে তেওঁ যেন চুলি বা নখ নাকাটে। (মুছলিম, হাদিছ নং: ৩৬৫৬)
তাকবিৰে তাছৰিক পাঠ কৰা-
জিলহজ মাহৰ ৯ তাৰিখ, ফজৰৰ ফৰজ নামাজৰ পাছৰ পৰা প্রত্যেক বালিগ পুৰুষ, মহিলা, মুকিম, মুছাফিৰ, গ্রামবাসী, চহৰবাসীৰ ওপৰত ১৩ তাৰিখৰ আছৰৰ নামাজ পর্যন্ত মোঠ ২৩ ওয়াক্ত নামাজৰ পিছত তাকবিৰে তাছৰিক পঢ়া ওয়াজিব।
তাকবিৰে তাছৰিক হল—‘আল্লাহু আকবাৰ আল্লাহু আকবাৰ, লা ইলাহা ইল্লাল্লাহু ৱাল্লাহু আকবাৰ আল্লাহু আকবাৰ ৱালিল্লাহিল হামদ।
সৰ্বশেষত পশু কোৰবানী কৰা এই দিনসমূহৰ শেষ দিন সামর্থ্যবান ব্যক্তিৰ কাৰণে কোৰবানী কৰা ছুন্নাতে মুৱাক্কাদাহ। আল্লাহ ৰাব্বুল আলামিনে নবী (ছঃ)ক কোৰবানী কৰিবলৈ পবিত্ৰ কোৰানত নির্দেশ দিছে।
সেয়েহে আল্লাহ তায়ালাই যেন আমালোকক কোৰবাণী কৰিবলৈ সক্ষমতা দান কৰে আমিন।

Show CommentsClose Comments

1 Comment

  • Imamul Hussain
    Posted July 13, 2021 at 3:11 am 0Likes

    Wow nice points
    It’s very important point
    I was searching about dulhijjah
    Unfortunately I got the link in groups about dulhijjah
    Alhamdulillah

Leave a comment