লেখকঃ শাহিনুৰ আলম

মহান আল্লাহে আমাৰ কাৰণে ৪টা মাহ যেনে- যিলকদ, জিলহজ্ব, মুহাৰ্ৰম আৰু ৰজবক হাৰাম তথা সন্মানিত মাহ কৰিছে। আল্লাহে কৈছে,

-নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা বাৰটা। তাৰে মাজত চাৰিটা মাহ নিষিদ্ধ, এইটোৱে প্ৰতিষ্ঠিত দ্বীন। এতেকে ইয়াৰ মাজত তোমালোকে নিজৰ প্ৰতি জুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে। [ছুৰা তাওবাহ: ৩৬]
.
বছৰৰ প্রথম মাহ মুহাৰ্ৰমৰ দহ তাৰিখক আশ্বুৰা বোলা হয়। আশ্বুৰা শব্দটি শুনিলেই সাধাৰণ মানুহৰ যেন গা শিয়ঁৰি উঠে। কাৰণ, আশ্বুৰা বুলিলেই তেওঁলোকৰ ধাৰণা #কাৰবালা।
.
আকৌ কাৰবালা মানেই নবী ﷺ ৰ নাতি ইমাম হুছাইন ইবনে ‘আলী (ৰাঃ)-ৰ পৰিয়ালৰ মর্মান্তিক শ্বাহাদাতৰ ঘটনা।
.
■ আশ্বুৰাৰ চিয়ামৰ মূল ইতিহাসঃ

আমি আশ্বুৰাৰ যি চিয়ামৰ কথা ইমান দিনে শুনি আহিছোঁ তাৰ সৈতে কাৰবালাৰ এই ঘটনাৰ কোনো সম্পর্ক নাই! মূলতঃ এই দিনত মূছা (আঃ) আৰু তেওঁৰ জাতি বনী ইছৰাঈলে ফেৰাউনৰ অন্যায়-অত্যাচাৰ, নিষ্পেষণ ও গোলামিৰ পৰা মিছৰ এৰি সাগৰ পাৰ হৈ নাজাত পাইছিল, সেয়ে তেখেতে আল্লাহৰ শ্বুকৰিয়া ও কৃতজ্ঞতার্থে এই দিনত চিয়াম পালন কৰিছিল আৰু পৰৱর্তী কালত বনী ইছৰাঈলেও এই দিনত চিয়াম পালন কৰিছিল।
.
◉ কোৰআনত বর্ণিত ইতিহাস:
মহান আল্লাহে কৈছে,

“আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ বাবে সাগৰক দুভাগ কৰিছিলোঁ আৰু তোমালোকক উদ্ধাৰ কৰিছিলোঁ; আৰু তোমালোকৰ চকুৰ আগতে ফিৰআউনৰ বংশক ডুবাই মাৰিছিলোঁ।” [ছুৰা বাক্কাৰা: ৫০]
.
মহান আল্লাহে আকৌ কৈছে,

আৰু আমি বনী ঈছৰাইলক সাগৰ পাৰ কৰালোঁ। ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে ঔদ্ধত্য সহকাৰে আৰু সীমালংঘন কৰি তেওঁলোকৰ পিছ ল’লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে তেতিয়া ক’লে, ‘মই ঈমান আনিলোঁ যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, যাৰ প্ৰতি বনী ঈছৰাঈলে ঈমান আনিছে, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।

এতিয়া! অথচ ইয়াৰ পূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্ত আছিলা।

‘এতেকে আজি আমি তোমাৰ শৰীৰটো ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰবৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন’। [ছুৰা ইউনুছ: ৯০-৯২]
.
◉ হাদীছত বর্ণিত ইতিহাস:

ৰাছুলুল্লাহ ﷺ -এ যেতিয়া মদিনালৈ আগমন কৰিলে, তেতিয়া দেখিলে যে, ইহুদীসকলে আশ্বুৰাৰ চিয়াম পালন কৰিছে। তেতিয়া ৰাছুলুল্লাহ ﷺ -এ তেওঁলোকক প্ৰশ্ন কৰিলে, ‘তোমালোকে এই দিনত কিয় চিয়াম পালন কৰা’? তেওঁলোকে ক’লে, ‘এইটো এটা মহান দিবস। এই দিনত আল্লাহে মূছা (আঃ) আৰু তেওঁৰ জাতিক নাজাত দিয়ে আৰু ফেৰাউন ও তাৰ জাতিক ডুবাই ধ্বংস কৰি দিয়ে। সেয়ে মূছা (আঃ) আৰু তেওঁৰ জাতিয়ে এই দিনত আল্লাহৰ শ্বুকৰিয়া আদায়ৰ উদ্দেশ্যে চিয়াম পালন কৰিছিল। এই কাৰণে আমিও পালন কৰোঁ।’ ৰাছুলুল্লাহ ﷺ -এ ক’লেঃ ‘আমি মূছা (আঃ)ৰ অনুসৰণ কৰাৰ বেছি হকদাৰ।’ ইয়াৰ পাছত ৰাছুলুল্লাহ ﷺ -এ আশ্বুৰাৰ ছিয়াম পালন কৰে আৰু চাহাবীসকলকো চিয়াম পালন কৰাৰ নির্দেশ দিয়ে। [বুখাৰী হ/২০২৪, ৩৩৯৭; মুছলিম হা/১১৩০]
.
ইবনে আব্বাছ (ৰাঃ)-ৰ পৰা বর্ণিত, তেখেতে কৈছে, মই ৰাছুলুল্লাহ ﷺ -ক যেনেকৈ গুৰুত্ব সহকাৰে আশ্বুৰা আৰু ৰমজানৰ চিয়ামৰ অনুসন্ধান কৰা দেখিছোঁ, অনুৰূপ অন্য কোনো চিয়ামৰ ক্ষেত্ৰত দেখা নাই। [বুখাৰী হা/১৮৬৭; মুছলিম হা/১১৩২]
.
আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বর্ণিত, তেখেতে কৈছে, জাহেলিয়াতৰ জামানাত কুৰাইছসকলে আশ্বুৰাৰ চিয়াম পালন কৰিছিল আৰু আল্লাহৰ ৰাছুলেও ﷺ পালন কৰিছিল। ইয়াৰ পাছত যেতিয়া তেখেতে মদিনালৈ আগমন কৰিলে তেতিয়াও তেখেতে আশ্বুৰাৰ চিয়াম পালন কৰে আৰু পালন কৰাৰ কাৰণে নির্দেশ দিয়ে। ইয়াৰ পাছত যেতিয়া ৰমজানৰ চিয়াম ফৰজ হ’ল তেতিয়া ৰাছুলুল্লাহ ﷺ -এ আশ্বুৰাৰ চিয়াম (ফৰজ হিচাপে) পালন কৰা নাই (ছুন্নত হিচাপে পালন কৰিছে)। ইয়াৰ পাছত যিয়ে ইচ্ছা কৰে পালন কৰিছিল আৰু যাৰ পালন কৰাৰ ইচ্ছা নাই তেওঁ পালন কৰা নাছিল। [বুখাৰী হা/১৮৬৩; মুছলিম হা/১৮৯৯]

→ অর্থাৎ এই দিনত চিয়াম পালন কৰাটো ৰমজানৰ চিয়াম ফৰজ হোৱাৰ পূর্বে ফৰজ আছিল।
.
■ আশ্বুৰাৰ চিয়াম পালন কৰাৰ নিয়মঃ

কেৱল দশম তাৰিখে চিয়াম ৰখা জায়েয, যিটো ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছত উল্লেখ কৰা হৈছে যে, ৰাছুলুল্লাহ ﷺ -এ আশ্বুৰাৰ চিয়াম পালন কৰাৰ কাৰণে তাক তালাচ কৰিছিল। দশম তাৰিখৰ সৈতে নৱম তাৰিখেও পালন কৰা ছুন্নত, যাতে ইহুদী-খ্ৰীষ্টানসকলৰ সৈতে সদৃশ নহয়, আৰু এইটোৱেই হ’ল সর্বোত্তম যিটো চাহাবায়ে কিৰামে নবী ﷺ -ৰ পাছত কৰিছিল।
.
আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেখেতে কৈছে, যেতিয়া ৰাছুলুল্লাহ ﷺ -এ আশ্বুৰাৰ চিয়াম পালন কৰিছিল আৰু পালন কৰাৰ কাৰণে নির্দেশ কৰে, পৰৱর্তী কালত চাহাবীসকলে ক’লে, এই দিনটোকে ইহুদী-খ্ৰীষ্টানসকলে বহুত সন্মান কৰে, ৰাছুলুল্লাহ ﷺ -এ ক’লেঃ আল্লাহে যদি ইচ্ছা কৰে, যেতিয়া অহা বছৰ আহিব তেতিয়া আমি নৱম তাৰিখেও চিয়াম পালন কৰিম, কিন্তু পাছৰ বছৰ আশ্বুৰা অহাৰ পূর্বেই ৰাছুলুল্লাহ ﷺ -এ মৃত্যুবৰণ কৰে। [মুছলিম হা/১৯১৬, ১৯১৭]
.
আবু হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ৰমজানৰ পিছত সর্বোত্তম চিয়াম হ’ল মুহাৰ্ৰম মাহৰ চিয়াম (অর্থাৎ আশ্বুৰাৰ ছিয়াম) আৰু ফৰজ চালাতৰ পাছত সর্বোত্তম চালাত হ’ল ৰাতিৰ নফল চালাত (অর্থাৎ তাহাজ্জুদৰ চালাত)।

☞ অর্থাৎ এইটো পূর্বৱর্তী এক বছৰৰ গুনাহৰ কাফফাৰা স্বৰূপ অর্থাৎ ইয়াৰ মাধ্যমত পূর্বৱর্তী এক বছৰৰ গুনাহ ক্ষমা কৰা হয়।

Show CommentsClose Comments

1 Comment

  • Jeherul Bhuyan
    Posted August 10, 2021 at 7:40 am 0Likes

    বহুত ভাল লাগিছে ❤️ পঢ়ি
    আজিৰ দিনটোবাৰু হজৰত মহম্মদৰ হিজৰতৰ দিন হয়।

Leave a comment