লেখকঃ শাহিনুৰ আলম
এইখন ভাৰতবৰ্ষ জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোকে একেলগে স্বাধীনতা আন্দোলন জপিয়াই পৰিছিল । ভাৰতবৰ্ষক ব্ৰিটিছ মুক্ত কৰিবলৈ মনে প্ৰাণে চেষ্টা কৰি গৈছিল । তেখেত সকলৰ এনে মনোবল আৰু বলিদানৰ বাবে আজি স্বাধীন ভাৰতত বাস কৰি আছো। আমি সকলোৱে জানো যে ভাৰতবৰ্ষক কোনো দল বা এটা জাতিয়ে স্বাধীনতা আনি দিয়া নাই । ভাৰতৰ সকলো শ্ৰেণীৰ মানুহ , জাতি – জনজাতিৰ সহযোগত স্বাধীনতা আনিবলৈ সক্ষম হৈছিল । য’ত হিন্দু, মুছলমান, সীখ,বৌদ্ধ খ্ৰীষ্টান জৈন ধৰ্মালম্বীৰ লোক সহযোগ কৰিকৰিছিল । আজি মই এটি বিশেষ ধৰ্মৰ লোকসকলে ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ কি কি কাম কৰিছিল । সেই বিষয়ে আলোচনা কৰিবলৈ লৈছো।
সত্য ইতিহাস লুটিয়াই চোৱা মুছলমানৰ তাজা তেজেৰে এই ভাৰতবৰ্ষ মুক্তি লাভ কৰিছিল । জেলত থকা ১ (এক) কোটি মুছলমানৰ প্ৰাণৰ বিনিময়ত ভাৰত আজি স্বাধীন । সেয়া ভাৰতৰ ইতিহাসবিদ সকলে লাহে লাহে এই বিষয় সমূহ মুচি পেলাবলৈ চেষ্টা কৰিছে।
ভাৰতৰ সৰ্বপ্ৰথম ইতিহাসৰ পাতত প্ৰথমে যিসকলৰ নাম পোৱা যায় , সেয়া হ’ল – মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু, অৰবিন্দ , মতিলাল নেহৰু ইত্যাদি ইত্যাদি । কিন্তু এখেতসকলৰ সমতুল্য নেতা আতাউল্লা বুখাৰী, মৌলানা হুছেইন আহমেদ, মৌলানা মাহমুদ হাচান, মৌলানা গোলাম হুছেইন এখেত সকলৰ নাম হব লাগিছিল । একে শাৰীতে । আমি জানো তেনে দেখিবলৈ পাইছো নে ?
আনহাতে ইংৰাজৰ বিৰুদ্ধে কাৰ্যকলাপত যাৰ নাম সকলোতকৈ আগত থাকিব লাগিছিল, সেই তাবাৰক হুছেইনৰ নামো ইতিহাসে লুকাই থৈছে ।
তৎকালীন সময়ত যি হিন্দুস্থানৰ প্ৰেচিডেণ্ট আছিল । যাৰ সংস্পৰ্শত হিন্দু মুছলিম নব প্ৰাণ পাইছিল । সেই হাকিম আজমল খাঁ কো ইতিহাসবিদ পাহৰি পেলাইছে ।
বিখ্যাত লেখক মি: খুশওয়ান্ত সিং কৈছিল, ” Indian freedom is written on Muslim’s blood. “
স্বাধীনতা আন্দোলনত মুছলমানৰ অংশ গ্ৰহণ শতকৰা বহু গুণে বেছি আছিল । ৯৫৩০০ জন স্বাধীনতা যোদ্ধাৰ নাম লিখা আছে দিল্লীৰ ইন্ডিয়া গেটত । তাৰে ভিতৰত ৬১৯৪৫ জন মুছলিম বীৰ স্বাধীন সংগ্ৰামী নাম উল্লেখ আছে । যিটো শতকৰা ৬৫% হয় ।
হাইদৰাবাদৰ প্ৰথম স্বাধীনতা সংগ্ৰামী আছিল হায়দৰ আলি আৰু তেওঁৰ পুত্ৰ টিপু চুলতান । ১৭৮০ ৰ পৰা ১৭৯০ খ্ৰীষ্টাব্দ লৈকে ব্ৰিটিছ বিৰুদ্ধে আন্দোলন কৰি গৈছিল । টিপু চুলতানে লোৰে গঠিত মেচোৰিয়ান ৰকেট প্ৰথমে ব্যৱহাৰ কৰিছিল । তেতিয়া এনে ধৰণৰ ৰকেট ভাৰতৰ ক’তো দেখা পোৱা যোৱা নাছিল ।
ঝাঁসিৰ ৰাণী লক্ষ্মীবাইৰ সংগ্ৰামৰ বিষয়ে আমি সকলোৱে জানো । কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী মুছলিম মহিলা বেগম হজৰত মহলৰ কথা কিমান জনে জানে । তেঁও ব্ৰিটিছ শাসক ছাৰ হেনৰি লৰেন্সক গুলি কৰে আৰু ব্ৰিটিছ সেনাক পৰাজিত কৰে ১৮৫৭ চনৰ ৩০ জুন চিন হাটৰ যুদ্ধত ।
সংগঠক মৌলবী নেতা আহমদুল্লাহ শ্বাহ আছিল প্ৰথম ভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ ভিতৰত এজন ।
ব্ৰিটিছ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ বাবে প্ৰথমে আশফাকুল খানক ফাঁচি দিয়া হয় । তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৭ বছৰ ।
মৌলানা আবুল কালাম আজাদ এজন ভাৰতীয় পন্ডিত আছিল । ভাৰতীয় স্বাধীনতা আন্দোলনৰ জাতীয় কংগ্ৰেছৰ চিনিয়ৰ মুছলিম নেতা আছিল । যাৰ অবিহনে গান্ধী, নেহেৰু চলিব পৰা নাছিল । তেওঁ নাথাকিলে জাতিৰ পিতা ‘ গান্ধী ‘ উপাধিও নাপালে হয় । সেই মৌলানা আজাদক ইতিহাসৰ পাতৰ পৰা বাদ পৰাৰ দৰে হৈ আছে ।
মৌলানা মহাম্ম আলি আৰু চাওকত আলি, যিয়ে ” কমৰেড আৰু হামদৰ্দ নামৰ দুটা ইংৰাজ বিৰুদ্ধি পত্ৰিকাৰ সম্পাদক আছিল । সিহঁতকো ইতিহাসৰ পাতত ঠাই নিদিলে ।
খাজা আবুল মজীদ ইংলেণ্ডৰ পৰা ব্যাৰিষ্টাৰ পাছ কৰি এজন বিখ্যাত কংগ্ৰেছ নেতা হিচাপে কাম কৰে। তেওঁ আৰু তেওঁৰ স্ত্ৰী ব্ৰিটিছ বিৰুদ্ধে প্ৰচণ্ড সংগ্ৰাম কৰি উভয়ৰ জেল হৈছিল । ১৯৬২ চনত তেখেতৰ মৃত্যু হয় । লগতে ইতিহাসৰ পাততো তেওঁক মৃত্যু ঘটাইছে লেখকসকলে।
ডবল MA আৰু P.H.D ডিগ্ৰীধাৰী প্ৰভাৱশালী সংগ্ৰামী ছাইফুদ্দিন কিচুল । বিপ্লৱী মীৰ কাচিম, টিপু চুলতান, মজনু শ্বা, ইউচুফ আদি ব্ৰিটিছৰ বুলেটৰ আঘাতত নিশ্চিহ্ন হৈ গ’ল । কিন্তু আচৰিত কথা এই নাম ইতিহাসৰ পাততো নিশ্চিহ্ন হৈ গ’ল কেনেকৈ ?
সৰ্ব ভাৰতীয় নেতা আহমদুল্লাহ । তৎকালীন সময়ত ৫০ হাজাৰ টকা তেওঁৰ মূৰৰ দাম দিছিল ব্ৰিটিছ চৰকাৰে । জমিদাৰ জগন্নাথে প্ৰতাৰণা কৰি বিষ খোৱালে নিজৰ ঘৰত আৰু ব্ৰিটিছ চৰকাৰৰ পৰা ৫০হাজাৰটকা ল’লে ।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ সোঁহাত আৰু বাওঁহাত কোন আছিল ? সিহঁত হ’ল আবিদ হাচান, আজিজ আহমদ, ডি এম খান, আব্দুল কৰিম গনি জেট কিলানি , কৰ্নেল জিলানগ প্ৰমুখ । সেই মহান নেতা সকলৰ অৱদান লিখকে কেনেকৈ পাহৰি গ’ল ?
বিদ্ৰোহী গোলাম ৰাব্বানী, সৰ্দাব হায়দৰ, মৌলানা আক্ৰম খাঁ ইহঁতৰ তেজ আৰু নিৰ্মম মৃত্যু ভাৰতৰ স্বাধীনতাত লগা নাইনে ? যিসকল আমি আজি পাহৰি পেলাইছো ।
বিখ্যাত নেতা জেহুৰুল হাচানক হত্যা কৰা হ’ল । মোটা অংকৰ পুৰস্কাৰ ঘোষণা কৰি ।
জেলত মৰি গ’ল মৌলানা ওবখয়দুল্লা । তেঁওৰ নাম জানো ইতিহাসত উঠিবলগীয়া নাছিল নে ?
হাফিজ নিচাৰ আলি যিয়ে তিতুমিৰ নামত খ্যাত । ব্ৰিটিছে তেওঁৰ সেনাপতি গোলাম মাচুম কিল্লাৰ সৈতে একেলগে ফাঁচী দিয়ে ।
কিংসফোৰ্ডক হত্যা কৰিবলৈ চেষ্টা কৰি বিফল হৈছিল ক্ষুদিৰাম আমি সকলোৱে জানো । কিন্তু সেই কাৰ্য সফল হ’লে শ্বেখ খাঁ আলিৰ দ্বাৰা । এয়া আমি কিমান জনে জানো ?
কলিকতাত হিংস্ৰ বিচাৰকক হত্যা কৰা আব্দুল্লাহৰ নমো বিলীন হৈ গ’ল ।
বিখ্যাত নেতা আচফাকুল্লা । ভাৰত ছৰো আন্দোলনৰ বীৰ আব্দুচ চুকুৰ আৰু আব্দুল্লা মীৰৰ অৱদান ইতিহাসে পাহৰি গৈছে ।
ওপৰত উল্লেখ কৰা বীৰ বিৰঙ্গনা সকলৰ ত্যাগ বাবে আমি এই স্বাধীন ভাৰতখন দেখিবলৈ পালো । এওঁলোকৰ নিচিনাকৈ অন্য ধৰ্ম লোক সকলোৱে ভাৰত স্বাধীনৰ বাবে প্ৰাণ আহুতি দিছিল । আমি তেখেত সকলৰ বলিদানক পাহৰিব নোৱাৰিম । আমি তেখেত সকলৰ এই গাথা গাই যাম ।