লেখক: ইনজামামুল হক
৯ নৱেম্বৰ তাৰিখত প্ৰতি বছৰ বিশ্ব উৰ্দু দিৱস পালন কৰা হয়। উৰ্দু হ’ল ইন্দো-আৰ্য ভাষা এই ভাষাটো দক্ষিণ এছিয়াত প্ৰচলিত আছে। পাকিস্থানৰ প্ৰধান ভাষা হ’ল উৰ্দু।
বিশ্ব উৰ্দু দিৱস আল্লামা ইকবলৰ জন্ম দিনত পালন কৰা হয়। আল্লামা ইকবলৰ জন্ম ১৮৮৭ চনৰ ৯ নৱেম্বৰত পাকিস্থানৰ শিয়ালকোটত হৈছিল। তেওঁ এজন দক্ষিণ এছিয়াৰ মুছলিম লেখক, দৰ্শনিক,আৰু ৰাজনীতিক আছিল। তেওঁ উৰ্দু কবিতাত বিশ শতিকাৰ অন্যতম কবি আছিল। আল্লামা ইকবল পাকিস্থানৰ শিয়ালকোটত জন্ম হৈ তাত ডাঙৰ- দীঘল হয় আৰু তাৰ পিছত তেওঁ তাৰ পৰা বিএ পাছ কৰে । লাহোৰৰ এখন কলেজত আৰৱী ভাষাৰ শিক্ষক হিচাপে কাম কৰে। তাৰ পিছত ১৮৯৯ চনত তেওঁ উচ্চ শিক্ষা লাভ কৰাৰ বাবে ইউৰোপত যায়। তাৰ পৰা তেওঁ ১৯০৮ চনত লাহোৰত উভিত আহে ।আৰু তেওঁৰ মৃত্যু ২১ এপ্ৰিল ১৯৩৮ চনত হয়।