কোৰআন মজীদ আল্লাহ তাআলাৰ নাযিলকৃত সর্বশেষ আৰু সর্বশ্রেষ্ঠ আচমানী গ্ৰন্থ । এই মহান পুস্তিকাখনৰ বিভিন্ন বিষয়ত ভিন্ন দিশত,ইয়াৰ মৰ্যদা আৰু ফজিলত আদি কেন্দ্ৰ কৰি লাখ লাখ কিতাপ লিখা হৈছে, হাজাৰ ছেমিনাৰ আয়োজন কৰা হৈছে , অনেক গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে যত শ শ বৈজ্ঞানিক আৰু ইছলামী বিজ্ঞ পণ্ডিতসকলে গৱেষণা কৰি আছে আৰু কিয়ামত পর্যন্ত এই ধাৰাবাহিকতা অব্যাহত থাকিব। এইখন পৱিত্ৰ গ্ৰন্থৰ পৰা আজিলৈকে নিত্য নতুন জ্ঞানৰ সৃষ্টি আৰু আৱিষ্কাৰ হৈ আছে। আৰু কোনেও নাজানে, যে মানৱ জাতিয়ে জানিব পৰা আৱিস্কাৰ কৰিব পৰা কিমান ৰহস্য আৰু নতুন জ্ঞান এতিয়াও গোপন হৈ আছে।
বহুতো বিজ্ঞ ইছলামী পণ্ডিতসকলে, বৈজ্ঞানিক সকলে পৱিত্ৰ কোৰআন সম্পৰ্কে বিভিন্ন ধৰণে গৱেষণা কৰি আছে, অধ্যয়ন কৰি আছে। তাৰে এটা গুৰুত্বপূৰ্ণ বিষয় হল *কোৰআন মজিদ মহাবিস্ময়কৰ আৰু অলৌকিক হোৱাৰ কাৰণ’। এই সন্দৰ্ভত বিভিন্ন কিতাপ লিখা হৈছে, দীঘল দীঘল প্ৰৱন্ধ লিখা হৈছে। আৰু তফছীৰৰ ডাঙৰ ডাঙৰ কিতাপসূহত বহুত দীঘলীয়া আলোচনা কৰা হৈছে।
পৱিত্ৰ ৰমজান মাহ হʼল কোৰআন অৱতীর্ণ হোৱা মাহ। এক নিবিড় আৰু গভীৰ সম্বন্ধৰ মাহ । নবী(ছঃ)মে নিজেও জিব্রাইল আঃক কোৰআন দৌৰ কৰি মুখস্থ শুনাইছিল।
সেই উপলক্ষে ইয়াত আপোনালোকৰ বাবে চমুকৈ লিখনি এখন প্ৰস্তুত কৰা হৈছে। আশা কৰো উপকৃত হʼব।
পৱিত্ৰ ক্বুৰআন বিশ্বৰ মহাবিস্ময়কৰ অলৌকিক (মুজিযাৰ) গ্ৰন্থ, কিন্তু কিয় ?
১) পূৰ্বৰ বিখ্যাত ঘটনাৱলীৰ হুবহু ৰূপত প্ৰকাশ কৰা :
কোৰআন মজিদত পূর্বৱর্তী উম্মত, শ্বৰীয়ত আৰু সিহতৰ ইতিহাস এনেকৈ উল্লেখ কৰা হৈছে, যে সেই যুগৰ ইহুদি-খ্রিষ্টানৰ পণ্ডিতসকলেও , (যিসকল পূর্ববর্তী আকাশী গ্ৰন্থসমূহৰ পাৰ্গত, বিজ্ঞ লোক হিচাপে জনাজাত আছিল) ইমান অবগত নাছিল । ৰাছূল কৰিম (ছাঃ) প্রতিষ্ঠানগত শিক্ষিত নথকা সত্বেও, কোনো শিক্ষিত লোকৰ সহায় গ্রহণ নকৰিলেও, কোনো কিতাপ আদি কোনোদিনেই স্পর্শ নকৰিলেও পৃথিৱীৰ সকলো বিষয়তে খবৰ দিছিল।
আ’দ জাতি, ছামূদ জাতি আদিৰ পৰা আৰম্ভ কৰি প্রথম যুগৰ পৰা তেওঁৰ যুগ পর্যন্ত সমগ্র বিশ্ববাসীৰ ঐতিহাসিক অৱস্থা, তথা সিহঁতৰ শ্বৰীয়ত সম্পর্কে অতি নিখুঁতভাবে বিস্তাৰিত আলোচনা কৰিছিল। এয়া আল্লাহৰ বাণীৰ সহায়ৰ অবিহনে কোনোপধ্যেই সম্ভৱ নাছিল ।
২) ভৱিষ্যতবাণী :
কোৰআন মজিদত কিছু গাইবৰ (ভৱিষ্যতবাণী) সংবাদ তথা ভৱিষ্যতে ঘটিব বুলি অনেক ঘটনাৰ বিষয়ে উল্লেখ কৰিছে। যিবোৰ পৰৱৰ্তী সময়ত হুবহু সংঘটিত হৈছিল। কোৰআনে ঘোষণা কৰা মতে , ৰোম(ৰোমান) আৰু পাৰ্চী দেশসমূহৰ যুদ্ধত প্রথমে পাৰ্চীবাসী জয়লাভ কৰে, তাৰ পিছত দহ বছৰৰ ভিতৰত পুনৰ ৰোমান দেশে পাৰ্চী দেশক পৰাজিত কৰে। এনেকুৱা আৰু অনেক ঘটনা পৱিত্ৰ কোৰআনত উল্লেখিত আছে , যিবোৰ গাইবৰ সম্পর্কীয়, আৰু পৰৱৰ্তী সময়ত হুবহু ঘটিছিল । সূৰ্যৰ চাৰিওঁফালে গ্ৰহসমূহ নিজ নিজ কক্ষপথেদি ঘূৰি ফুৰে পৃথিৱীৰ চাৰিওঁফালে নহয় ইত্যাদি।
৩) বিশুদ্ধ ভাষাশৈলী আৰু প্ৰত্যাহ্বানমূলক সাহিত্য :
এই গ্ৰন্থৰ অনন্য বৈশিষ্ট্য তথা শ্রেষ্ঠত্ব হল, ইয়াৰ চিৰন্তনতা আৰু বিকৃতিমুক্ত অৱস্থা। বিশুদ্ধ ভাষাশৈলী, বাক্যবিন্যাস, চিত্রকল্প, উপমা-উতপ্রেক্ষ, ভাব ব্যঞ্জনা, ছন্দ-মাধুর্য, এই সকলো কোৰআন মজিদৰ শ্রেষ্ঠত্বৰ স্মাৰক । পৃথিৱীত এই পর্যন্ত যিমান আকাশীগ্ৰন্থ অৱতীর্ণ হৈছে, তাৰ কোনো এখন বিকৃতিৰ ভয়ংকৰ খেলৰ পৰা ৰক্ষা পোৱা নাই । কিন্তু ব্যতিক্ৰম এই গ্ৰন্থখন। অৱতীর্ণ হোৱাৰ পিছত চৌধ্যশ বছৰ কালতকৈ বেছি সময়ৰ মাজত ইয়াৰ কোন আয়াত, শব্দ, আখৰ , নোকতা(ফুটা) আনকি বিৰাম চিহ্নসমূহো পৰিৱৰ্তন হোৱা নাই । আৰু কিয়ামত পর্যন্ত ইয়াৰ কোনো ধৰণৰ পৰিবর্তন , পৰিবর্ধন , সংযোজন-বিয়োজন তথা বিকৃতিৰ কোনো অৱকাশ নাই ।
কোৰআন মজিদে বাৰাম্বাৰ আৰব দেশৰ হাজাৰ হাজাৰ শ্ৰেষ্ঠ ভাষাবিদ, সহিত্যি, যুগ শ্ৰেষ্ঠ বাগ্মিসকলক এটি সৰু আয়াতৰ দৰে বাক্য প্ৰস্তুত কৰিবলৈ প্ৰত্যাহ্বান জনায় কিন্তু সকলোৱে পৰাজয় স্বীকাৰ কৰি একমুখে মানি লৈছিল —
” লাইচা হা’জা কালামুল বাশ্বাৰ ليس هذا كلام البشر(এইটো কোনো মানৱ ৰচিত কথা নহয়) “। তাৰ মূল কাৰণ আছিল :
ক. পবিত্র কোৰআনৰ অভিনব নজম(কবিতা)বা শব্দচয়ন।
খ. শব্দসমূহৰ বিশুদ্ধতা আৰু উন্নত ভাষা অলংকাৰ।
গ. কতো বিৰোধিতা নথকা।
ঘ. অভিনব বর্ণনাভঙ্গী।
ঙ. ইয়াত প্রদত্ত প্রতিশ্রুতিসমূহৰ বাস্তবায়ন।
চ. আলোচ্য বিষয় অতি সংক্ষিপ্তভাবে উপস্থাপন।
ছ. এটা এটা শব্দ সুনিৰ্দিষ্ট অৰ্থপূৰ্ণ।
৪) মানৱজাতিৰ অন্তৰত গভীৰ প্রভাৱ সৃষ্টি কৰিব পৰা ক্ষমতা ।
৫) এটি পূর্ণাঙ্গ জীৱন বিধানৰ ৰূপৰেখা আৰু মানচিত্ৰ প্রধান।
৬) বৈজ্ঞানিক তথ্যাদিৰ নির্ভুল উপস্থাপন।
৭)নানাবিধ জ্ঞান-বিজ্ঞানৰ সমাহাৰ।
৮) বিৰক্তিহীন গ্ৰন্থ :
কোৰআন শ্বৰিফ বাৰাম্বাৰ পাঠ কৰিলেও কেতিয়াও বিৰক্তি অনুভৱ নহয়। বিশ্বজগতৰ যিমান ভাল আৰু আকর্ষণীয় পুস্তিকা নহওক কিয় , দুই চাৰিবাৰ পঢ়িলে আৰু পঢ়িবলৈ ইচ্ছা নহয়। কিন্তু কোৰআন মজিদ ইয়াৰ ব্যতিক্রম। যিমানেই বেছি পাঠ কৰা হয়, সিমানেই আগ্রহ বৃদ্ধি পাই থাকে। এই মধু আৰু আগ্ৰহ কোৰআনৰ হাফিজ সকলে আটাইতকৈ বেছি অনুভৱ কৰিব পাৰে।
৯) সৃষ্টিকৰ্তা নিজেই সংৰক্ষণকাৰী :
কোৰআন শ্বৰিফত ঘোষণা কৰা হৈছে : এই কিতাপখনক সংৰক্ষণৰ দায়িত্ব স্বয়ং আল্লাহ পাকে গ্রহণ কৰিছে।انا نحن نزلنا الذكر و إنا له لحفظون
“আৰু আমি ইয়াৰ অৱতীর্ণ কৰিছো, আৰু আমি নিজেই ইয়াৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিম”।
আৰু কিয়ামত পর্যন্ত আল্লাহ পাকে প্ৰতি যুগতে স্ত্রী-পুৰুষ , শিশু-বৃদ্ধ নির্বিশেষে লাখ লাখ কোৰআন স্মৰণকাৰী হাফিজ সকলৰ দ্বাৰা এই দ্বায়িত্ব পালন কৰি আছে আৰু কৰি থাকিব ।

Show CommentsClose Comments

Leave a comment