অসম দিৱস (চুকাফা দিৱস)

ইনজামামুল হক আহমেদ

১৯৯৬ চনৰ পৰা প্ৰতি বছৰে ২ ডিচেম্বৰত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ পাটকাই পৰ্বত ওপৰেৰে যাত্ৰাক স্মৃতিৰে অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়।
চুকাফা
ইং ১১৯১ খ্ৰি.ত চীনৰ য়ুনান প্ৰদেশৰ ম্য়ুং মাও ৰাজ্যৰ ৰাজধানী কিং ছেনৰ ( ছিয়েং চেন) মাও লুঙত চুকাফাৰ জন্ম হয়। চুকাফা, পিতৃ সূত্ৰে মেকং নৈৰ পাৰৰ ম্য়ুং ৰি ম্য়ুং ৰাম ৰাজবংশৰ আৰু মাতৃ সূত্ৰে ম্য়ুং মাও ৰাজ্যৰ ৰাজ পৰিযায়লৰ লোক আছিল। ম্য়ুং মাও ৰাজ্য খনৰ অধিবাসীসকল আছিল বিখ্যাত টাই জনগোষ্ঠীৰ লোক। আজিও এই ঠাইখন ম্য়ুও নামেৰেই জনাজাত।
চুকাফাৰ জীৱনৰ প্ৰথম ভাগ
চুকাফাৰ নিচায়েক (মাকৰ ককায়েক) পামেউপুঙৰ কোনো সন্তান নথকাত চুকাফা ম্য়ুং মাও ৰাজসিংহাসনৰ উত্তৰাধিকাৰী হিচাবে বিবেচিত হৈছিল। এনায়েক-পুথায়েকৰ( ককাক-আইতাক- মাকৰ ফালৰ) মৰম-চেনেহত চুকাফা ডাঙৰ দীঘল হৈছিল। কিন্তু চুকাফা যেতিয়া ১৯ বছৰ বসয় হৈছিল তেওঁ এপায়েকৰ ঘৈণীয়েকে এটা পুত্ৰ সন্তান জন্ম দিয়ে, তাৰ লগে লগে চুকাফাৰ ৰজা হোৱা সপোনত চেঁচা পানী পৰে।
তেতিয়া চুকাফাৰ আইতা মানে(মাকৰ মাক) তেওঁ কৈছিল এখন হাবিত দুজন সিংহ নাথাকে, একেখন পাটতে দুজন ৰজা নবহে। সেয়েহে তুমি আন এখন ৰাজ্যলৈ যোৱা। আইতাৰ কথা মতে চুকাফা ম্য়ুং মাও এৰিবলৈ স্থিৰ কৰিলে। পিতৃৰাজ্য ম্য়ুং খু ম্য়ুং জাও শাসন কৰাৰ ইচ্ছা প্ৰকাশ নকৰিলে।
চুকাফা নিজ আইতাৰ উপদেশ মানি নিচাদেৱেকৰ পুতেকক ৰজা হবলৈ দি ১২১৫ খ্ৰি.ত ম্য়ুং মাও ত্যাগ কৰে। অত্যন্ত দুৰ্গম দীঘলীয়া বাটেৰে বাটকুৰি বাই তেওঁৰ যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰাপথত নৈ-জান-জুৰি, পাহাৰ-পৰ্বত, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ অৰণ্য অতিক্ৰম কৰিছিল। বাটৰ কাষত মানুহৰ সংখ্যা আছিল নিচেই তাকৰ। সেয়ে আৱশ্যকীয় চাউল আৰু অন্যান্য খাদ্যবস্তু পোৱা নগৈছিল। সৈইবাবে সুবিধাজনক ঠাইত ছমাহ, এবছৰ থাকি, বাৰিষাৰ শালি খেতি কৰি, অন্যান্য খাদ্য শস্যৰ খেতি কৰি, খাদ্য-শস্য উৎপাদন কৰি লৈছিল। এইদৰে ১৩ বছৰ কাল ভ্ৰমণ কৰি ডয় কাও ৰং, বৰ্তমান পাটকাই পৰ্বতৰ কাষৰীয়া ঠাইবোৰত ঘূৰি-পাকি চুকাফাৰ দলটো খামজাং নামাৰ ঠাইত উপস্থিত হয় আৰু ৰাজ্য স্থাপন কৰে। এই খামজামেই হল টাই আহোমসকলৰ প্ৰথম ম্য়ুং বা প্ৰদেশ। তাত এজন শাসনকৰ্তা নিয়োগ কৰি প্ৰায় এবছৰ কাল থাকে। পৰৱৰ্তী প্ৰায় ৬০০ বছৰ কাল এই খাম জাং আহোম ৰাজ্যৰ ভিতৰুৱা আছিল। এই ঠাই বৰ্তমান ম্যানমাৰত অন্তৰ্গত।
তাৰপৰা কিছুদূৰ আগুৱাই গৈ নং য়াং নামৰ হ্ৰদ এটা পালেহি। তাৰ পাছত ডয় কাও ৰং অৰ্থাৎ বৰ্তমানৰ পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথেদি আগুৱাই নগা গাওঁ কিছুমানৰ মাজে মাজে আহি থাকিল। বাটত মাজে-সময়ে নগাবিলাকে চুকাফাৰ দলটোক বাধা দিছিল। এনে বাধাপ্ৰদানকাৰী নগাবিলাকক দমন কৰি তেওঁলোকৰ গাওঁবোৰ নিজৰ অধীনলৈ আনিছিল। চুকাফাই নগা-বিলাকক দমন কৰাৰ ক্ষেত্ৰত অতি নিষ্ঠুৰ পন্থা অৱলম্বন কৰিছিল। তেওঁ আনকি যুদ্ধত পৰাস্ত হোৱা নগাবোৰক অতি কঠোৰ শাস্তি দিছিল। ফলত তেওঁলোক সন্ত্ৰাসিত হৈ লৰালৰিকৈ চুকাফাৰ আবশ্যকতা স্বীকাৰ কৰিছিল।

চুকাফাৰ সৌমাৰ অঞ্চলত প্ৰৱেশ আৰু আহোম ৰাজ্য স্থাপন

প্ৰায় ১৩ বছৰ কাল ভ্ৰমণ কৰি পাটকাই পৰ্বত পাৰ হৈ নামৰূপ নৈয়েদি বুঢ়ীদিহিং হৈ ১২২৮ খ্ৰি.ৰ ১৬ আঘোণত লুইতৰ পাৰৰ সৌমাৰ অঞ্চলৰ তিপামত উপস্থিত হয়। তিপামত তিনি বছৰ থাকি ৰাজধানী পাতিবৰ বাবে উপযুক্ত ঠাইৰ সন্ধানত নামি পৰিল অভয়পুৰ, হাবুং, দিখৌমুখ, শিমলুগুৰি, আদি ঠাইৰ প্ৰত্যকতে কৈইবছৰমান থাকি অৱশেষত বৰ্তমান চৰাইদেউত ৰাজধানী পাতে ১২৫৩ খ্ৰি.ত। চৰাইদেউৰ পূৰ্বৰ নাম আছিল চৰাই দয়। চৰাই দয়ৰ অৰ্থ হল উজ্জ্বল পাহাৰৰ নগৰ। বানপানীৰ উপদ্ৰৱৰ বাবে চুকাফাই ইমানদিনে কতো নিগাজিকৈ ৰাজধানী পাতিব পৰা নাছিল। চৰাইদেউ তুলনামূলকভাৱে আনবোৰ ঠাইতকৈ ওখ আছিল। খেতি-বাতিৰ বাবেও সুচল আছিল। সেয়ে চুকাফাই চৰাইদেউতে স্থায়ী ৰাজধানী পাতি শিৱসাগৰ জিলাৰ দক্ষিণ-পূৱ অঞ্চলটো শাসন কৰিবলৈ ধৰিলে। চৰাইদেউ আহোম ৰজাসকলৰ প্ৰথম ৰাজধানী আছিল।
আহোম ৰজা চুকাফাই শাসন কৰিবলৈ লোৱা ঠাইখিনিৰ নাম দিয়া হৈছিল ম্য়ুং ডুন চূণখাম। ম্য়ুং মানে দেশ ডুন মানে পূৰ্ণ, চূণ মানে বাগিছা আৰু খাম মানে সোণ।
চুকাফাই ১২১৫ খ্ৰি.ৰ পৰা ১২৫৩ মুঠ ৩৮ বছৰ কাল অতি কষ্টেৰে বিভিন্ন ঠাইত কটায়। সেই সময়ছোৱাত তেওঁ প্ৰচুৰ অভিজ্ঞতা লাভ কৰিছিল। চৰাইদেউত উপস্থিত হওঁতে তেওঁৰ বয়স আছিল ৬২ বছৰ। পূৰঠ অভিজ্ঞতাৰ ভিত্তিতেই তেওঁ নতুন ৰাজ্য ম্য়ুং ডুন চূণ খাম শাসন কৰি থাকোঁতেই ১২৬৮ খ্ৰি.ত চুকাফাৰ মৃত্যু ঘটিল। তেওঁক চৰাইদেউতেই মৈদাম ( সমাধি ) দিয়া হয়।

চুকাফাৰ চৰিত্ৰ আৰু ব্যক্তিত্ব:

চুকাফা এক মোহনীয় ব্যক্তিত্বৰ অধিকাৰী আছিল। তেওঁৰ দৃঢ়মনা স্বভাৱ আৰু মানুহক সহজে আকৰ্ষণ কৰিব পৰা স্বভাৱৰ অধিকাৰী হোৱা বাবে ম্য়ুং মাওৰ পাৰ ৯০০০ মানুহে নানা বিপদ-বিঘিনি থকাৰ কথা জানিও তেওঁৰ সহযাত্ৰী হৈছিল।
চুকাফাৰ এক দূৰদৃষ্টিসম্পন্ন চৰিত্ৰয়ো ৰাজ্য গঠন কৰাৰ কামত অৰিহণা যোগাইছিল। যাত্ৰাপথৰ আগতে সকলো কথা চিন্তা কৰি কোনো কেৰাণ নলগাকৈ তেওঁ দলটো গঠন কৰিছিল। ৰাজ্য শাসনৰ সুবিধাৰ্থে চুকাফাই বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুজন মন্ত্ৰী নিয়োগ কৰিছিল। এনেদৰে নিজৰ বুদ্ধি, সাহস আৰু দূৰদৰ্শিতাৰ মাজেৰে তেওঁ নতুনকৈ প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ শাসনকাৰ্য পৰিচানলা কৰিছিল।
মৰাণ আৰু বৰাহীসকলৰ সৈতে সম্পৰ্ক
চুকাফা অসমলৈ অহাৰ সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জাতিয়ে শাসন কৰিছিল। মৰাণসকলৰ ৰজা আছিল বদৌছা আৰু বৰাহীসকলৰ ৰজা আছিল থাকুম্থা। চুকাফাই এই দুয়োটা জাতিৰ লগতে বৈবাহিক সম্বন্ধ স্থাপন কৰি মিত্ৰতা কৰিছিল। তেওঁ এই দুটা ৰাজবংশৰ চাৰিগৰাকী কন্যা বিয়া কৰিছিল। চুকাফাৰ লগত অহা আন আন মানুহবিলাকেও মৰাণ, বহাৰী, চুতীয়া কন্যা বিয়া কৰাই বংশ বৃদ্ধি কৰিছিল। এই কথাই চুকাফাৰ উদাৰ মনোভাৱ আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰ প্ৰমাণ দিয়ে।
তদুপৰি চুকাফাই মৰাণ, বৰাহী আদি জাতিৰ লোকক ৰাজঘৰীয়া বিষয়বাব দি এই থলুৱা জাতিবিলাকৰপৰা মৰম বুটলিবলৈ সক্ষম হৈছিল। কোনো কোনো লোকক যোগ্য অনুসৰি যেনে- মৰাণসকলক মৌ যোগনীয়া, খৰিকটীয়া, হাতীচুংগী আদ কামত নিয়োগ কৰাৰ বিপৰীতে বৰাহীসকলক চাংমাই (ৰান্ধনি) কুকুৰাচোৱা, হাঁহচোৱা আদি কামত নিয়োগ কৰিছিল। এনে ব্যৱস্থাৰ ফলত আহোম সকলক থলুৱা লোকসকলে আপোন বুলি ভাবিবলৈ লৈছিল।

Show CommentsClose Comments

Leave a comment