লেখক: মুশ্বাৰফ

ছুৰাতুল ইয়াছিন কোৰআনৰ এটি বিশেষ ছুৰা যিটো নবী ﷺ এ মক্কাত বসবাস কৰাৰ সময়ত নাজিল কৰা হৈছিল । এই ছুৰাৰ আয়াতৰ সংখ্যা মুঠ আশীটা। এই ছুৰাৰ কিছুমান বিশেষ বৈশিষ্ট আছে যেনে-

  • ইয়াত কিয়ামতৰ কথা বিশেষকৈ আলোচনা কৰা হৈছে
  • মৃত্যুৰ পিছত পুনৰ জীৱনৰ কথা উল্লেখ কৰা হৈছে।
    *এই ছুৰাত বিশেষ এখন গাঁৱৰ বিষয়ে কোৱা হৈছে । যেনে —
    واضرب لهم مثلا أصحب القرية إذ جاءها المرسلون
    এই গাওঁখনৰ নাম আছিল আনতাকিয়া (أنطاكيا) এই ঠাই খন ইৰাক দেশত অৱস্থিত। এই দেশত তেতিয়াৰ ৰছুল আছিল হজৰত ঈছা (عليه السلام) কিন্তু তেখেতক সকলো মানুহে মানি লোৱা নাছিল। আৰু তেওঁলোকে বেয়া কামত লিপ্ত হৈছিল, যাৰ বাবে তেওঁলোকক ভাল পথলৈ পুনৰ লৈ আহিবলৈ আৰু দুজন ৰছুলক পঠিওৱা হৈছিল, কিন্তু তেওঁ লোকে সেই দুজনকো মানি লোৱা নাছিল আৰু আল্লাহৰ লগত কুফুৰ কৰিছিল।

ছুৰা ইয়াছিনৰ ফজিলত

*হজৰত নবী ﷺ ছুৰা ইয়াছিনক কোৰআন শ্বৰীফৰ অন্তৰ বুলি কৈছে। আৰু যদি কোনোবাই এই ছুৰা দহবাৰ পঢ়ে তেন্তে দহবাৰ কোৰআন খতম কৰাৰ নেকী পাব।
*যদি কোনোবাই মৃতকৰ সন্মুখত বহিও এই ছুৰা পাঠ কে তেন্তে তেখেতৰ মৃত্যুৰ যন্ত্ৰনা কম হয়।
*কোনোবাই যদি এই ছুৰা এশবাৰ পঢ়ে তেন্তে তেখেতৰ বাবে সকলো সমস্স্যা দূৰ হব।
*যদি কোনোবাই এই ছুৰা পঢ়ি ৰাতি টোপনিতেই মৃত্যুবৰণ কৰে তেন্তে তেওঁ শ্বহীদ হোৱাৰ দৰজা বা মৰ্যদা পাব।

Show CommentsClose Comments

Leave a comment