লেখক: আনাৰ আলী
عن أمير المؤنين عمر بن الخطاب رضي الله عنه قال سمعت رسول الله صلى الله عليه وسلم يقول إنما الأعمال بالنية وإنما لكل امرئ ما نوى فمن كانت هجرته إلى الله و رسوله فهجرته إلى الله و رسوله و من كانت هجرته لدنيا يصيبها أو امرأة ينكحها فهجرته إلى ما هاجر إليه )متفق عليه(.
হজৰত ওমৰ বিন খাত্তাব (ৰাঃ) ৰ দ্বাৰা বৰ্ণিত তেওঁ কৈছে – মই ৰাছুল (ছাঃ) ৰ পৰা শুনিছো যে নিশ্চয় সকলো কৰ্ম নিয়তৰ ওপৰত নিৰ্দ্বাৰিত। আৰু নিশ্চয় যিটো নিয়ত কৰিব সেইটোয়ে পাব।
সেয়ে যিজনৰ প্ৰব্ৰজনৰ (হিজৰত) উদ্দেশ্য আল্লাহ আৰু ৰাছুলৰ বাবে হ’ব তাৰ প্ৰব্ৰজন তাৰ বাবেই হ’ব। আৰু যিজনৰ প্ৰব্ৰজণৰ(হিজৰতৰ) উদ্দেশ্য এই ধৰাৰ কোনো বস্তুৰ প্ৰতি বা কোনো তিৰোতাক বিয়া কৰাবলৈ হ’ব, তেনেহলে সেইজনৰ প্ৰব্ৰজন তাৰ বাবেই হ’ব।
মূলঃ
সকলো মানুহৰ কৰ্ম নিয়তৰ ওপৰত নিৰ্ভৰ কৰে । আল্লাহৰ প্ৰতি ইবাদত কৰাত যদি নিয়ত ঠিক নাথাকে তেনেহʼলে সেই ইবাদতৰ কোনো লাভ নাই।