ইমাম মালিক (ৰাঃ)


লেখকঃআনাৰ আলী

ইমাম মালিক (ৰাঃ) ৰ গুন আমি কেতিয়াও কলম আৰু ভাষাত প্ৰকাশ কৰিব নোৱাৰো।তেখেত দ্বীনৰ প্ৰতি ব্যাপক সন্মান প্ৰদৰ্শন কৰিছিল। আনকি যেতিয়া হাদিছ বৰ্ণিত কৰিছিল,তেতিয়া প্ৰথমত অজু কৰি লৈছিল।তাৰপিছত বিছনাত বহি দাড়ি ফনি কৰিছিল,সুগন্ধি ব্যৱহাৰ কৰিছিল,তাৰপিছত ভক্তি সহকাৰে হাদীছ বৰ্ণিত কৰিছিল।মানুহে তেখেত এনেকুৱা কৰাৰ কাৰণ সুধাত তেখেত কৈছিল-মই ৰাছুল (ছাঃ)ৰ হাদিছৰ সন্মান কৰিব বিচাৰো।
ইমাম মালিক(ৰাঃ)ৰ শিক্ষাৰ মূল উদ্দেশ্য আছিল আল্লাহৰ সন্তুষ্টতা অৰ্জন কৰা।তেখেত কৈছে দ্বীনৰ বাবে তৰ্ক কৰা অৰ্থহীন।সেই বিষয়ে ইমাম শ্বাফী (ৰাঃ) কৈছে-মই যেতিয়া মালিকৰ ওচৰত গৈছিলো,তেখেতক ৪৮ টা মাছালা সুধিলো।তেখেত ৩২ টাৰ উত্তৰ দিলে মই নাজানো বুলি।যি ব্যক্তিৰ শিক্ষাৰ দ্বাৰা আল্লাহৰ সন্তুষ্টতাৰ বাহিৰে আন কোনো উদ্দেশ্য থাকে,সি কেতিয়াও এনেকৈ অপৰাগতা স্বীকাৰ কৰিব নোৱাৰে।
খলিফা মাহদীয়ে ইমাম মালিক (ৰাঃ)ক কলে-আপোনাৰ থকাৰ বাবে ঘৰ আছেনে?
তেখেত উত্তৰ দিলে-নাই।কিন্তু এই বিষয়ে মই আপোনাক এটা হাদিছ শুনাব বিচাৰো।মই ৰাবীয়া ইবনে আবু আব্দুৰ ৰহমানক কৈ থাকোতে শুনিছো,যে, মানুহৰ পৰিয়াল-আত্তিয়ই হল তেওঁৰ ঘৰ।
এদিনাখন খলিফা হাৰুনু ৰাশীদে ইমাম মালিক (ৰাঃ)ক সূধিলে,আপোনাৰ থকাৰ বাবে কোনো ঘৰ আছেনে?
তেখেত কলে-নাই।খলীফা তেখেতক তিনিহাজাৰ দীনাৰ দিলে এটা ঘৰ বনাবলৈ।তেখেত খৰচ নকৰি দীনাৰখিনি ৰাখি দিলে।ইয়াৰ পিছত খলিফা মদিনাৰ পৰা বাহিৰত যোৱাৰ সময়ত ইমাম মালিকক কলে,জনাব আপুনিও আমাৰ লগত আহক।আমি আপোনাৰ লিখিত গ্ৰন্থ মুৱাত্তাৰ প্ৰতি মানুহক অনুপ্ৰাণিত কৰিব বিচাৰো।যেনেকৈ হজৰত ওছমান (ৰাঃ)কোৰানৰ প্ৰতি মানুহক অনুপ্ৰাণিত কৰিছিল।ইমাম মালিক (ৰাঃ) কৈছিল তাৰ কোনো প্ৰয়োজন নাই।কাৰণ ৰাছুল (ছাঃ)ৰ মৃত্যুৰ পিছত ছাহাবীসকল বিভিন্ন ঠাইত গৈ হাদিছ বৰ্ণনা কৰিছিল।যাৰ ফলত প্ৰত্যেক চহৰৰ মানুহৰ লগত বহুত হাদিছ আছে।
ৰাছুল (ছাঃ)মে কৈছে-اختلاف امتي رحمة
মোৰ উম্মতৰ মতানৈক্য ৰহমতস্বৰুপ।এতিয়া কথা হ’ল মই আপোনাৰ লগত যোৱা।সেইচো হব নোৱাৰে।কিয়নো ৰাছুল (ছাঃ) কৈছে-لو كانوا يعلمون المدينة خير لهم
যদি মদীনাবাসীসকল বুজিব পাৰিলেহেতেল যে মদিনাই তেওঁলোকৰ বাবে উত্তম।
ইমাম মালিক (ৰাঃ) এই সংসাৰক বহুত তুচ্ছ ভাবিছিল।ইমাম শ্বাফী(ৰাঃ)কৈছে-মই এবাৰ ইমাম মালিকৰ ঘৰত খোৰাছানী ঘোঁৰা আৰু মিচৰীয় খচ্চৰৰ এনেকুৱা উন্নতমানৰ এটা পাল দেখিলো,ইয়াৰ আগত যি মই কেতিয়াও দেখা নাই।মই তেখেতক ক’লো বা! কি ধুনীয়া পাল!তেখেত কলে-এই বোৰ মই তোমাক উপহাৰ দিলো।মই কলো আপুনি নিজৰ বাবে এটা ৰাখি দিয়ক।তেখেত কলে-মই আল্লাহ তাআলাৰ ওচৰত লজ্জাবোধ কৰো,যি মাটিত তেওঁৰ নবী (ছাঃ) শুই আছে ,সেই মাটিত মোৰ ঘোঁৰা পদদলিত কৰিব?

Show CommentsClose Comments

Leave a comment