লেখক -ইনজামামুল হক
আমাৰ অসমৰ জাতীয় উৎসৱ হল বিহু আৰু এই বিহু তিনি প্ৰকাৰ
১) বহাগ বিহু
২) কাতি বিহু
৩)মাঘ বিহু
আজি ১৪ জানুৱাৰী আজি পৰা আমাৰ মাঘ বিহু আৰম্ভ হব। সৈই বাবে আমাৰ জানিব লাগে যে এই বিহু কেতিয়া পৰা আৰু কিয় পালন কৰা হয়।
ইতিহাস
মাঘ বিহু আদিম যুগৰ পৰাই অসমত পালন কৰা এক গুৰুত্বপূৰ্ণ উৎসৱ। মাঘ বিহু আদিম যুগত বড়ো লোকসকলে পালন কৰা এক উৎসৱ আছিল, যদিও পিছত কামৰূপ ৰাজ্যৰ দিনত আৰ্য সকলে হিন্দু ৰীতি মতে তিথি নিধাৰিত কৰিছিল।
মাঘ বিহুৰ প্ৰধান কৈ দুটা অংশ
১) মেজি ২) উৰুকা
মেজি শব্দ উজনি অসমত সৃষ্ট হোৱা শব্দ । প্ৰাচীন কালত বড়ো-কাছাৰী ভাষাৰ মিডিয়েজি মানে মেডি অৰ্থ হল দেৱতা, য়ে ৰ অৰ্থ হল জুই আৰু জি ৰ অৰ্থ হল উৰি যোৱা। আৰু উৰুকা শব্দটো চুতীয়া ভাষাৰ উৰুবৱা পৰা আহিছে যাৰ মানে হল শেষ হোৱা।
চুতীয়া আৰি আহোমৰ ৰাজত্বকালত ৰাজকীয়া কৈ এই বিহু পালন কৰা হৈছিল।
আহোম ৰজা ৰুদ্ৰসিংহ দিনৰ পৰা বিহু দিনা ৰংঘৰত নানা ধৰণৰ খেল-ধেমালি হৈছিল। ৰজা সকলে ডা-ডাঙৰীয়া সকলৰ লগত এইবোৰ উপভোক কৰিছিল। আকাশত শেন-কলুৱা আদি চৰাইক প্ৰশিক্ষন গি যুজঁ লগোৱা হৈছিল আৰু ইয়াৰ ওপৰিও হাতী যুঁজ, মহ যুঁজ, মল্ল যুঁজু, বুলবুলি যুঁজ আৰু কুকুৰা যুঁজ পতা হৈছিল আৰু এইবোৰক প্ৰশিক্ষন দিয়াৰ বাবে হাতী বৰুৱা, শেনচোৱা বৰুৱা, কুকাৰাচোৱা বৰুৱা ৰাখিছিল।