লেখকঃমুইনুল খন্দকাৰ


য’তেই ইছলাম আৰু বিদ্যাৰ বিস্তাৰ ঘটে তাতেই দ্বীনে ইছলামৰ সৰভৰা কোমল বীজৰ উত্থান হয়। ইছলাম ধৰ্মৰ হানাফি মাজহাবৰ মেৰুদণ্ড স্বৰুপ আৰু সৰ্ব ডাঙৰ ইমাম হল আবু হানিফা (ৰাঃ) তেখেতৰ সম্পূৰ্ণ নাম হল নুমান বিন ছাবিত। তেখেঁত আশি (৮০) হিজৰিত কোফা নগৰত জন্ম গ্ৰহন কৰে। আৰু তাতেই জীৱনৰ বেছি ভাগ সময় অতিবাহিত কৰে। আৰু সত্তৰ(৭০)বছৰ বয়সত (১৫০)হিজৰিত বাগদাদ চহৰত ইহকাল পৰকাল গমন কৰে।
তেখেতে জীৱন কালৰ আগৰ সময়ছোৱাত বেপাৰ বানিজ্যত নিযুক্তি হয়। পিছত এবাৰ ইমাম শ্বাফিৰ লগত মিলন ঘটে,তেতিয়া তেখেত আবু হানিফা (ৰাঃ)ৰ বুদ্ধি-জ্ঞান পৰ্যবেক্ষণ কৰে আৰু তেওঁক বিদ্যা অৰ্জন কৰিবলৈ পৰমৰ্শ আগবঢ়ায়।
এই কথা শুনা মাত্ৰই তেখেত বিদ্যা অৰ্জন কৰিবলৈ ওলাই যায় আৰু তেওঁৰ সহপাঠিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ স্থানত উত্তিৰ্ণ হয়। সেই সময়ত কোফা আছিল জ্ঞানৰ কেন্দ্ৰ। প্ৰথম অৱস্থাত তেখেঁত ভিন-ভিন বিষয়ত জ্ঞান অৰ্জন কৰিবলৈ লৈছিল। কিন্তু পিছত তেখেতে হালাল আৰু হাৰাম পঢ়িবলৈ যায়। আৰু ফিকাহ বিষয়ত সৰ্বকালৰ সৰ্বউত্তম ইমাম ৰুপে বিবেচিত হয়। তেখেতে (১০২)হিজৰিত নিজ জীৱনৰ ২২ বছৰ বয়সত ফিকাহ শিকিবলৈ যায়।
তেখেত সেই সময়ৰ প্ৰখ্যাত আৰু বিখ্যাত পণ্ডিত হাম্মাদ বিন ছুলাইমান আৰু আতা বিন আবি ৰাবাহৰ পৰা ফিকাহৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰে । নিজ গুৰু হাম্মাদ বিন ছুলাইমানৰ মৃত্যুৰ পিছত তেখেত ফাতৱা দিয়াৰ দায়িত্ত্ব গ্ৰহণ কৰে । তেখেত ৩০ বছৰ ফাতৱা দিয়ে । তেখেতৰ ওচৰত হাজাৰ হাজাৰ ছাত্ৰসকলে শিক্ষা গ্ৰহন কৰে । তেখেতৰ উত্তম ছাত্ৰবন্ধুসকলৰ নাম হল যুফাৰ , আবু ইউছুফ, মোহাম্মাদ,হাছান বিন জিয়াদ আল-লুলুই। আল-ফিক্বহুল আকবাৰ,আল আলিম ওৱা মুতাআল্লিম আদি হ’ল তেখেতৰ বিখ্যাত কিতাপ।

Show CommentsClose Comments

Leave a comment