লেখকঃ-আনাৰ আলী
অসুৰ দানৱ নহয়,মানুহৰ সমাজত সৃষ্টিশীল মানুহৰ প্ৰয়োজন।সমাজ মানেই মানুহৰ একতা-সম্প্ৰীতি,ইজনে সিজনক ভালপোৱা,সহায় কৰা।সুকত সুখী হোৱা।বিপদৰ সময়ত কাষত থিয় হৈ সংগ দিয়া।কিন্তু এনে এখন সমাজত এক সুদক্ষ সমাজ সংস্কাৰকৰ অবিহনে সমাজ কু-সংস্কৃতি আৰু অন্ধকাৰত ৰূপান্তৰ হয়।ঠিক তেনে এক সমাজক জীয়াই ৰখা,এক সুদক্ষ নেতা,সুদক্ষ ৰাষ্টপতি আৰু আদৰ্শ সমাজ সংস্কাৰকৰ অধিকাৰী আছিল ছায়্যীদ হাইদৰ আলী চিহাব তাংগাল।
মুছলিম লীগৰ ৰাষ্ট্ৰীয় সভাপতি আৰু দাৰুল হুদা ইছলামিক ইউনিভাৰ্চিটি আচাৰ্য ছায়্যীদ হাইদৰ আলী চিহাব তাংগালৰ জন্ম ১৫ জুন ১৯৪৭ চনত পানাক্কাড,কেৰালাত হয়।তেখেত পানাক্কাড পুকয়্যা পৰিয়ালৰ এজন সদস্য।পিতৃ পি,এম,এছ,এ পুকয়্যা তাংগালৰ তৃতীয় পুত্ৰ আৰু মাতৃ আয়ীশা চেৰুকুঞ্জী বিবি।তেখেত কজিকটত অৱস্থিত এম,এম হাই স্কুলত শিক্ষা অৰ্জন কৰি কান্নালুৰত দ্বীনি শিক্ষা অৰ্জন কৰে।১৯৭৫ চনত জামীয়া নুৰীয়া আৰাবিক কলেজৰ পৰা ডিগ্ৰী লাব কৰে।
হাইদৰ আলী চিহাব তাংগাল নিজৰ প্ৰথম পেচা আৰম্ভ কৰে নুৰুল উলামা , এখন ছাত্ৰ সংস্থাৰ সভাপতি হিচাপে । লগতে কাজী হিচাপেও কাম কৰি গৈছিল তেখেত আছিল ধৰ্ম নিৰুপেক্ষ নেতাৰ সৈতে এজন সুদক্ষ ইছলাম ধাৰ্মীক পণ্ডীত । ১০০০ হাজাৰতকৈ অধিক মছজিদত তেখেতৰ সেৱা অপৰিহিম।
ৰাজনিতীবিদ হাইদৰ আলী ছিহাব তাংগাল পানাক্কাড পৰিয়ালৰ সদস্য । আৰু পানাক্কাড পৰিয়ালৰ পুৰ্বপুৰুষ ইছলাম ধৰ্মৰ পয়গম্বৰ হজৰত মুহাম্মাদ (ছাঃ) লৈকে যায় । যাৰ বাবে মুছলমান সকলৰ বাবে পানাক্কাড পৰিয়াল হল অতি মৰ্যদা প্ৰাপ্ত। সেই বাবে কেৰেলাত বসবাস কৰা গোটেই মুছলমান জাতিৰ চৰ্দাৰ হৈ শাসন প্ৰণালী আগবঢ়াই গৈছে হাইদৰ আলী ছিহাব তাংগাল। মুছলমান সকলে সদায় নিজৰ সমস্যা লই তাংগাল ছাহাবৰ উচৰত আহিছিল আৰু তেখেতে সেই সমস্যাবোৰ সমাধান কৰি দিছিল।
১৯৭৯ লৈকে হাইদৰ আলী চিহাব তাংগাল ছামাস্থা ছাত্ৰ সংস্থাৰ সভাপতি হিচাপে কাৰ্য নিৰ্বাহ কৰে । আৰু ভ্ৰাতৃ মহাম্মাদ আলী চিহাব তাংগালৰ মৃত্যুৰ পিছত ২০০৯ চনত ইণ্ডিয়ান ইউনিয়ান মুছলিম লীগৰ ৰাজ্যিক সভাপতি হিচাপে খ্যাত অৰ্জন কৰে।আৰু ১৮ বছৰৰ নিচিনা এক দীৰ্ঘকাল শাসন কৰে। লগতে চামাস্থা কেৰেলা জামিয়্যাতুল উলামাৰ সভাপতি আৰু দাৰুল হুদা ইছলামিক ইউনিভাৰচিটীৰ পদও অৰ্জন কৰে । তেখেত আছিল সুন্নি যুৱজন সংগমৰ নিৰ্মাতা । আৰু কেৰেলাৰ কংগেছ নেতৃত্বত ইউনাইেটড ডেমক্ৰেটিক ফ্ৰন্টৰ অন্যতম অংশীদাৰ আছিল। দলটোৰ নেতা ই আহেমদ দুাবাৰকৈ মনমোহন সিঙৰ নেতৃত্বৰ ইউ পি এ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী হৈছিল।
আধ্যাত্মিক নেতা হাইদৰ আলী চিহাব তাংগাল দীৰ্ঘকাল এক আদৰ্শ নেতা হৈ শাসন কৰাৰ পিছত ৬ মাৰ্চ ২০২২ চনত ৭৪ বছৰ বয়সত দেশ বাসীক কন্দোৱাই নিয়তীৰ আদেশ মানি এক অজান দেশলৈ মহাপ্ৰস্থান কৰে।কেঞ্চাৰৰ চিকাৰ হোৱা বাবে লিটিল ফ্লাৱাৰ হস্পিটাল,এৰ্নাকুলাম জিলাৰ আংগমালীত শেষ নিশ্বাস ত্যাগ কৰে।
তেখেতৰ মৃত্যুৰ শোক প্ৰকাশ কৰি মূখ্যমন্ত্ৰি পিনাৰায় বিজায়াম কয় যে,তাংগাল চাহাব সদায় সমাজৰ কল্যাণৰ বাবে কৰ্মপন্হ কৰিছে।আৰু বিপৰীত দলৰ নেতা সকলেও শোক প্ৰকাশ কৰি নানা ধৰনৰ অভিমত আগবঢ়াইছে।এনে এক আদৰ্শ নেতাক জাতীয়ে কেতিয়াও পাহৰিব নোৱাৰে।তেখেত সদায় মানুহৰ মনত চিৰযুগমীয়া হৈ থাকিব।