লিখক:মোহাম্মদ মুশাৰফ
আল্লাহতাআলাৰ ওচৰত সকলো মাহতকৈ শ্ৰেষ্ঠ মাহ হ’ল ৰমজান মাহ।এই মাহক আল্লাহতাআলাই বহুতো মৰ্যদা তথা বিশেষত্ব প্ৰদান কৰিছে। আৰু ইয়াৰ বাবেই এই ৰমজান মাহতেই আল্লাহে পৱিত্ৰ কোৰান শ্বৰীফক অৱতীৰ্ণ কৰিছে। এনে বিভিন্ন ধৰণৰ অলৌকিক কাৰ্য বা ঘটনা এই ৰমজান মাহতেই হৈছিল।
ৰাছুলুল্লাহ (ছ) য়ে কৈছে যে–যেতিয়া ৰোজাৰ মাহ আহে তেতিয়া আকাশৰ দৰ্জা খুলি দিয়া হয়। জান্নাত আৰু ৰহমতৰ দৰ্জাবিলাক মুক্ত হৈ যায় আৰু জাহান্নামৰ দৰ্জাবিলাক বন্ধ হৈ যায় আৰু লগে লগে চয়তানক বন্দি কৰি ৰখা হয়।
আৰু এটা হাদিছত উল্লেখ আছে যে-হে বান্দা সকল তোমালোকৰ বাবে এটা ডাঙৰ মৰ্যাদা পূৰ্ণ মাহ আহি আছে। তাত এনে এক ৰাতি আছে যিটো হাজাৰ মাহতকৈ উত্তম । আল্লাহতাআলা তোমালোকৰ প্ৰতি এই ৰমজান মাহত ৰোজা ৰখা ফৰজ কৰি দিছে আৰু তাৰাবিৰ নামাজ ছুন্নতে মূৱাক্কাদা কৰি দিছে। যি ব্যক্তি ৰোজাৰ মাহত কোনো এটা ভাল কাম কৰি আল্লাহৰ নৈকট্য অৰ্জন কৰে তেওঁ অইন মাহত কৰা ফৰজ আদায়ৰ ছোৱাৱ অৰ্জন কৰে। তেওঁ এই মাহত এটা ফৰজ আদায় কৰিলে যিমান ছোৱাব পাব অইন মাহৰ ৭০ টা ফৰজ আদায়ৰ সমান সমান ছোৱাব পাব। এই মাহ ধৈৰ্যৰ মাহ আৰু ধৈৰ্যৰ ফলতহে জান্নাত লাভ হয়।
ৰমজান শ্বৰীফৰ ৰোজাৰ ছোৱাব অনেক বেছি। হাদিছত উল্লেখ আছে যে – যিজন ব্যক্তি বিশেষকৈ আল্লাহৰ বাবে এই ৰমজান মাহত ৰোজা ৰাখে তাৰ অতীতৰ সকলোবোৰ পাপৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হব, বা তেখেতক আল্লাহ তাআলাই মাফ কৰি দিব।
ৰোজাদাৰ সকলৰ মূখৰ যি দুৰ্গন্ধ আল্লাহৰ নৈকট্যত বা আল্লাহৰ ওচৰত মশ্কেআমবৰ ( দামী আতৰ) ৰ তুলনাত বহুত বেছি। আল্লাহ তাআলাই কৈছে যে– মানুহৰ সকলো ধৰণৰ আমল নিজৰ বাবে কিন্তু ৰমজান মাহৰ যিটো ৰোজা সেইটো
মোৰ বাবে আৰু ময়েই ইয়াৰ প্ৰতিদান তথা প্ৰতিফল দিম। ৰমজান মাহত ৰোজা ৰখা প্ৰত্যেক বুদ্ধিমান,বালিগ নৰ নাৰীৰ ওপৰত নিৰ্ভৰযোগ্য তথা ফৰজ কৰি দিয়া হৈছে। আৰু যিজনে ৰোজা ফৰজ হোৱাৰ আদেশক অশ্বীকাৰ কৰিব তেওঁ কাফিৰ হৈ যাব আৰু বিনা অসুবিধাত ৰোজা এৰিলে বা বাদ দিলে কঠিন গোনাহগাৰ (পাপী)হ’ব।
নাবালক সকলৰ বাবে যদিও নামাজ, ৰোজা ফৰজ নহয়, কিন্তু তথাপিও তেওঁলোকে অভ্যাস কৰাৰ বাবে বালিগ হোৱাৰ পূৰ্বতেই ৰোজাৰ অভ্যাস আৰু নামাজ পঢ়াৰ নিৰ্দেশ আছে।।