লেখক:মুশ্বাৰফ মিয়া
ৰমজান (আৰবী: رمضان ৰমাদ্বান) হ’ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলমান সকলে ইছলামিক উপবাস (ছিয়াম) পালন কৰি থাকে। ৰমজান মাহত ছিয়াম(ৰোজা) ইছলামৰ পঞ্চস্তম্তৰ তৃতীয়তম।
ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজা ৰখা হয় , যিটো নিৰ্ভৰযোগ্য হাদিছৰ দ্বাৰা প্ৰমাণিত।এই মাহত প্ৰত্যেক প্ৰাপ্তবয়স্ক ও সুস্থ মুছলিম ব্যক্তিৰ ওপৰত ছিয়াম(ৰোজা) পালন ফৰজ, কিন্তু অসুস্থ, গৰ্ভৱতী, ডায়বেটিক ৰোগী, ঋতুৱৰ্তী নাৰীসকলৰ ক্ষেত্ৰত সেয়া শিথিল কৰা হৈছে। ৰোজা বা ছিয়াম হ’ল ছুবেহ ছাদিকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰ পানাহাৰ, পঞ্চইন্দ্ৰিয়ৰ দ্বাৰা গুনাহ(পাপ) কাম আৰু (স্বামী-স্ত্ৰীৰ ক্ষেত্ৰত) যৌনসংগমৰ পৰা বিৰত থকা। এই মাহত মুছলমানসকল অধিক ইবাদত (উপাসনা)কৰি থাকে, কাৰণ অন্য মাহৰ তুলনাত এই মাহত ইবাদতৰ ছোৱাব(পুণ্য) বহুগুণে বঢ়াই দিয়া হয়। এই মাহৰ শ্ববে কদৰ(ৰমজানৰ ২৭ দিনৰ ৰাতি) ৰাতিত কোৰআন অৱতীৰ্ণ হৈছিল বুলি কোৰআনত উল্লেখ আছে, যি ৰাতিক আল্লাহে কোৰআনতেই হাজাৰ মাহতকৈ উত্তম বুলি কৈছে। এই ৰাতিত ইবাদত (উপাসনা) কৰিলে হাজাৰ মাহৰ ইবাদততকৈও অধিক ছোৱাব পোৱা যায়। ৰমজান মাহৰ শেষৰ দিন শ্বাওয়াল মাহৰ জোন দেখা গলে শ্বাওয়াল মাহৰ ১ তাৰিখে মুছলিমসকলে ঈদ-উল- ফিতৰ পালন কৰে, যিটো মুছলিমসকলৰ দুটা প্ৰধান ধৰ্মীয় উৎসৱৰ মাজৰ এটা।
বৰ্তমান ৰমজান মাহৰ দ্বিতীয় ১০ দহ দিন চলি আছে।এই মাহত, বিশেষকৈ এই দ্হ দিনত আল্লাহতাআলাই মাগফিৰাতৰ দিন বুলি ঘোষণা কৰি দিছে। আৰু ইয়াৰ বাবেই আমি এই দহ দিনত বেছি বেছি আল্লাহৰ পৰা মাগফিৰাত খুজিব লাগিব।
اللهم اغفر لي ذنوبي يا رب العالمين………..
অৰ্থাৎ,হে আল্লাহ আমাক মাগফিৰত দি দিয়ক, আৰু আমাৰ গুনাহৰ পৰা আমাক ক্ষমা কৰি দিয়ক, হে দুয়ো ধৰণীৰ গৰাকী।
গতিকে ৰমজান মাহৰ দ্বিতীয় দহ দিনত আমি আল্লাহৰ পৰা বেছি বেছি মাগফিৰাত খুজিব লাগে যাতে আমি আল্লাহৰ নৈকট্য লাভ কৰিব পাৰো।