১) ৰমজান মাহত ৰোজা ৰখাৰ হুকুম কি?
উত্তৰ:- সকলো নৰ-নাৰীৰ ওপৰত ফৰজে আইন অৰ্থাৎ বাধ্যতামূলক।
২) ৰমজান মাহৰ প্ৰথম দহ দিনত কোনটো দোৱা পঢ়া ছুন্নত ?
= উত্তৰ:- আল্লাহুম্মাৰ হামনা ইয়া আৰহামাৰ্ ৰাহিমিন ।
৩) ৰমজান মাহৰ দ্বিতীয় দহ দিনত কোনটো দোৱা পঢ়া ছুন্নত ?
উত্তৰ:- আছতাগ্ ফিৰুল্লাহা ৰাব্বি মিন কুল্লি যানবি ৱা আতুবু ইলাইহি ।
৪) ৰমজান মাহৰ তৃতীয় দহ দিনত কোনটো দোৱা পঢ়া ছুন্নত ?
=উত্তৰ:- আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফুৱা ফাফুআন্না ।
৫) ৰোজা ৰখাৰ নিয়ত কি ?
= উত্তৰ:- নাৱাইতু আন আছুমা গাদাম মিন শ্বাহৰি ৰমাজানাল মুবাৰাকি ফাৰযাল্লাকা, ইয়া আল্লাহু ফাতাকাব্বাল মিন্নি ইন্নাকা আনতাছ ছামিউল আলিম।
৬) ৰমজান মাহৰ ৰোজা ৰখাৰ নিয়ত কেতিয়া কৰিব লাগে?
উত্তৰ:- ৰমজান মাহৰ ৰোজা ৰখাৰ নিয়ত ছেহৰীৰ পিছত কৰিব লাগে কিন্তু যদি কোনো ব্যক্তি তেতিয়া নিয়তৰ কথা পাহৰি যায় তেন্তে তেওঁৰ বাবে শ্বৰিয়তত জোহৰৰ নামাজৰ আগলৈকে নিয়ত কৰাৰ সুবিধা দিয়া হৈছে।
৭) ইফতাৰৰ দোৱা কি ?
= উত্তৰ:- আল্লাহুম্মা লাকা ছুমতু, ৱা বিকা আমানতু ৱা আলাইকা তাৱাক্কালতু ৱা আ’লা ৰিযক্বিকা আফত্বাৰতু ।
৮) যদি কোনো ব্যক্তি ছেহৰি কৰোঁতে কৰোঁতে সূর্য উদয় হয় তেন্তে তেওঁৰ ৰোজা হবনে?
উত্তৰ:- নহয়।
৯) যদি কোনো ব্যক্তি ভুলতে সময় হোৱাৰ আগতেই ইফতাৰ কৰে তেন্তে তেওঁৰ ৰোজা হবনে?
উত্তৰ:- নহয়।
১০) তাৰাৱী নামাজৰ নিয়ত কি ?
= উত্তৰ:- নাৱাইতু আন উছাল্লিয়া ল্লিলাহি তাআ’লা, ৰাকাআ’তাই ছালাতিত তাৰাবিহ ছুন্নাতু ৰাছুল্লিলাহি তাআ’লা। মুতাৱাযজ্জিহান ইলা যিহাতিল কা’বাতিশ শ্বাৰিফাতি, আল্লাহু আকবাৰ।
(** মুক্তাদিসকলে ছুন্নাতু ৰাছুল্লিলাহি তাআ’লা কোৱাৰ পিছত ইক্কতাদাইতু বিহাযাল ইমাম সংযুক্ত কৰি পঢ়িব)
১১) তাৰাৱী নামাজৰ দোৱা কি ?
উত্তৰ :- ছুবহানাল মালিকিল কুদ্দুছ ছুবহানা যিল মুলকি ওৱাল মালাকুতি, ছুবহানা যিল ইয্যাতি, ওৱাল আয্মাতি, ওৱাল হাইবাতি, ওৱাল ক্কুদৰাতি, ওৱাল কিবৰিয়াই, ওৱাল যাবাৰুত। ছুবহানাল মালিকিল হাইয়্যিল্লাজি লা-য়ানামু ওৱালা য়ামুতু। ছুব্বুহুন কুদ্দুছুন ৰাব্বুনা ওৱা ৰাব্বুল মালাইকাতি ওৱাৰ ৰুহ। আল্লাহুম্মা আজিৰনা মিনান্নাৰ।
১২)অসুস্থ ব্যক্তিৰ বাবে ৰোজা ৰখাৰ হুকুম কি?
উত্তৰ:- যদি ৰোগীয়ে ভয় কৰে যে তেওঁ ৰোজা ৰাখিলে তেওঁৰ অসুস্থতা বৃদ্ধি পাব তেন্তে তেওঁ ৰোজা ভাঙিব পাৰিব কিন্তু ৰোগী অৱস্তাত এৰি যোৱা ৰোজাবোৰ কাজা কৰিব লাগিব ।
১৩) ভ্ৰমণকাৰীৰ বাবে ৰোজা ৰখা বা ভঙাৰ হুকুম কি?
উত্তৰ:- ৰোজা ভঙা জায়েয। অৰ্থাৎ ৰমজানত যদি তেওঁ ভ্ৰমণ কৰি আছে আৰু তেওঁ ৰোজাৰ দ্বাৰা আঘাত প্ৰাপ্ত হয় বা নহয়, তেওঁৰ কাৰণে ৰোজা ৰখা ভাল কিন্তু ৰোজা নাৰাখি পিছত কাজা কৰিলে ৰোজা হয় যাব।
১৪)গৰ্ভৱতী মহিলাৰ বাবে ৰোজা ৰখাৰ হুকুম কি?
উত্তৰ:- ৰোজা ভঙা জায়েয। অৰ্থাৎ যদি গৰ্ভৱতী মহিলাই ভয় কৰে
তাইৰ নিজৰ বা তাইৰ পুত্ৰৰ প্রাণহানীৰ বা মাৰাত্মক স্বাস্থ্যহানীৰ ওপৰত তেন্তে তাইৰ বাবে ৰোজা ভঙা জায়েয কিন্তু পিছত কাজা কৰিব লাগিব।
১৫)দুগ্ধদানকাৰিনী বা নাৰ্চিং
মাতৃৰ বাবে ৰোজা ৰখাৰ হুকুম কি?
উত্তৰ:- ৰোজা ভঙা জায়েয। অৰ্থাৎ যদি ৰোজাৰ কাৰণে দুগ্ধ শুকাই যায় আৰু সন্তানৰ কষ্ট হয় তেন্তে তাইৰ বাবে ৰোজা ভঙা জায়েয কিন্তু পিছত কাজা কৰিব লাগিব।
১৬) এজন ব্যক্তিৰ ওপৰত ৰমজান মাহৰ ৰোজাৰ কাফ্ফাৰা কেতিয়া ওয়াজিব হব?
উত্তৰ:- কোনো ব্যক্তি যদি ৰমজানৰ ৰোজা ৰাখি দিনত শ্বৰীয়তৰ দৃষ্টিত গ্রহণযোগ্য কোনো কাৰণ নোহোৱাকৈ ইচ্ছাকৃতভাবে পানাহাৰ কৰিলে বা সহবাস কৰিলে বা ঔষধ পান কৰিলে ৰোজা ভাঙি যাব আৰু কাযা ও কাফ্ফাৰা ওৱাজিব হব।
১৭) ৰোজা ৰাখি বিড়ি, সিগাৰেট বা হুক্কা পান কৰিলে ৰোজা ভাঙিব নেকি?
উত্তৰ:- ৰোজা ভাঙিব। লগতে কাযা ও কাফ্ফাৰা ওৱাজিব হব।
১৮) নিজৰ পেলায় দিয়া থুঁ বা বন্ধু বা প্রিয়জন বা স্ত্রীৰ থুঁ খালে ৰোজা ভাঙিব নেকি?
উত্তৰ:- ৰোজা ভাঙিব। আৰু কাযা ও কাফ্ফাৰা উভয়ে জৰুৰী হব।
১৯) ৰমজান মাহৰ ৰোজাৰ কাফ্ফাৰা কি?
উত্তৰ:- এজন গুলাম মুক্ত কৰ। সেয়া সম্ভব নহলে ৬০ টা ৰোজা একেধাৰে ৰাখিব লাগিব। ৬০টা ৰোজা ৰখাৰ সামর্থ নাথাকিলে পূর্ণ খোৰাক খাব পৰাকৈ ৬০ জন ফকীৰ-মিছকীনক বা দুখীয়াসকলক অথবা এজনক ৬০দিনৰ দুই বেলা ভালকৈ খোৱাব লাগিব অথবা ছদকায়ে ফিতৰত যি পৰিমাণ গোম বা তাৰ মূল্য প্রত্যেককে সেই পৰিমাণে দিব লাগিব।
২০) লোহা, মাটি, পাথৰ ইত্যাদি খালে ৰোজা ভাঙিব নেকি?
উত্তৰ:-ৰোজা ভাঙিব। (চাওঁক:- ফাতৱায়ে আলমগীৰী)
২১) দাঁতৰ ফাঁকত বজি থকা খাদ্য খালে ৰোজা ভাঙিব নেকি?
উত্তৰ:- যদি ছোলাৰ বুটামৰ সমপৰিমান বা অধিক হয় আৰু সেয়া গিলি খাই তেন্তে ৰোজা ভাঙি যাব ।(চাওঁক:- ফাতৱায়ে আলমগীৰী)
২২)হস্তমৈথুনৰ দ্বাৰা ৰোজাৰ কোনো ক্ষতি হয় নেকি?
উত্তৰ:- হস্তমৈথুনৰ দ্বাৰা বীর্যপাত হলে ৰোজা ভাঙিব। (চাওঁক:- ৰদ্দুল মুহতাৰ)
২৩) ৰোজাৱস্থাই বমি কৰিলে ৰোজা ভাঙিব নেকি?
উত্তৰ:- ইচ্ছাকৃতভাবে মুখ ভৰি বমি কৰিলে ৰোজা ভাঙিব। যদি ইচ্ছাকৃতভাবে নকৰে তেনেহলে ৰোজা নাভাঙে।
২৪)ছেহৰীৰ পিছত পান চোবাওঁতে চোবাওঁতে টোপনিত গলে ৰোজাৰ কোনো ক্ষতি হব নেকি?
উত্তৰ:- ছেহৰীৰ পিছত পান চোবাওঁতে চোবাওঁতে টোপনিত গলে এই অবস্থায় ছূবহে- ছাদিক হয় তেন্তে ৰোজা ভাঙিব। (চাওঁক:- ইমাদাদুল ফাতওয়া)
২৫) ৰোজাৱস্থাত টুথ পাউঢাৰ, মাজন, কয়লা ইত্যাদি ব্যবহাৰ কৰা যাব নেকি?
উত্তৰ:- মকৰূহ। কিন্তু গলত সোমাই পৰিলে ৰোজা ভাঙিব। (চাওঁক :-ইমদাদুল ফাতওয়া)
২৬)ৰোজাৱস্থাত গ্লুকোজ জাতীয় ইঞ্জেকশন ল’ব পাৰি নেকি?
উত্তৰ:-মাকৰূহ।
২৭)ৰোজাৱস্থাত অপবিত্র থাকিলে ৰোজাৰ কোনো ক্ষতি হব নেকি?
উত্তৰ:- মাকৰূহ। ( চাওঁক:- জাৱাহিৰুল ফিকহ)
২৮)ৰমজানৰ শেষৰ দহ দিনত এতেকাফ কৰাৰ হুকুম কি?
উত্তৰ:- চুন্নাতে মুৱাক্কাদায়ে কিফায়া।
২৯)এতেকাফ অবস্থাত চুপ থকা পূৰ্ণৰ কাম নেকি?
উত্তৰ:-মাকৰূহ।
৩০)এতেকাফ কাৰী মুৱায্যিন মছজিদৰ বাহিৰত যায় আযান দিব পাৰিব নেকি?
উত্তৰ:- পাৰিব,এতেকাফ কাৰী মুৱায্যিনৰ বাবে মছজিদৰ পৰা বাহিৰ হোৱা জায়িয।(চাওঁক:- আলমুহিতুল বুৰহানী)
৩১)এতেকাফ কাৰীয়ে মছজিদৰ ছাদত যাব পাৰিব নেকি?
উত্তৰ:- যাব পাৰিব, কাৰণ মছজিদ একতলা হওঁক বা বহুতলা হওঁক ছাদ মসজিদৰ অন্তর্ভূক্ত হব। সেয়েহে এতেকাফ কাৰী মছজিদৰ ছাদত যাব পাৰিব। (চাওঁক:- আল-কাউসাৰ)
৩২)ছদকাতুল ফিতৰ কাক কোৱা হয়?
উত্তৰ: ছদকাতুল ফিতৰ বা জাকাতুল ফিতৰ হৈছে ৰোজাদাৰৰ ৰোজাক পৰিষ্কাৰ কৰাৰ মূল উপায়। ফকীৰ- মিচকীন সকলৰ বাবে সাহায্যৰ বাট মুকলি কৰি দিয়া ব্যৱস্থা ।আল্লাহৰ নিয়ামতৰ প্ৰশংসা স্বৰূপ হিচাপে নৈকট্য লাভ কৰা
৩৩) ছদকাতুল ফিতৰ কাৰ ওপৰত ওয়াজিব হব?
উত্তৰ:-প্রত্যেক স্বাধীন মুছলমান যাৰ সম্পত্তি শ্বৰিয়তৰ হিচাপে ঘৰৰ প্ৰয়োজনীয়তাৰ বাহিৰে মালিকে নিছাব হয় তাৰ ওপৰত ছদকাতুল ফিতৰ ওৱাজিব বা অপৰিহাৰ্য। অর্থাৎ অত্যাবশ্যকীয় সামগ্রী ব্যবহার্য দ্রব্যাদি, বাসগৃহ ইত্যাদি এৰি ” ৫২.৫ তোলা ৰূপ বা ৭.৫ তোলা সোণৰ সমমূল্য পৰিমান সম্পদ থাকে তেন্তে তাৰ ওপৰত ছদকায়ে ফিতৰ দিয়া ওৱাজিব।
৩৪) ৰোজা নাৰাখিলে বা ৰাখিব নোৱাৰিলে তাৰ ওপৰত ছদকাতুল ফিতৰ ওয়াজিব হব নেকি?
উত্তৰ:- ওৱাজিব হব ।
৩৫)ছদকায়ে ফিতৰ কাৰ কাৰ পক্ষৰ পৰা আদায় কৰা ওৱাজিব?
উত্তৰ:- ফিতৰ নিজৰ পক্ষৰ পৰা আৰু পিতা হলে নাবালিগ সন্তানৰ পক্ষৰ পৰা দিয়া ওয়াজিব।
৩৬) ছদকায়ে ফিতৰ কাৰ কাৰ পক্ষৰ পৰা আদায় কৰা ওৱাজিব নহয়?
উত্তৰ:- বালিগ সন্তান, স্ত্রী, স্বামী, চাকৰ-চাকৰিণী, পিতা-মাতা, প্রমুখ্যৰ পক্ষৰ পৰা দিয়া ওয়াজিব নহয়।
৩৭)ছদকাতুল ফিতৰ বা জাকাতুল ফিতৰৰ হকদাৰ কোন ?
উত্তৰ:- আল্লাহ তা’আলাই জাকাতুল ফিতৰক ফকিৰ- মিছকিন তথা দুখীয়া আৰু দৰিদ্ৰ,অসহায় মানুহ , যাত্ৰীসকল আৰু ইয়াৰ কৰ্মচাৰীসকলৰ কাৰনে প্ৰদান কৰিছে।
৩৮) ছদকাতুল ফিতৰত কি দিব লাগিব?
উত্তৰ:- ৰছূলুল্লাহ (ছঃ) ছদকাতুল ফিতৰ অপৰিহার্য কৰিছে এক ছা(২কেজি ৪৭ গ্ৰাম) খেজুৰ বা যব অথবা খিচমিচত কিংবা আধা ছা(১কেজি ২৩.৫ গ্ৰাম) ঘেঁহুত । যদি টকা পইচা দিব বিচাৰে তেনেহলে উল্লেখিত পৰিমাণৰ সমতুল্য টকা দিব লাগিব। আৰু এয়াই উত্তম।
৩৯) ছদকাতুল ফিতৰ কেতিয়া আদায় কৰিব?
উত্তৰ:- ঈদৰ দিনৰ ফজৰৰ নামাজৰ পৰা আৰম্ভ হয়।
ঈদৰ নামাজ আদায় কৰাৰ আগতেই ছদকাতুল ফিতৰ আদায় কৰা মুছতাহাব। যদি কোনোবাই ঈদৰ দিনৰ আগতেই আদায় কৰে তেনেহলে কোনো সমস্যা নাই।
৪০) ৰমজান মাহৰ কোন তাৰিখৰ কদৰৰ ৰাতি উদয় হয়?
উত্তৰ:- ইয়াৰ কোনো নিৰ্দিষ্ট তাৰিখ পোৱা নাযায় কিন্তু এয়া ৰমজান মাহৰ শেষৰ ১০ দিনৰ অযুগ্ম সংখ্যাৰ তাৰিখৰ কোনো এটা তাৰিখত নিৰ্ধাৰিত। অৰ্থাৎ ৰমজান মাহৰ ২১,২৩,২৫,২৭,২৯ যিকোনো এটা ৰাতিত নিৰ্ধাৰিত কৰা হৈছে।
৪১) চন্দ্ৰদেখা কমিটিৰ ঘোষণা অনুযায়ী ৰোজা ও ঈদ কৰা যাব নেকি?
উত্তৰ:- ২৯ শ্বাবান বা ৰমজানত যদি আকাশ পৰিস্কাৰ না থাকে তেন্তে নিম্নলিখিত চর্তানুযায়ী চন্দ্ৰ দেখা কমিটিৰ ঘোষণা অনুযায়ী ৰোজা ৰখা, ঈদ কৰা যাব।
- এক:- ঘোষণাৰ দিনটো এনে হব নোৱাৰিৱ যাত মাহৰ হিচাপ ২৮ দিনৰ বা ৩১ দিনৰ হয়।
*দুই:- চন্দ্ৰ দেখা কমিটিৰ সদস্যদৰ প্রত্যেকেই আলিম হব লাগিব।
৪২) মুছলমানসকলে ৰমজান মাহৰ চন্দ্ৰৰ খোজ কেতিয়া ল’ব?
উত্তৰ:- মুছলমানসকলে শ্বাবান মাহৰ ২৯ তাৰিখত ৰমজান মাহৰ চন্দ্ৰ বিচাৰি ওলাব যদি চন্দ্ৰ উদয় হয় তেন্তে তেওঁলোকে আগন্তুক দিনত ৰোজা ৰাখিব।
৪৩) শ্বাবান মাহৰ ২৯ তাৰিখত যদি মেঘে আৱৰি থাকে তেতিয়া কি কৰিব?
উত্তৰ:- শ্বাবান মাহৰ ৩০ দিন পূৰ কৰিব আৰু তাৰ পিছৰ দিনা চন্দ্ৰ মেঘৰ কাৰণে দেখা নিদিলেও ৰোজা ৰখা আৰম্ভ কৰিব
৪৪) ৰোজা ৰাখি ভূলতে পানাহাৰ কৰিলে ৰোজা ভাঙিব নে?
উত্তৰ:- নাভাঙে।
৪৫) ৰোজা ৰাখি তেল,আতৰ বা ছুৰমা লগালে ৰোজা নাভাঙে?
উত্তৰ:- নাভাঙে।
৪৬)ৰোজাৰ ফিদইয়া কি?
উত্তৰ:- ফিদইয়া অর্থ ক্ষতিপূৰণ।
ৰোজা ৰাখিব নোৱাৰিলে বা কাজা আদায় কৰিব নোৱাৰিলে যি ক্ষতিপূৰণ দিয়া হয় তাকে ফিদইয়া বুলে।
৪৭) ৰোজাৰ ফিদইয়া কেতিয়া ওয়াজিব হব?
উত্তৰ:- যি সকলৰ ৰোজা ৰখাৰ সমর্থ নাই আৰু পৰৱর্তী সময়তো কাজা কৰাৰ কোনো সম্ভাবনা নাই , এনে ব্যক্তি ৰোজাৰ পৰিবর্তত ফিদইয়া প্রদান কৰিব ।
৪৮)এটা ৰোজাৰ কাৰণে কমান বাৰ ফিদইয়া ফৰজ হয়?
উত্তৰ:- এবাৰ।
৪৯) ফিদইয়াৰ পৰিমাণ কিমান?
উত্তৰ:- ছদকাতুল ফিতৰ সমতুল্য পৰিমাণ অৰ্থাৎ এক ছা(২কেজি ৪৭ গ্ৰাম) খেজুৰ বা যব অথবা খিচমিচত কিংবা আধা ছা(১কেজি ২৩.৫ গ্ৰাম) ঘেঁহু।
৫০)শ্ববে কদৰৰ ফজিলত কি?
উত্তৰ:- শ্ববে কদৰ হৈছে ১০০০ ৰাতি তকৈও উত্তম।এই ৰাতিত সকলো ফেৰিস্তা পৃথিৱীত নাজিল হয়।