মুশ্বাৰফ আলী


পৱিত্ৰ কোৰআন বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা সৰ্বশক্তিমান আল্লাহ তাআলাই অৱতিৰ্ণ কৰা ঐশ্বৰীক গ্ৰণ্ঠ । আল্লাহে মানৱ জাতীক এই পৃথীৱিলৈ পঠিয়াই অন্ধকাৰত এৰি দিয়া নাই ,বৰং তেওঁলোকে কেনেদৰে জীৱন-যাপন কৰিব ,কি বিধি-বিধান মানিব ,কোন পথত চলিলে এই দুনিয়াত শান্তি আৰু পৰকালত মুক্তি লাভ কৰিব ,তাকে তেওঁলোকক জনাই দিয়াৰ বাবে যুগে যুগে পথ নিৰ্দেশনা দি আহিছে । মানৱৰ পৰাই বিশেষ ব্যক্তিক নিৰ্বাচিত কৰি তেওঁলোকৰ দ্বাৰা সেই পথ নিৰ্দেশনাসমূহ প্ৰচাৰ কৰাইছে।
ইছলামী পৰিভাষাত সেই বিশেষ ব্যক্তিসকলক নবী-ৰছুল বুলি কোৱা হয়।প্ৰায় এক লাখ ২৪ হাজাৰ নবী-ৰছুলৰ দ্বাৰা আল্লাহে সেই পথ নিৰ্দেশনা সমূহ সময়ে সময়ে প্ৰচাৰ কৰাইছে ।সেই নবী-ৰছুলসকলৰ ভিতৰত চাৰি গৰাকী নবীৰ ওপৰত চাৰিখন গ্ৰন্থ অৱতীৰ্ণ হয়। সেই চাৰিগৰাকী নবী আছিল হজৰত দাউদ (আঃ),হজৰত মুছা (আঃ). হজৰত ইছা (আঃ) আৰু হজৰত মোহাম্মদ (ছাঃ) ।বাইবেলত হজৰত দাউদ (আঃ) ক ডেভিদ হজৰত মুছা (আঃ)ক মোচাছ আৰু হজৰত ইছা (আঃ) ক যেছাছ (যীছু) নামেৰে উল্লেখ কৰা হৈছে । হজৰত দাউদ (আঃ) ৰ ওপৰত জবুৰ ,হজৰত মুছা (আঃ) ৰ ওপৰত তৌৰাত আৰু হজৰত ইছা (আঃ) ৰ ওপৰত ইজ্ঞিল অৱতীৰ্ণ হৈছিল আৰু সৰ্বশেষ নবী হজৰত মোহাম্মদ (ছঃ) ৰ ওপৰত সৰ্বশেষ গ্ৰন্থৰূপে আল কোৰআন অৱতীৰ্ণ হৈছিল।
উল্লেখ্য যে এই কোৰআনৰ পূৰ্বে গ্ৰন্থ আকাৰে অৱতীৰ্ণ হোৱা উক্ত তিনিওখন গ্ৰন্থক সেই যুগৰ লোকসকলে বিকৃত কৰিছিল। সেই যুগৰ ধৰ্মীয় গুৰু আৰু পুৰোহিতসকলে নিজৰ স্বাৰ্থৰ বাবে গ্ৰন্থবোৰৰ ভুল বাখ্যা কৰিছিল ।সেই গ্ৰন্থবোৰৰ বহু কখা গোপন কৰি তাৰ ঠাইত মনে সজা কথা সুমুৱাই আল্লাহৰ কথা বুলি প্ৰচাৰ কৰিছিল ।বৈধক অবৈধ আৰু অবৈধক বৈধ কৰিছিল।নিজৰ স্বাৰ্থ সিদ্বিৰ উদ্দেশ্য ধৰ্মীয় পণ্ডিত আৰু পুৰোহিতসকলে গ্ৰন্থবোৰ বিকৃত কৰা এনে নিকৃষ্ট কৰ্মৰ বাবে সাধাৰণ জনগণ প্ৰকৃত ঐশৰীক বিধি-বিধান তথা নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত সন্দেহ,বিভ্ৰান্তি তথা বিমোৰত পৰিছিল ।সেয়েহে আল্লাহ তালাই এনে বিভ্ৰান্তিৰ পৰা জনগণক সঠিক ঐশী পথ-নিৰ্দেশনা দিয়াৰ বাবে আল কোৰআন অৱতীৰ্ণ কৰে।
এই আল কোৰআন অৱতীৰ্ণ কৰি আল্লাহে মানৱ জাতিক সকীয়াই দি কৈছে যে পূৰ্বৰ ধৰ্মগ্ৰন্থবোৰৰ দৰে এই আল কোৰআনক কোনেও বিকৃত কৰিব নোৱাৰিব। পৃথিৱীৰ অস্তিত্ব থকালৈ অৰ্থাত মহাপ্ৰলয়ৰ দিনলৈকেএই কোৰআনৰ এটা আখৰো কোনেও ৰদবদল কৰিব নোৱাৰিব ।আৰু তেনে কৰাৰ দৰকাৰে নপৰিব ।নিঃসন্দেহে মানৱ জাতিক এই আল কোৰআনক সঠিক পথৰ নিৰ্দেশনা হিচাপে আঁকোৱালি লবলৈ আহ্বান কৰিছে ।পৱিত্ৰ কোৰআনত এই কথাবোৰ এনেদৰে উল্লেখ কৰা হৈছে –নিশ্চয় আমি এই জিকিৰ (উপদেশ বাণী অৰ্থাত আল- কোৰআন) অৱতীৰ্ণ কৰিছো আৰু আমিয়েই ইয়াক সংৰক্ষণ কৰিম।

Show CommentsClose Comments

Leave a comment