লেখক : জেহেৰুল ভূঞা

প্ৰত্যক বছৰত ৫ ছেপ্টেম্বৰৰ দিনা আমি শিক্ষক দিৱস পালন কৰোঁ। এই দিনত ছাত্ৰসকলে তেওলোঁকৰ শিক্ষক সকলক অন্তৰৰ গভীৰতাৰ পৰা কৃতজ্ঞতা জনায়। গোটেই বছৰ পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকক সৰু-ডাঙৰ উপহাৰ দি ছাত্ৰসকলে শ্ৰদ্ধা- ভক্তি কৰে।এই দিনটো ছাত্ৰৰ মনত শিক্ষকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলাৰ অৰিহনা জগায়, ফলত ছাত্র -শিক্ষকৰ নতুন কাহিনীৰ জন্ম হয়।
১৯৬২ চনত এই দিৱস প্ৰথমবাৰৰ বাবে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণৰ নিৰ্দেশনত পালন কৰা হৈছিল। ছাত্ৰসকলে তেওঁৰ জন্ম দিন পালন কৰাৰ অনুমতি ল’বলৈ অহাত তেওঁ এই দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল যাৰ ফলত ভাৰতত আজিও সেই দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ছাত্ৰই হৈছে শিক্ষকৰ জীৱন, এয়া ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণৰ অসাধাৰন মানৱতাই বিস্তাৰিত কৰিছে।
১৮৮৮ চনৰ এই দিনত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল। তেখেত আমাৰ ভাৰত বৰ্ষৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি (১৯৫২-১৯৬২) আৰু দ্বীতিয় ৰাষ্ট্ৰপতি (১৯৬২-১৯৬৭) আছিল। তেওঁৰ জন্ম অন্ধ্ৰ প্ৰদেশৰ তিৰুত্তানি নামৰ গাৱত, এটা ব্ৰাহমিন পৰিয়ালত হৈছিল। তেওঁ আছিল এজন অসন্জ্ঞাতি (incredible) ছাত্ৰ, আদৰ্শ শিক্ষক, মহা পণ্ডিত আৰু দাৰ্শনিক।

Show CommentsClose Comments

Leave a comment