লেখক: আনোৱাৰ হুছেইন

৫ ছেপ্টেম্বৰ দিনটোৰ কথা শুনিলেই , সমগ্ৰ ভাৰতবাসীৰ মনলৈ এজন বিশ্ব বিখ্যাত দাৰ্শনিক, মহান শিক্ষক তথা ‘’ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণণ’’ ৰ কথা মনলৈ আহে। অৰ্থাৎ এইজন মহান ব্যক্তিৰ জন্ম দিনটোতে সমগ্ৰ ভাৰত বৰ্ষতে শিক্ষক দিৱস, হিচাপে পালন কৰা হয়।
আমাৰ দেশ ভাৰতবৰ্ষত অন্যৰ নিমিত্তে, শিক্ষক বা গুৰু বোলা জাতিতোক বহুত বেছি মৰ্যদা দিয়া হয়। কিয়নো সমগ্ৰ দেশবাসীয়ে বিশ্বাস কৰে যে, যদি আমাৰ দেশ ভাৰতবৰ্ষ এখন উন্নত দেশ তথা সু- ৰাষ্ট্ৰ হিচাপে পৰিগণিত হব লাগে, তেতিয়া হলে আমাৰ দেশৰ ছাত্ৰ সকলে ভাল শিক্ষা লাভ কৰিব লাগিব, আৰু ছাত্র সকলে ভাল শিক্ষা পাবলৈ হলে এটা ভাল শিক্ষক জাতিৰ প্ৰয়োজন। আৰু দেশবাসীয়ে এইটো কথাও বিশ্বাস কৰে যে ছাত্ৰ সকল হৈছে দেশৰ ভবিষ্ষ্যত সেয়েহে আমাৰ দেশ খন ভবিষ্ষ্যতত উন্নত হবলৈ হলে, ছাত্ৰ সকলে শিক্ষক জাতিটোৰ পৰা অধিক জ্ঞ্যান আৰু মূল্যবান শিক্ষা অৰ্জন কৰিব লাগিব।
এটি মহাৎলোকৰ বাণী ‘’শিক্ষক সকল হৈছে এডাল মম বাটিৰ নিচিনা যিয়ে নিজে জ্বলি আনক পোহৰ বিলাই ” অৰ্থাৎ যিজনে অত্যন্ত কষ্ট কৰি নিজৰ শিক্ষা ছাত্ৰ সকলৰ মাজত বিস্তাৰ কৰি ছাত্ৰ সকলক উজলাই তোলে।
ঠিক এনে কষ্টকৰ শিক্ষক সকলক উৎসাহ দিবলৈ, আৰু আমাৰ দেশৰ ছাত্ৰ সকলৰ মাজতো উৎসাহ-উদ্দিপনা যোগাবলৈ আৰু যিসকল শিক্ষকে এই মনোমোহা পৃথিৱীখনৰ পৰা আতৰি, আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছে, সেই শিক্ষক সকলক শ্ৰদ্ধাজ্ঞলি জনাবলৈও গোটেই দেশবাসীয়ে “ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ” ৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰে।

Show CommentsClose Comments

Leave a comment