নামঃ শাহিনুৰ আলম
و أحسن منك لم تر قط عيني
وأجمل منك لم تلد النساء
خلقت مبرأ من كل عيب
كأنك قد خلقت كما تشاء
( হজৰত হাচ্ছান বিন ছাবিত ৰাঃ)
পূথিৱীৰ ভুকুত যেতিয়াই ধৰ্মৰ গ্লানি হৈছে , অধৰ্মৰ প্ৰাদুভাৱ বাঢ়িছে তেতিয়াই মানৱ জাতিক সঠিক পথৰ সন্ধান দিবৰ কাৰণে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তা মহান আল্লাহ তায়ালাই একে-একোজন উদ্ধাৰ কাৰী পঠাইছে।হয়, ঠিক সেই সময়তেই নবী (ছঃ)ক বিশ্ব জগতলৈ প্ৰেৰণ কৰা হৈছিল যেতিয়া পৃথিৱীত শাসন আছিল ঠিকেই কিন্তু কোনো শৃংখলা নাছিল। নাছিল কোনো নিয়ম-কানুন। মহিলাৰ বাবে থকা তেওঁলোকৰ কু ব্য়ৱহাৰ এনে এক চৰম পৰ্যায়লৈ গৈ পাইছিল যত তেওঁলোকক কেতিয়াওঁ মানুহ বুলি গণ্য় কৰা হোৱা নাছিল। আনকি কণ্য় সন্তানসকলোক জীৱন্ত পুতি পেলোৱা হৈছিল। তেওঁৰ আগমণক কেন্দ্ৰ কৰি কোৰআনত কোৱা হৈছেঃوما أرسلناك إلا رحمة للعالمين
অৰ্থাৎ আমি তেওঁক গোটেই বিশ্ববাসীৰ বাবে এটি ৰহমত হিচাপে প্ৰেৰণ কৰিছো। ডেকা কালতেই হজৰত মোহাম্মদ(ছাঃ) ৰ অমায়িক ভাৱ, মিঠা মাত আৰু সত্যবাদিতাৰ গুণত আৰব বাসী সকলে মুগ্ধ হৈছিল।৫৮৮ খ্ৰীষ্টাব্দত আৰবৰ ফৈদবোৰৰ মাজত হাৰবে ফোজ্জাৰ নামেৰে গৃহযুদ্ধ আৰম্ভ হৈছিল। আৰু এই যুদ্ধ পাচ বছৰলৈ চলিছিল। এই যুদ্ধত হাজাৰ হাজাৰ পুৰুষ মহিলাই প্ৰাণ দিব লগা হৈছিল। তেতিয়াই নবী(ছঃ) নবুয়ত প্ৰাপ্তী হোৱাৰ আগতেই এই যুদ্ধ ক্ষেত্ৰৰ কৰুণ আৰু ভয়াবহ দৃশ্য দেখি অন্তৰ হাহাকাৰ কৰি উঠিছিল। সেয়েহে যুদ্ধ সমাপ্তিৰ পিছত তেখেতে কিছুমান উৎসাহী যুৱকক একগোট কৰি হিলফুল ফুজুল নামৰ স্বেচ্ছাসেৱক দল গঠন কৰি মানৱ সেৱাৰ কামত আত্মনিয়োগ কৰছিল।
সত্যবাদিতা, জন কল্যাণ , মহত্ব আৰু অমায়িক ব্যৱহাৰত মুগ্ধ হৈ আৰব বাসীয়ে হজৰত মুহাম্মদ(ছাঃ) আল আমিন (AL-AMIN) অৰ্থাৎঅতি বিশ্বাসী উপাধি প্ৰদান কৰিছিল। আল্লাহ পাকে কোৰআনত কৈছে”( لقد كان لكم في رسول الله اسوة حسنة ) অৰ্থাৎ নিশ্চয় তোমালোকৰ কাৰণে ৰছুলুল্লাহ (ছঃ)ৰ জীৱনত নিহিত হৈ আছে সৰ্বত্তোম আদৰ্শ। সেয়েহে বিশ্বনবী(ছঃ) ৰ জীৱন চৰিতেই পূৰ্ণাংগ দ্বীনৰ নমুনা।অত্যাচাৰত টিকিব নোৱাৰি ধৰ্ম ৰক্ষাৰ বাৱে স্বদেশ এৰি মদিনালৈ হিজৰত কৰিবলগা হৈছিল। তেওঁলোকৰ আত্মীয় স্বজন আৰু মাতৃভূমি এৰি থাকিব লগীয়া হৈছিল। বিশ্বনবী (ছঃ)য়ে মদিনাৰ গোত্ৰবোৰৰ মাজত বিবাদ দূৰ কৰি তাত শান্তি শৃংখলা প্ৰতিষ্ঠাৰে ঐক্য সমপ্ৰতি অটুট ৰখাৰ উদ্দেশ্যৰে এটা চুক্তি বা চনদ সম্পাদিত কৰিছিল।
মুঠতে নবী(ছঃ) আহিছিল গোটেই বিশ্ব জগতৰ প্ৰাণ কৰ্তা হিচাপে। তেওঁৰ আদৰ্শ সকলোক মোহিত কৰিছিল।তেওঁ আছিল এক আদৰ্শ ৰাষ্ট্ৰ পিতা, আদৰ্শ ৰাজনৈতিক খনিকৰ, আদৰ্শ চিন্তাবিধ, এক আদৰ্শ দেউতা আৰু এক আদৰ্শ স্বামী। আচলতে কোনোবাই যদি ৰাজনীতিক নেতা হয় তেন্তে তেওঁ চিন্তা বিধ নহয়। আৰু এগৰাকী ভাল চিন্তাবিধ হলে এজন ভাল ৰাজনীতিক নেতা হব নোৱাৰে । কিন্তু তেওঁৰ ক্ষেত্ৰত সকলো প্ৰযোজ্য আছিল। আৰব দেশৰ নিচিনা যত বিভিন্ন জাতি- উপজাতি অশিক্ষিত বেদুইন যিসকলৰ মাজত দন্ধ আৰু যুদ্ধৰে সদায় দেশখন অশান্তি কৰি ৰাখিছিল, যত কু-সংস্কাৰ আৰু অন্ধমূলক বিশ্বাসেৰে ভৰি পৰি আছিল । নবী(ছঃ)সিহঁতৰ মাজত প্ৰৱেশ কৰি এটি শক্তিশালি আৰু সুন্দৰ জাতিলৈ পৰিবৰ্তন কৰিছিল।
বিভিন্ন বিখ্য়ত ৰাজনীতিবিদ আৰু চিন্তাবিধসকল ক্ৰমে নেপোলিয়ান বনাপাৰ্ট, জৰ্জ বাৰ্নাড শ্ব, মাৰ্টিন, মহাত্মা গান্ধী ইত্য়াদি অসংখ্য়ক লোকে তেওঁক প্ৰশংসা কৰি গৈছে। তেওঁ কেতিয়াওঁ কাৰো লগত অন্য়ায় কৰা নাছিল। যাক স্বয়ং আল্লাহ তায়ালাই মানমৰ্জদা দিছে তাক হেনো কোনো পেৰিছৰ কাৰ্টুনিষ্টে অথবা দুই এজন নুপূৰ শৰ্মা নাইবা ছালমান ৰুশ্বডিয়ে কেতিয়াওঁ লীন কৰিব নোৱাৰে। কোনোবা এজন মানুহে তেওঁৰ বিৰুদ্ধে কিবা মন্তব্য় কৰিলে কোটি-কোটি জনতাই
we love Muhammad (pbuh) বুলি কৈ স্বতঃফ্ৰত বাবে ওলাই আহিব।