লেখকঃ শাহিনুৰ আলম মহান আল্লাহে আমাৰ কাৰণে ৪টা মাহ যেনে- যিলকদ, জিলহজ্ব, মুহাৰ্ৰম আৰু ৰজবক হাৰাম তথা সন্মানিত মাহ কৰিছে। আল্লাহে কৈছে, -নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা বাৰটা। তাৰে মাজত চাৰিটা মাহ নিষিদ্ধ, এইটোৱে প্ৰতিষ্ঠিত দ্বীন। এতেকে ইয়াৰ মাজত তোমালোকে নিজৰ প্ৰতি জুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে…