লেখকঃআনাৰ আলী ইমাম মালিক (ৰাঃ) ৰ গুন আমি কেতিয়াও কলম আৰু ভাষাত প্ৰকাশ কৰিব নোৱাৰো।তেখেত দ্বীনৰ প্ৰতি ব্যাপক সন্মান প্ৰদৰ্শন কৰিছিল। আনকি যেতিয়া হাদিছ বৰ্ণিত কৰিছিল,তেতিয়া প্ৰথমত অজু কৰি লৈছিল।তাৰপিছত বিছনাত বহি দাড়ি ফনি কৰিছিল,সুগন্ধি ব্যৱহাৰ কৰিছিল,তাৰপিছত ভক্তি সহকাৰে হাদীছ বৰ্ণিত কৰিছিল।মানুহে তেখেত এনেকুৱা কৰাৰ কাৰণ সুধাত তেখেত কৈছিল-মই ৰাছুল (ছাঃ)ৰ হাদিছৰ সন্মান কৰিব বিচাৰো।ইমাম মালিক(ৰাঃ)ৰ শিক্ষাৰ মূল উদ্দেশ্য আছিল আল্লাহৰ সন্তুষ্টতা…