Where Faith Leads to Fulfillment.

Muslim Influencers of Assam

Fakhruddin Ali Ahmed (ফখৰুদ্দিন আলি আহমেদ)

Fakhruddin Ali Ahmed was born on 13th May 1905 in Delhi, though his ancestral home was in Nagaon, Assam. His father, Zalnur Ali Ahmed , was a physician and politician. Fakhruddin earned a law degree from the University of Cambridge and returned to India to practice as a lawyer. In 1952 , he was elected to the Lok Sabha and later served as a Cabinet Minister in Indira Gandhi’s government .
In 1974 , Fakhruddin Ali Ahmed was elected as the fifth President of India . His tenure witnessed the controversial declaration of the Emergency (1975–77). He passed away due to a cardiac arrest while still in office in 1977 . As a distinguished son of Assam, Fakhruddin Ali Ahmed left an indelible mark on Indian politics.

ফখৰুদ্দিন আলি আহমেদৰ জন্ম হৈছিল ১৯০৫ চনৰ ১৩ মে’ত দিল্লীত, যদিও তেওঁৰ পৰিয়ালৰ মূল ঘৰ আছিল অসমৰ নগাঁৱত। তেওঁৰ পিতৃ জালনুৰ আলি আহমেদ এজন ডাক্তৰ আৰু ৰাজনীতিবিদ আছিল। ফখৰুদ্দিনে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰি ভাৰতলৈ উভতি আহি ওকালতি আৰম্ভ কৰিছিল। ১৯৫২ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে কাম কৰিছিল।
১৯৭৪ চনত ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ কাৰ্যকালত ভাৰতত জৰুৰীকালীন অৱস্থা (ইমাৰজেন্সী) ঘোষণা কৰা হৈছিল, যিটো বিতৰ্কিত আছিল। ১৯৭৭ চনত ৰাষ্ট্ৰপতি থাকোঁতেই তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। অসমৰ এই সন্তানে ভাৰতীয় ৰাজনীতিত এক উল্লেখযোগ্য স্থান দখল কৰিছিল।

Sir Syed Sadullah (ছাৰ চৈয়দ ছদুল্লাহ)

Sir Syed Sadullah was born on 21st December 1899 in Golaghat, Assam . His father was Syed Muhammad Sadullah, and his mother was Noorjahan Begum. After graduating in law from the University of Calcutta , he began his legal practice in Golaghat in 1928 . Sir Syed Muhammad Sadullah was the first Prime Minister of Assam (then a province in British India ), serving from 1937 to 1946 . He began his political career with the All India Muslim League but later joined the Indian National Congress. He was elected to the Assam Legislative Assembly in 1937 and became Assam’s first Chief Minister in 1946. He played a pivotal role in advancing education, agriculture, and administrative reforms in the state.
Though a devout Muslim, Sir Syed Sadullah always upheld secular values . He passed away in 1959 , but his contributions continued to shape Assam’s progress. His life and work left a profound impact on Assamese society.

চাৰ চৈয়দ ছদুল্লাহৰ জন্ম হৈছিল ১৮৯৯ চনৰ ২১ ডিচেম্বৰত অসমৰ গোলাঘাট জিলাত। তেওঁৰ পিতৃ চৈয়দ মোহাম্মদ ছাদুল্লাহ আৰু মাতৃ নূৰজাহান বেগম আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰি ১৯২৮ চনত গোলাঘাটত ওকালতি আৰম্ভ কৰিছিল। ছাৰ চৈয়দ মহম্মদ ছদুল্লাহ আছিল অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী (তেতিয়া ব্ৰিটিছ ভাৰতৰ এখন ৰাজ্য ), যিয়ে ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অল ইণ্ডিয়া মুছলিম লীগৰ সৈতে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল যদিও পিছলৈ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। ১৯৩৭ চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু ১৯৪৬ চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। তেওঁ অসমৰ শিক্ষা, কৃষি আৰু প্ৰশাসনিক বিকাশত গুৰুত্ব দিছিল।
চাৰ চৈয়দ ছদুল্লাহ এজন ধৰ্মনিষ্ঠ মুছলমান আছিল যদিও তেওঁ সদায় ধৰ্মনিৰপেক্ষ নীতি অনুসৰণ কৰিছিল। ১৯৫৯ চনত তেওঁৰ মৃত্যু হয়, কিন্তু তেওঁৰ উন্নয়নমূলক কামসমূহে অসমক আগুৱাই নিছিল। তেওঁৰ জীৱন আৰু কৰ্মই অসমীয়া সমাজত এক গভীৰ প্ৰভাৱ পেলাইছিল।

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

Most popular

Most discussed