Where Faith Leads to Fulfillment.

ৰমজান মাহৰ উপকাৰিতাঃ

লেখক : শাহিনুৰ আলম

ৰমজান মাহ ইছলাম ধৰ্মৰ এজন মু’মিনৰ জীৱনত আধ্যাত্মিকতা, আত্মসংযম আৰু তাক্বৱা অৰ্জনৰ অন্যতম সময়। এই মাহত এজন ব্যক্তি কেনেকৈ জীৱন যাপন কৰিব লাগে, তাক শিকিব পাৰে। ৰোজাই শুদ্ধচিত্ততা, ধৈৰ্য আৰু আত্মশুদ্ধিৰ প্ৰশিক্ষণ দিয়ে।

১) আল্লাহৰ প্ৰতি ভয় আৰু তাক্বৱাঃ ৰোজাই আল্লাহৰ প্ৰতি ভয় তথা তাক্বৱা অৰ্জনত সহায় কৰে। এজন ৰোজাদাৰে জানে যে, আল্লাহে সকলো দেখে আৰু শুনে, গতিকে তেওঁ কোনো ছল-চাতুৰীৰ আশ্ৰয় নলয়। এই ৰোজাৰ দ্বাৰাই আল্লাহৰ নিৰ্দেশ পালনৰ অভ্যাস গঢ়ি উঠে আৰু এজন ব্যক্তি নিজক পাপকাণ্ডৰ পৰা দূৰ ৰাখিব পাৰে।

২) নিয়মানুৱৰ্তিতা আৰু দৃঢ়তা অৰ্জনঃ জীৱনত সফল হ’বলৈ দৃঢ়তা আৰু নিয়মানুৱৰ্তিতা অতি প্ৰয়োজনীয়। ৰোজাদাৰে দিনৰ নিৰ্দিষ্ট সময়ত আহাৰ ত্যাগ কৰে, যাৱতীয় পাপৰ পৰা আঁতৰি থাকে, নামাজ আৰু অন্যান্য এবাদত নিয়মীয়াকৈ সম্পাদন কৰে। এই নিয়মানুবৰ্তিতা ব্যক্তি জীৱনত সঠিক পথত চলিবলৈ সহায় কৰে।

৩) ভ্ৰাতৃত্ববোধ আৰু একতা সৃষ্টি: ৰোজা ব্যক্তিগত এবাদত যদিও, ইয়াৰ আনুষংগিক বহুতো কাৰ্য সন্মিলিতভাৱে পালন কৰিব লগীয়া হয়। তাৰাৱীহ নামাজ, ইফতাৰ, শ্বাহৰী আদি সমাজিক একতাৰ প্ৰবল নিদৰ্শন। রাসুল (ছাঃ) কোৱা মতে, “যিজনে কোনো ৰোজাদাৰক ইফতাৰ খুৱায়, তেওঁও একেই সৱাব লাভ কৰে।” (তিরমিজী) এইদৰে, ৰোজাই সমাজত মিলা-প্ৰীতিৰ বীজ ৰোপণ কৰে।

৪) পাপ আৰু অপৰাধৰ পৰা আত্মৰক্ষাঃ মানুহ পাপকর্মত আকৃষ্ট হয় মূলত দুটা কাৰণত – জিভা আৰু যৌনস্পৃহা। ৰোজাই এই দুয়োটা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশিক্ষণ দিয়ে। যুৱক-যুৱতীসকলে যাতে ব্যভিচাৰ আৰু অনৈতিক আচৰণৰ পৰা ৰক্ষা পাব পাৰে, তাৰ বাবে ৰোজা এক ঢালৰ দৰে কাম কৰে।

৫) দুখীয়াৰ প্ৰতি সহানুভূতিশীলতাঃ ৰোজাই সমাজৰ ধনীশ্ৰেণীৰ লোকসকলক দুখীয়াৰ দুখ-কষ্ট অনুভৱ কৰিবলৈ প্ৰেৰণা যোগায়। এদিন উপবাসে মানুহক অনাহাৰৰ ব্যথা অনুভৱ কৰিবলৈ সহায় কৰে, যাৰ ফলত সমাজত দান-সদকা আৰু সহানুভূতির মানসিকতা বৃদ্ধি পায়। ইছলামে এই মাহত গাইপতি ফিতৰা আদায়ৰ নিৰ্দেশ দিছে, যাতে দুখীয়াই আনন্দে ঈদ উদযাপন কৰিব পাৰে।

ৰমজান মাহ বছৰৰ ভিতৰত এটি বিশেষ সময়, যি আত্মশুদ্ধি, তাক্বৱা, ভ্ৰাতৃত্ব আৰু সহানুভূতিৰ দ্বাৰা মানুহক এক উত্তম জীৱনৰ দিশে ধৰি ৰাখে। এই মাহত ব্যক্তিৰ জীৱন চলন সঠিক পথে চলিবলৈ অভ্যাস গঢ়ি উঠে, যিয়ে ইহকাল আৰু পৰকালৰ বাবে কল্যাণজনক।

Editor One

Add comment

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

Most popular

Most discussed