লেখক: শাহিনুৰ আলম

১৯৪৭ চনৰ ১৫ আগষ্ট, ঐতিহাসিক এই দিনত ভাৰতীয় পতাকা প্ৰথমবাৰৰ বাবে স্বাধীন আকাশত উৰিল। কোটি কোটি লোকৰ ত্যাগ, সাহস আৰু অটল সংকল্পেৰে গঢ়ি উঠা সেই মুহূৰ্ত আছিল ইতিহাসৰ এক গৌৰৱৰ অধ্যায়। স্বাধীনতা কেৱল বিদেশী শাসনৰ অন্ত নহয় — ই আছিল ন্যায়, সমতা আৰু সন্মানৰ এক নতুন আৰম্ভণি। কিন্তু আজিৰ দিনত, স্বাধীনতাৰ ৭৯ বছৰ পিছতো এক গভীৰ প্ৰশ্নৰ উত্থাপন হয় — আমি সঁচাকৈ মুক্ত নে?
অপূৰ্ণ প্ৰতিশ্ৰুতি আৰু সামাজিক বাস্তৱতা স্বাধীনতা লাভৰ পিছত আশা কৰা হৈছিল যে ভাৰত দাৰিদ্ৰ্যৰ শৃঙ্খল ভাঙিব, শিক্ষাৰ সুযোগ বৃদ্ধি পাব, নিবনুৱাৰ হাৰ হ্ৰাস পাব আৰু ৰাজনীতিত স্বচ্ছতা আহিব। কিন্তু বাস্তৱতা সেই প্ৰতিশ্ৰুতিৰ পৰা বহুত দূৰ। কোটি কোটি লোক এতিয়াও দৰিদ্ৰসীমাৰ তলত জীৱন কটাইছে।
গ্ল’বেল হাঙাৰ ইনডেক্স (global hunger index) ২০২৪-ত ভাৰতৰ স্থান উদ্বেগজনক, বিশেষকৈ শিশু অপুষ্টি আৰু আহাৰ সঙ্কটৰ ক্ষেত্ৰত। ইয়াৰ লগতে, যুৱসমাজৰ বাবে বেকাৰত্ব এক দীৰ্ঘমেয়াদী যন্ত্ৰণা হৈ পৰিছে। বহু উচ্চশিক্ষিত যুৱক-যুৱতী যথাযথ চাকৰিৰ সুযোগ নাপায়, আৰু সুযোগৰ সন্ধানত বহুতে বিদেশলৈ প্ৰৱাস কৰে।
স্থানীয়ৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈ দুর্নীতিৰ বজাৰখনে গণতন্ত্ৰৰ ভেটি মজবুত কৰিবলৈ বাধা দিছে। লগতে, স্বাস্থ্যখণ্ডৰ অবহেলা, পৰিৱেশ প্ৰদূৰ্ষণ আৰু গ্ৰামাঞ্চলত মৌলিক সুবিধাৰ অভাৱেও সত্য স্বাধীনতাৰ পথত বাধা সৃষ্টি কৰিছে। বিশেষকৈ “চৰকাৰে প্ৰতিশ্ৰুতিৰ নামত জনতাক প্ৰৱঞ্চনা কৰিছে, নিৰ্মূল নহোৱা নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, কৃষকৰ কষ্ট আৰু সংখ্যালঘুৰ ওপৰত বৈষম্যই প্ৰমাণ কৰিছে যে চৰকাৰ জনসাধাৰণৰ বাবে সম্পূৰ্ণৰূপে বিফল।
পৰিচয় আৰু বিশ্বাসৰ সংকটবিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত নাগৰিকৰ সুৰক্ষা কেৱল আইনশৃঙ্খলাৰ বিষয় নহয় — সামাজিক বিশ্বাস আৰু সমঅধিকাৰৰ ক্ষেত্ৰতো এক গভীৰ সংকট আছে। যিকোনো স্বাধীন ৰাষ্ট্ৰত নাগৰিকে নিজৰ ধৰ্মীয় পৰিচয় প্ৰমাণ কৰিবলৈ বাধ্য নহ’ব লাগে। কিন্তু আজিও বহু ভাৰতীয় মুছলিমক ভাৰতীয় বুলি প্ৰমাণ দিবলৈ বাধ্য হ’ব লগা হৈছে। এই সন্দেহৰ বীজ প্ৰায়ে ৰাজনৈতিক স্বাৰ্থ আৰু সামাজিক বিভাজনৰ ফলত বাঢ়ি উঠিছে। ফলত, বহুজনৰ অন্তৰত এক স্থায়ী নিৰাপত্তাহীনতা গঢ়ি উঠিছে, যি গণতন্ত্ৰৰ কেতিয়াও মূল আদৰ্শ হব নোৱাৰে।স্বাধীনতা সংগ্রামত মুসলিমসকলৰ অবদান ভাৰতৰ স্বাধীনতা সংগ্রাম মুসলিমসকলৰ সাহস আৰু ত্যাগৰ কাহিনী অবিহনে অসম্পূৰ্ণ। মৌলানা আবুল কালাম আজাদৰ দূৰদৰ্শী নেতৃত্ব, খান আব্দুল গাফফাৰ খানৰ অহিংসা আৰু একতাৰ আহ্বান, ৰফি আহমেদ কিদৱাইৰ সমাজসেৱা — এই সকলো অবদান ভাৰতৰ স্বপ্ন গঢ়িবলৈ অনস্বীকাৰ্য। ১৮৫৭ চনৰ বিদ্ৰোহত বাহাদুৰ শ্বাহ জাফৰে প্ৰতিবাদৰ অনুপ্ৰেৰণা যোগাইছিল, আৰু খিলাফত আন্দোলনে গান্ধীৰ অসহযোগ আন্দোলনৰ সৈতে মিলি স্বাধীনতাৰ আন্দোলনক এক নতুন গতি প্ৰদান কৰিছিল।
এই ত্যাগ কেৱল মুছলিম সমাজৰ স্বাৰ্থৰ বাবে নহয়, বৰং এটা সংহত, অন্তৰ্ভুক্তিমূলক আৰু বৈচিত্র্যময় ভাৰতৰ বাবে হৈছিল। স্বাধীনতাৰ পাছৰ হতাশা স্বাধীনতাৰ পাছতো বহু মুছলিম সমাজে জীৱনযাত্ৰাত বৈষম্য আৰু সন্দেহৰ দৃষ্টি ভোগ কৰিছে। শিক্ষা আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বহু অঞ্চল পিছ পৰি আছে, আৰু কিছুমান ক্ষেত্ৰত মৌলিক অধিকাৰ লাভ কৰিবলৈও বাধাৰ সন্মুখীন হ’ব লগা হয়। যিসকলে স্বাধীনতাৰ বাবে নিজৰ জীৱন বিসৰ্গ কৰিছিল,সেইসকলৰ পৰৱৰ্তী প্ৰজন্মই আজিও নিজৰ ভাৰতীয়তা প্ৰমাণ কৰিবলৈ বাধ্য হোৱাটো এক তীব্ৰ বিদ্রূপ।সত্য স্বাধীনতাৰ নতুন পথ সত্য স্বাধীনতা মানে প্ৰত্যেক নাগৰিকে ধৰ্ম, ভাষা, জাতি বা লিংগ নির্বিশেষে সন্মান, সুৰক্ষা আৰু সমান অধিকাৰ লাভ কৰা। আজিৰ সংগ্ৰাম বিদেশী শাসকৰ বিৰুদ্ধে নহয় — আজিৰ সংগ্ৰাম হৈছে দৰিদ্ৰ্যতা, দুর্নীতি, নিবনুৱা, বৈষম্য আৰু ঘৃণাৰ বিৰুদ্ধে। আমাৰ সকলোতকৈ ডাঙৰ দায়িত্ব হ’ল সামাজিক ঐক্য বজাই ৰখা, সংবিধানৰ আদৰ্শৰ প্ৰতি আস্থা ৰখা আৰু সকলোৰে বাবে সমান সুযোগ নিশ্চিত কৰা।
স্বাধীনতা সংগ্রামীসকলৰ স্বপ্ন আছিল এখন সংহত আৰু শান্তিপূর্ণ ভাৰত — য’ত ত্ৰিৱৰ্ণ পতাকাই কাকো ধৰ্মৰ প্ৰশ্ন নকৰে, আৰু সংবিধানে সমতা প্ৰদান কৰোঁতে কাকো পৃষ্ঠপ্ৰদৰ্শন নকৰে। গতিকে, সময় আহিছে — ভাৰতক এনে এক ৰাষ্ট্ৰ ৰূপে গঢ়ি তোলাৰ, য’ত সকলো নাগৰিকেই, জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিষেয়ে সমান অধিকাৰ আৰু সন্মান লাভ কৰে। তেতিয়াহে ৭৯ বছৰৰ স্বাধীনতাৰ গৌৰৱ সত্য অৰ্থত পূৰ্ণ হ’ব।
Refrences: 1)India: Freedom in the World 2025 Country Report” by fredom house. 2)Role of Muslim leadership in the freedom of our country by times of India. 3)Unsung Muslim Heroes and Heroines of India’s Independence” by islamonweb





Add comment